অসম

assam

COVID-১৯ : ৱেষ্ট ইণ্ডিজ ক্ৰিকেট দলৰ ইংলেণ্ড ভ্ৰমণসূচী স্থগিত

By

Published : Apr 25, 2020, 3:49 PM IST

বিশ্বজুৰি চলি থকা কৰ'ণা ভাইৰাছ মহামাৰীৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখিয়ে স্থগিত কৰা হ'ল ৱেষ্ট ইণ্ডিজ ক্ৰিকেট দলৰ ইংলেণ্ড ভ্ৰমণসূচী ।

westindies postpone three test tour of england due to corona pandemic
westindies postpone three test tour of england due to corona pandemic

স্পৰ্টছ ডেস্ক, ২৫ এপ্ৰিলঃ কৰ'ণা ভাইৰাছ বাবে ইংলেণ্ডত অনুষ্ঠিত হ'বলগীয়া টেষ্ট শৃংখলা স্থগিত । ইংলেণ্ডৰ বিৰুদ্ধে তিনি খন মেচৰ টেষ্ট শৃংখলাত অৱতীৰ্ণ হোৱাৰ কথা আছিল ৱেষ্ট ইণ্ডিজ ক্ৰিকেট দল ।

অ'ভেলত ৪ পৰা ৮ জুনলৈ প্ৰথমখন টেষ্ট মেচ,এড্জবেষ্টনত ১২ৰ পৰা ১৬ জুনলৈ আৰু ২৫ৰ পৰা ২৯ জুনলৈ লৰ্ডছ ষ্টেডিয়ামত তৃতীয়খন টেষ্ট মেচ অনুষ্ঠিত হ'বলগীয়া আছিল। কিন্তু বিশ্বজুৰি চলি থকা কৰ'ণা ভাইৰাছ মহামাৰীৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখিয়ে এই শৃংখলা স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

এই সন্দৰ্ভত ৱেষ্ট ইণ্ডিজ ক্ৰিকেট বৰ্ডৰ পৰা কোৱা হৈছে- জুনত এই শৃংখলা অনুষ্ঠিত কৰাটো সম্ভৱ নহয় । শৃংখলাৰ নতুন তাৰিখ তৈয়াৰ কৰাৰ বাবে আমি ইংলেণ্ড ক্ৰিকেট বৰ্ড আৰু অন্যান্য ক্ৰিকেট বৰ্ডৰ সৈতে আলোচনা কৰিম। ইংলেণ্ডলৈ তেতিয়া হে ভ্ৰমণ কৰা হ'ব যেতিয়া খেলুৱৈসকলে নিজকে সুৰক্ষিত অনুভৱ কৰিব পাৰিব ।

এই শৃংখলা স্থগিত ৰখাৰ কথা শুকুৰবাৰে ইংলেণ্ড ক্ৰিকেট বৰ্ডৰ দ্বাৰা ঘোষণা কৰা হয় । লগতে এক জুলাই পৰ্যন্ত ইংলেণ্ডত কোনো ধৰণৰ ক্ৰিকেট মেচ অনুষ্ঠিত নহয় বুলিও উল্লেখ কৰে ।

ABOUT THE AUTHOR

...view details