অসম

assam

ঈদ উপলক্ষ্য ৰবি শাস্ত্ৰীলৈ "বিৰিয়াণী" আৰু "চেৱেই" প্ৰেৰণ মহম্মদ শ্বামীৰ

By

Published : May 26, 2020, 1:35 PM IST

ঈদ উপলক্ষ্য টুইটাৰত ঈদৰ শুভেচ্ছা জ্ঞাপন কৰি ৰবি শাস্ত্ৰীলৈ "বিৰিয়াণী" আৰু "চেৱেই" প্ৰেৰণ ভাৰতীয় ক্ৰিকেটাৰ মহম্মদ শ্বামীৰ ।

Mohammed Shami virtually sends 'Biryani' and 'Seviyan' to head coach Ravi Shastri
Mohammed Shami virtually sends 'Biryani' and 'Seviyan' to head coach Ravi Shastri

স্পৰ্টছ ডেস্ক, ২৬ মে': সোমবাৰে সমগ্ৰ ভাৰততে পালন কৰা হয় ইছলাম ধৰ্মাৱলম্বী লোকৰ পৱিত্ৰ উৎসৱ ঈদ-উল-ফিতৰ । ঈদ উপলক্ষ্য ভাৰতীয় ক্ৰিকেট দলৰ দ্ৰুতবেগী বলাৰ মহম্মদ শ্বামীয়ে সকলোকে ঈদৰ শুভেচ্ছা জ্ঞাপন কৰি ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক ৰবি শাস্ত্ৰীলৈ প্ৰেৰণ কৰে বিৰিয়াণীৰ লগতে বহু কেইটা সামগ্ৰী । টুইটাৰ যোগে এই কথা উল্লেখ কৰে খেলুৱৈগৰাকীয়ে ।

খেলুৱৈগৰাকীয়ে টুইটাৰত উল্লেখ কৰি কয়, ৰবি ভাই আপোনাৰ চেৱেই, খীৰ আৰু মটন বিৰিয়াণী কুৰিয়াৰৰ যোগেদি পঠিয়াই দিছো । অলপ সময়ৰ পাচতেই গৈ পাব । সেই প'ষ্টটোতে খেলুৱৈগৰাকীয়ে বিৰিয়াণী আৰু খীৰৰ ফটোও শ্বেয়াৰ কৰে । ইয়াৰ পূৰ্বে সকলোকে ঈদৰ শুভেচ্ছা জ্ঞাপন কৰি আল্লাই সকলোৰে সপোন আশাসমূহ বাস্তৱায়িত কৰে তাৰে কামনা কৰি এক টুইট প্ৰদান কৰিছিল শ্বামীয়ে ।

COVID-১৯ ৰ ফলতেই বৰ্তমান স্তব্ধ হৈ ৰৈছে সকলো ক্ৰীড়াজগতৰ সকলো কাৰ্য-কলাপ । ফলত সকলো খেলুৱৈ বৰ্তমানে ঘৰতে আৱদ্ধ হৈ আছে ।

ইয়াৰ মাজতেই ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ ভি.ভি.এছ লক্ষ্মণে ছৈয়দ আমজাদৰ এটি কামৰ যথেষ্ট প্ৰশংসা কৰে । ঈদৰ মাজতে আমজাদে বহু ল'ৰী চালক আৰু চাফাই কৰ্মীক খাদ্য খুৱায় । টুইটাৰ যোগেদি লক্ষ্মণে ছৈয়দ আমজাদে তেলেংগানাৰ ছাদাশ্বিভাপেটত প্ৰায় ১৮০ গৰাকী ল'ৰী চালক আৰু চাফাই কৰ্মীক খাদ্য খুওৱা কৰ্মৰ প্ৰশংসা কৰে ।

ABOUT THE AUTHOR

...view details