অসম

assam

ভাৰতীয় দলৰ অষ্ট্ৰেলিয়া ভ্ৰমণ : টি-20, এদিনীয়া আৰু টেষ্ট দল ঘোষণা

By

Published : Oct 26, 2020, 10:14 PM IST

ঘোষণা হ'ল অষ্ট্ৰেলিয়া ভ্ৰমণকাৰী ভাৰতীয় দলৰ স্কোৱাড ৷ আঘাতৰ বাবে দলত স্থান লাভ নকৰিলে ৰোহিত শৰ্মা আৰু ঈশান্ত শৰ্মাই ৷

ভাৰতীয় দলৰ অষ্ট্ৰেলিয়া ভ্ৰমণৰ স্কোৱাড ঘোষণা
বিৰাট কোহলী

স্পৰ্টছ ডেস্ক, 26 অক্টোবৰ :বিচিচিআইয়ে ঘোষণা কৰিলে ভাৰতীয় ক্ৰিকেট দলৰ অষ্ট্ৰেলিয়া ভ্ৰমণৰ স্কোৱাড ৷ টি-20, এদিনীয়া আৰু টেষ্ট দলৰ বাবে খেলুৱৈৰ নাম ঘোষণা কৰে বিচিচিআইয়ে ৷ ছিডনীত 27 নৱেম্বৰৰ পৰা এদিনীয়া মেচৰ জৰিয়তে আৰম্ভ হ'ব দুই দলৰ ৰণ ৷ ৰোহিত শৰ্মা আৰু ঈশান্ত শৰ্মা আঘাতপ্ৰাপ্ত হোৱা বাবে দলত স্থান প্ৰদান কৰা নহ'ল ৷ আঘাতপ্ৰাপ্ত দুয়োগৰাকী খেলুৱৈয়ে বৰ্তমান বিচিচিআইৰ মেডিকেল দলৰ অধীনত চিকিৎসাধীন হৈ থাকিব ৷

টি-20 আৰু এদিনীয়া ছিৰিজৰ বাবে সহ-অধিনায়ক হিচাপে নিৰ্বাচিত কৰা হৈছে কে. এল. ৰাহুলক ৷ আনহাতে, টেষ্ট দলত এই দায়িত্ব পালন কৰিব আজিংকা ৰাহানেই ৷

অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে এই স্কোৱাড নিৰ্বাচনী ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে কৰা হয় ৷ ভাৰতীয় দলে তিনিখন টি-20, তিনিখন এদিনীয়া আৰু চাৰিখন টেষ্ট মেচত অংশগ্ৰহণ কৰিব ৷

টি-20 স্কোৱাড : বিৰাট কোহলী, শিখৰ ধাৱান, মায়ংক আগৰৱাল, কে. এল. ৰাহুল, শ্ৰেয়াস আয়াৰ, মনিশ পাণ্ডে, হাৰ্ডিক পাণ্ডিয়া, সঞ্জু চেমছন, ৰবীন্দ্ৰ জাদেজা, ৱাশ্বিংটন সুন্দৰ, য়ুজবেন্দ্ৰ চাহাল, জছপ্ৰীত বুমৰাহ, মহম্মদ ছামী, নৱদ্বীপ ছাইনী, দীপক চাহাৰ, বৰুণ চক্ৰৱৰ্তী ৷

এদিনীয়া স্কোৱাড : বিৰাট কোহলী, শিখৰ ধাৱান, শুভমান গিল, কে. এল. ৰাহুল, শ্ৰেয়াস আয়াৰ, মনিশ পাণ্ডে, হাৰ্ডিক পাণ্ডিয়া, মায়ংক আগৰৱাল, ৰবীন্দ্ৰ জাদেজা, য়ুজবেন্দ্ৰ চাহাল, কুলদ্বীপ যাদৱ, জছপ্ৰীত বুমৰাহ, মহম্মদ ছামী, নৱদ্বীপ ছাইনী, শ্বাৰদুল ঠাকুৰ ৷

টেষ্ট স্কোৱাড :বিৰাট কোহলী, মায়ংক আগৰৱাল, পৃথ্বী শ্ব', কে. এল. ৰাহুল, চেতেশ্বৰ পূজাৰা, আজিংকা ৰাহানে, হনুমা বিহাৰী, শুভমান গিল, ঋধিমান সাহা, ঋষভ পন্ত, জছপ্ৰীত বুমৰাহ, মহম্মদ ছামী, উমেশ যাদৱ, নৱদ্বীপ ছাইনী, কুলদ্বীপ যাদৱ, ৰবীন্দ্ৰ জাদেজা, আৰ. অশ্বিন, মহম্মদ ছিৰাজ ৷

অতিৰিক্ত বলাৰ হিচাপে ভ্ৰমণকাৰী দলটোৰ সৈতে থাকিব কমলেশ নাগাৰকোটি, কাৰ্তিক ত্যাগী, ইশান পোৰেল, টি. নটৰাজন ৷

আঘাতৰ বাবে আইপিএলৰ পৰা বাহিৰ হোৱা ভাৰতীয় পেচাৰ ঈশান্ত শৰ্মাৰ অষ্ট্ৰেলিয়া ভ্ৰমণকলৈ সকলো জল্পনা-কল্পনাৰ অন্ত পৰিছে ৷ আঘাতৰ বাবে দলত স্থান লাভ নকৰিলে ঈশান্ত শৰ্মাৰ লগতে ৰোহিত শৰ্মাই ৷ উল্লেখ্য যে, 17 ডিচেম্বৰৰ পৰা এডিলেইডত অনুষ্ঠিত হ'ব অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথমখন টেষ্ট মেচ ৷

লগতে পঢ়ক :আইপিএল 2020 ৰ পৰা বাহিৰ হোৱা প্ৰথমটো দল চেন্নাই

ABOUT THE AUTHOR

...view details