অসম

assam

হৰমনপ্ৰীত আউট, হাৰলীন ইন

By

Published : Feb 21, 2019, 7:24 AM IST

ইংলেণ্ড শৃংখলাৰ পৰা বাহিৰ হৰমিনপ্ৰীত কৌৰ

হৰমনপ্ৰীত আউট, হাৰলীন ইন

স্পৰ্টছ ডেস্ক, ২১ ফেব্ৰুৱাৰীঃ ইংলেণ্ড শৃংখলাৰ পূৰ্বে ভাৰতীয় মহিলা ক্ৰিকেট দললৈ দুখবৰ । আঘাতপ্ৰাপ্ত হৈ শৃংখলাৰ পৰা বাহিৰ হ'ল ভাৰতীয় এদিনীয়া দলৰ সহ অধিয়ানক হৰমনপ্ৰীত কৌৰ । জানিব পৰা মতে অনুশীলনৰ সময়ত আঘাতপ্ৰাপ্ত হয় খেলুৱৈগৰাকী । সূত্ৰ অনুসৰি ভৰিত আঘাতৰ সন্মুখীন হৈছে হৰমনপ্ৰীত কৌৰৰ ।

এতিয়া তিনিখন মেচৰ এদিনীয়া শৃংখলাৰ বাবে হৰমনপ্ৰীতৰ স্থানত দলত স্থান দিয়া হৈছে অলৰাউণ্ডাৰ হাৰলীন দেৱলক । দলটোৰ নেতৃত্ব বহন কৰিব মিথালী ৰাজে । অহা ২২, ২৫, ২৮ মাৰ্চত মুম্বাইৰ ৱাংখাডে ষ্টেডিয়ামত অনুষ্ঠিত হ'ব মেচসমূহ ।

ABOUT THE AUTHOR

...view details