অসম

assam

CWC 2023 : বিৰাট কোহলীৰ ইনিংছক প্ৰশংসা ডাৰিল মিচেলৰ

By ETV Bharat Assamese Team

Published : Oct 23, 2023, 4:09 PM IST

দেওবাৰে ধৰ্মশালাত অনুষ্ঠিত আইচিচি ক্ৰিকেট বিশ্বকাপৰ লীগ মেচত আয়োজক ভাৰতৰ হাতত চাৰি উইকেটত পৰাস্ত হয় নিউজীলেণ্ড । ইয়াৰ ফলত কিৱি বেটাৰ ডাৰিল মিচেলৰ যুঁজাৰু শতকটো বিফলে যায় । আনহাতে, ভাৰতৰ হৈ ষ্টাৰ বেটাৰ বিৰাট কোহলীয়ে ৯৫ ৰাণ সংগ্ৰহ কৰে । ভাৰতে ১২ টা বল বাকী থকা অৱস্থাত বিজয় লক্ষ্যত উপনীত হয় ।

বিৰাট কোহলীৰ ইনিংছক প্ৰশংসা ডাৰিল মিচেলৰ
CWC 2023

স্পৰ্টছ ডেস্ক, ২৩ অক্টোবৰ :ধৰ্মশালাত অনুষ্ঠিত আইচিচি ক্ৰিকেট বিশ্বকাপৰ লীগ মেচত দেওবাৰে ভাৰতৰ বিৰুদ্ধে সৰ্বাধিক এদিনীয়া স্ক'ৰ সংগ্ৰহ কৰে নিউজীলেণ্ডৰ বেটাৰ ডাৰিল মিচেলে । শতক অৰ্জনকাৰী মিচেলৰ মতে, তাৰকা বেটাৰ বিৰাট কোহলীৰ ৯৫ ৰাণৰ ইনিংছটো মেচখনত দুয়োটা দলৰ মাজত পাৰ্থক্য আছিল ।

উল্লেখ্য যে মিচেল (১২৭ টা বলত ১৩০ ৰাণ) আৰু ৰাচিন ৰবীন্দ্ৰৰ ১৫৯ ৰাণৰ যুটিৰ বাবেই নিউজীলেণ্ডে ভাৰতৰ বিৰুদ্ধে স্ক'ৰ বোৰ্ডত ২৭৩ ৰাণ সংগ্ৰহ কৰিছিল । কিন্তু ভাৰতে পেচাৰ মহম্মদ ছামীৰ পাঁচ উইকেট (৫/৫৪) আৰু বিৰাট কোহলীৰ সুন্দৰ বেটিঙেৰে এই 'মাৰ্কি টুৰ্ণামেণ্ট'ত তেওঁলোকৰ অপৰাজিত অভিযান অব্যাহত ৰাখিছে ।

"তেওঁ (বিৰাট কোহলী) হৈছে এগৰাকী বিশ্বমানৰ খেলুৱৈ আৰু তেওঁক যিকোনো কাৰণতে খেলৰ অন্যতম মহান খেলুৱৈসকলৰ মাজৰ এজন হিচাপে জনা যাব । চাপৰ মাজত এটা ভাল ইনিংছ বুলি মই ভাবোঁ আৰু যদিও তেওঁ শতক পোৱা নাছিল, তেওঁ নিজৰ দলটোক অন্তিম পৰ্যায়ত উপনীত কৰাইছিল ।" নিউজীলেণ্ড চাৰি উইকেটত পৰাস্ত হোৱাৰ পিছত ডাৰিল মিচেলে কয় ।

আনহাতে, ডাৰিল মিচেলে নিউজীলেণ্ডৰ বলিং প্ৰচেষ্টাৰো প্ৰশংসা কৰে । তেওঁ কয় যে লাইটৰ তলত বেটিং কৰাৰ বাবে পৰিস্থিতি উন্নত হৈছিল । "মই আজি নিশা (দেওবাৰে নিশা) আমাৰ বলিং গোটটোৰ বাবে সঁচাকৈয়ে গৌৰৱান্বিত । তেওঁলোকে সময়ৰ সৈতে আৰু পৰিস্থিতি অনুসৰি কেনেকৈ বলিং কৰিব লাগে সেইটো কৰিবলৈ চেষ্টা কৰিছিল ।" সোঁহতীয়া বেটাৰগৰাকীয়ে লগতে কয় ।

ডাৰিল মিচেলৰ মতে, কিৱি বাহিনীয়ে জয়ৰ বাবে প্ৰয়োজনীয় ৰাণতকৈ ২০-৩০ ৰাণ কম কৰিছিল । "আপুনি নিশ্চিতভাৱে সদায় অধিক ৰাণ বিচাৰিব । কিন্তু একে সময়তে মই ভাবিছিলোঁ যে আমি নিৰ্ধাৰণ কৰা প্লেটফৰ্মটো আৰু আমি এই বিষয়ত যেনেধৰণে যাব বিচাৰিছিলোঁ, সেয়া প্ৰকৃততে আমাৰ ষ্টাইলতে আছিল । কিন্তু তথাপি আৰু ২০-৩০ ৰাণমানৰ প্ৰয়োজন আছিল ।" মিচেলে লগতে কয় ।

ইয়াৰ উপৰি ডেথ অভাৰত ভাৰতীয় বলাৰসকলৰ প্ৰদৰ্শন সন্দৰ্ভতো তেওঁৰ সন্মান প্ৰদৰ্শন কৰে । "আমি ৩৫ অভাৰত যেনেধৰণৰ প্লেটফৰ্মত উপনীত হৈছিলোঁ, সেই পৰ্যায়ত ভাৰতৰো একেই আছিল । নিশ্চিতভাৱে ভাৰতে এক বিশ্বমানৰ ডেথ-বলিং ইউনিট পাইছে ।" মিচেলে কয় ।

লগতে পঢ়ক :Chase Master Virat Kohli : ৰাণ অনুসৰণৰ সৈতে নিবিড় প্ৰেমৰ সম্পৰ্ক বিৰাট কোহলীৰ !

ABOUT THE AUTHOR

...view details