অসম

assam

নতুন ৰূপত সত্ৰ নগৰীঃ জাকজমকীয়া সংগীতানুষ্ঠানৰে জীপাল মাজুলী

By

Published : Nov 16, 2019, 2:19 PM IST

মাজুলীত তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে মাজুলী মিউজিক ফেষ্টিভেল ৷ ১৫ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা এই মিউজিক ফেষ্টিভেল অন্ত পৰিব ১৭ নৱেম্বৰত ৷

মাজুলীত মিউজিক ফেচটিভেল

মাজুলী, 16 নৱেম্বৰঃআপুনি বাৰু সংগীত প্ৰেমী নেকি ! অথবা আপুনি পশ্চিমীয়া দেশৰ দৰে কিম্বা শ্বিলঙত অনুষ্ঠিত হোৱা NH 7 দৰে সংগীত উপভোগ কৰি ভাল পায় নেকি ! তেন্তে এতিয়াৰে পৰা আপুনি অন্য ক'তো যোৱাৰ প্ৰয়োজন নাই ৷ কাৰণ সত্ৰীয়া সংস্কৃতিৰ প্ৰাণ কেন্দ্ৰ মাজুলীত তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে মাজুলী মিউজিক ফেষ্টিভেল ৷ নদীদ্বীপ মাজুলিৰ গ্ৰাম্য পৰ্যটন, আৰ্থ সামাজিক, আৰু সাংস্কৃতিক ক্ষেত্ৰত সৰ্বাংগীন উন্নয়নৰ বাবে ১৫ পৰা ১৭ নৱেম্বৰলৈ চলিব এই মিউজিক ফেষ্টিভেল

জাকজমকীয়া সংগীতানুষ্ঠানৰে জীপাল মাজুলি


মূলতঃ মাজুলিবাসীৰ জীৱন প্ৰণালী, আৰ্থ সামাজিক আৰু সাংস্কৃতিক বৈচিত্ৰাক মিউজিক ফেষ্টিভেলৰ জৰিয়তে দাঙি ধৰাৰ প্ৰয়াস কৰা হৈছে ৷ মিউজিক ফেষ্টিভেলৰ অনুষ্ঠিত হোৱাৰ পূৰ্বেই শুকুৰবাৰে মাজুলীত এক সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় ৷ সাংস্কৃতিক শোভাযাত্ৰাটোৰ শুভ উদ্বোধন কৰে শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰৰ সত্ৰাধীকাৰ জনাৰ্দন দেৱ গোস্বামীয়ে ৷

লগতে পঢ়োকঃবজালীৰ ৰাসথলীত টীম প্ৰতিঘাত

শুকুৰবাৰৰ পৰা অনুষ্ঠিত হোৱা এই মিউজিক ফেষ্টিভেলৰ শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে পদ্মশ্ৰী যাদৱ পায়েং ৷

উদ্যোগতাৰ ভাষ্য


আন্তঃৰাষ্টীয় শিল্পী গুৰু ৰেৱেন মাচাংগা, কল্যান বৰুৱা, যতীন শৰ্মা , নিলোৎপল বৰা, গল্ডী সোহেল, সুৰেশ যোশী, শংকুৰাজ প্ৰডাক্ট বাৰ্তালাপ, অভি শইকীয়া, বায়' এণ্ড মিৰি ব্ৰেণ্ড ,আইলেণ্ড ৱাৰিয়ৰ, এলব' নাগা, কাল্টিভেটৰচ, অভিলাস চৌধুৰী , ইষ্টাৰ্ণ ঢোল প্লেয়াৰচ , ৰেইন ইন চাহাৰা, মনিৰাজ হাজৰিকাকে ধৰি বহুতো জনপ্ৰিয় শিল্পী তথা বেণ্ডে পৰিৱেশন কৰিব সংগীত ৷ সম্পূৰ্ণ প্ৰাকৃতিক বাতাবৰণৰ মাজত টম্বুৰ তলত পৰ্যটকসকলৰ নৈশ যাপনৰ বাবে ব্যৱস্থা কৰাৰ লগতে স্থানীয় জনজাতীয় খাদ্য সম্ভাৰ , নৌকা বিহাৰৰ দৰে আকৰ্ষনীয় অনুষ্ঠানো প্ৰদৰ্শিত হৈছে মিউজিক ফেষ্টিভেলত ৷

নতুন ৰূপত সত্ৰ নগৰী

ABOUT THE AUTHOR

...view details