চিটাৰা ডেস্ক,1 এপ্ৰিলঃ দেশত এতিয়া কৰ'ণাৰ আতংক ৷ গৃহবন্দী হৈ আছে সকলো ৷ বন্দীত্বৰ মাজতে বহুজনে কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰলৈ সাহাৰ্য পুঁজি আগবঢ়াইছে কৰ'ণাৰ লগত যুঁজি দিবৰ বাবে ৷ বহুজনে সহায় কৰিছে লক ডাউনৰ সময়ত দৰিদ্ৰ সকলক ৷ অক্ষয় কুমাৰ, বৰুণ ধাৱান, কাৰ্তিক আৰিয়ান, কেটৰিণা কাঈফ, চাৰা আলি খানৰ দৰে বহু অভিনেতা-অভিনেত্ৰীয়ে সহায় কৰিছে নিজৰ তৰফৰ পৰা ৷
ইফালে অভিনেত্ৰী সোণাক্ষী সিনহাই দান বৰঙণি নিদিয়াৰ বাবে সমালোচনা কৰিছে একাংশই ৷ একাংশই কথাৰে ক্ষোভ উজাৰিছে চ'ছিয়েল মিডিয়াযোগে ৷ শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে নিজৰ মুখ খুলিলে এই সন্দৰ্ভত ৷ টুইটযোগে তেওঁ লিখে যে, তেওঁ এক মিনিট মৌন প্ৰাৰ্থনা কৰিছে তেওঁলোকৰ বাবে যি সকলে তেওঁ দান দিয়া কথাটো ঘোষণা নকৰাৰ বাবে তেওঁ দান নাই দিয়া বুলি ভাবি লৈছে ৷ লগতে তেওঁ লিখে যে কিছুমান মানুহে কাম কৰিলে জহাই ফুৰিবলৈ বেয়া পায় ৷ এই কথা কিছুমানে অনুকৰণ কৰে বুলি কৈ নিজৰ প্ৰাসংগিকতাকে বুজাবলৈ চেষ্টা কৰে অভিনেত্ৰীগৰাকীয়ে ৷