অসম

assam

অনুষ্কা শৰ্মা অভিনীত ঝুলন গোস্বামীৰ বায়’পিক স্থগিত

By

Published : Jul 5, 2021, 8:01 PM IST

বিখ্যাত দ্ৰুতবেগী মহিলা বলাৰ ঝুলন গোস্বামী (Jhulan Goswami)ৰ বায়’পিকত ঝুলনৰ চৰিত্ৰটো ৰূপায়ন কৰিব মোহময়ী অভিনেত্ৰী অনুষ্কা শৰ্মা (Anushka Sharma)ই ৷ সম্প্ৰতি ছবিখনৰ সংলাপৰ কাম কৰি থকা বুলি জানিব পৰা গৈছে ৷ এগৰাকী সঠিক পৰিচালকৰ অভাৱৰ বাবে ছবিখনৰ দৃশ্যগ্ৰহণৰ কাম স্থগিত ৰখা বুলি আন এক সূত্ৰই জানিবলৈ দিছে ৷

Jhulan Goswami biopic starring Anushka Sharma shelved?
অনুষ্কা শৰ্মা অভিনীত ঝুলন গোস্বামীৰ বায়’পিক স্থগিত!

চিটাৰা ডেস্ক, 5 জুলাই : ভাৰতীয় মহিলা ক্ৰিকেট দলৰ পেছঅ’মেন(Indian pacewoman) খ্যাত তথা বিখ্যাত দ্ৰুতবেগী বলাৰ ঝুলন গোস্বামী (Jhulan Goswami)ৰ জীৱনৰ আধাৰত নিৰ্মাণ হ’বলগীয়া ছবিক লৈ ইতিমধ্যে আৰম্ভ হৈছে ব্যাপক চৰ্চা ৷ ছবিখনত ঝুলনৰ চৰিত্ৰ ৰূপায়নৰ ক্ষেত্ৰত মোহময়ী অভিনেত্ৰী অনুষ্কা শৰ্মা (Anushka Sharma)ৰ নাম চৰ্চালৈ আহিছে ৷ 2018 চনৰ ‘Zero’ ছবিখনৰ পাচত অনুষ্কাই ঝুলন গোস্বামীৰ বায়’পিকেৰে পুনৰ ছবিজগতলৈ উভতি অহাৰ কথাও পোহৰলৈ আহিছে ৷

বৰ্তমানেও ছবিখনৰ নিৰ্মাতাই ঝুলনৰ চৰিত্ৰটোক লৈ এক ৰহস্য দাঙি ধৰিছে ৷ সম্প্ৰতি ছবিখন প্ৰি-প্ৰডাকচন স্তৰত থকা বুলি জানিব পৰা গৈছে ৷ শেহতীয়া তথ্য অনুসৰি, ঝুলনৰ বায়’পিকখনৰ সংলাপৰ কাম চলি আছে ৷ ছবিখনৰ সৈতে জড়িত এক সূত্ৰই ৱেবলইডক জনোৱা মতে, ছবিখনৰ বাবে এগৰাকী সঠিক পৰিচালক লাভ কৰা নাই ৷ ইয়াৰ পাচতহে অনুষ্কাক চৰিত্ৰটোৰ বাবে আগবাঢ়িবলৈ অনুমতি প্ৰদান কৰা হ’ব ৷ আন এক সূত্ৰই জনোৱা মতে, ছবিখন 2022 বৰ্ষত মুক্তিলাভ কৰিব ৷

উল্লেখ্য যে, বৰ্তমানলৈকে ঝুলনে 68 খন টি-20ত মুঠ 56 টা উইকেট সংগ্ৰহ কৰিছে ৷ 2021 চনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে হোৱা টী-20 মেচত 5 টা উইকেট সংগ্ৰহ কৰে ঝুলনে ৷ 2006 চনৰ আগষ্ট মাহত ডাৰ্বিত ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথমবাৰৰ বাবে টি-20ৰ আৰম্ভণি কৰিছিল খেলুৱৈগৰাকীয়ে ৷

আনহাতে, ঝুলনে সম্প্ৰতি 10 খন টেষ্ট আৰু 189 খন এদিনীয়া শৃংখলাত অংশগ্ৰহণ কৰিছে ৷ ঝুলন হৈছে প্ৰথম মহিলা ক্ৰিকেটাৰ, যিয়ে এদিনীয়া শৃংখলাত 236 টা উইকেট সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে ৷ দেশৰ চতুৰ্থ সৰ্বোচ্চ সন্মান পদ্মশ্ৰী বঁটা (Padma Shri)ৰে সন্মানিত হৈছে এইগৰাকী মহিলা ক্ৰিকেটাৰ ৷

লগতে পঢ়ক :‘হাছীন দিলৰুবা’ৰ সমালোচকক কি প্ৰত্যুত্তৰ দিলে তাপসীয়ে ?

ABOUT THE AUTHOR

...view details