অসম

assam

Elon Mask Tweet: ভাৰতীয় ফ'ল'ৱাৰক 'নমস্তে' জনাই সম্বোধন ইলন মাস্কৰ

By

Published : Nov 22, 2022, 6:38 PM IST

Elon Musk said Namaste to his millions of Indian followers

বিভাজন ঘটিছে টুইটাৰত ! মঙলবাৰে নিজৰ লাখ লাখ ভাৰতীয় ফ'ল'ৱাৰক ‘নমস্তে’ৰ সৈতে সম্বোধন জনালে ইলন মাস্কে (Elon Musk said Namaste to Indian followers)।

নিউজ ডেস্ক, 22 নৱেম্বৰ: ইলন মাস্কৰ প্ৰৱেশৰ পিছৰে পৰাই টুইটাৰত ইটোৰ পিছত সিটো ঘটনা ঘটিবলৈ লৈছে । কোম্পানীটোৰ নতুন স্বত্বাধিকাৰীয়ে টুইটাৰত বহু পৰিৱৰ্তন কৰিছে । মাস্কে নিজাববীয়াকৈ টুইটাৰৰ বৈশিষ্ট্যসমূহ উন্নত কৰিছে আৰু নতুন বৈশিষ্ট্যসমূহো মুকলি কৰিছে(Elon Musk apologizes to users for Twitter's performance)।

তাৰ মাজতে ইলন মাস্কে মঙলবাৰে নিজৰ লাখ লাখ ভাৰতীয় অনুগামীক ‘নমস্তে’ বুলি সম্বোধন কৰে । ইয়াৰ পূৰ্বে তেওঁলোকে পুনৰ পৰীক্ষণৰ বাবে ব্লু টিক সেৱা বন্ধ কৰি দিছে যিটো ২৯ নৱেম্বৰৰ পৰাই আৰম্ভ হ’ব লাগিছিল(Elon Musk said Namaste to his millions of Indian followers)।

মাস্কে টুইট কৰি কয়- "নমস্কাৰ, মোৰ বৰ ভাল লাগিছে ।" মাস্কে বুজি পায় যে ভাৰত টুইটাৰৰ বাবে এক মূল বজাৰ আৰু কোম্পানীটোত বহু ভাৰতীয় মূলৰ চফটৱেৰ ইঞ্জিনিয়াৰে কাম কৰি আছে । লগতে তেওঁ কয় যে, ভুৱা একাউণ্ট বন্ধ কৰাৰ কোনো সমাধান নোপোৱালৈকে ব্লু টিক সেৱা আৰম্ভ নহ’ব ।

সংস্থাসমূহে হয়তো ব্যক্তিতকৈ বেলেগ ৰং ব্যৱহাৰ কৰিব বুলি মাস্কে কয় । বহু অনুগামীয়েও তেওঁৰ নমস্তে টুইটৰ বাবে কটুক্তিৰে অভিনন্দন জনায় । তেওঁ টুইটাৰত ভাৰতীয়ৰ সৈতে সংযোগ স্থাপন কৰিব বিচাৰিছে বুলি এজন ফ’ল’ৱাৰে পোষ্ট কৰিছে ।

দেখাত আপোনাৰ দলৰ ভাৰতীয়সকলে আপোনাক সঠিক শিক্ষা দিছে ! আন এটা পোষ্টত কোৱা হৈছে । নমস্কাৰ, আন এজন অনুগামীয়ে ক’লে । ভাৰতীয় মূলৰ এজন প্ৰাক্তন টুইটাৰ কাৰ্যবাহী শ্ৰীৰাম কৃষ্ণনে টুইটাৰত প্ৰাৰম্ভিক পৰিৱৰ্তনৰ ক্ষেত্ৰত ইলন মাস্কক সহায় কৰি আছে। মাস্কে ৪৪ বিলিয়ন ডলাৰত টুইটাৰ ক্ৰয় কৰিছিল ।

লগতে পঢ়ক:WhatsApp Feature: এইকেইটা ট্ৰিক ব্যৱহাৰ কৰি সহজতে লুকুৱাব পাৰিব আপোনাৰ WhatsApp অনলাইন ষ্টেটাছ

ABOUT THE AUTHOR

...view details