অসম

assam

IIST আৰু The Delft University of Technologyৰ মাজৰ বুজাবুজি চুক্তিত কেবিনেটৰ অনুমোদন

By

Published : Aug 5, 2021, 12:59 PM IST

Cabinet approves MoU between IIST, The Delft University of Technology

ভাৰতীয় মহাকাশ বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠান(Indian Institute of Space science and Technology) আৰু ডেলফ্ট ইউনিভাৰ্চিটি অৱ টেকন'ল'জি(Delft University of Technology)ৰ মাজৰ বুজাবুজি চুক্তিত অনুমোদন জনালে কেন্দ্ৰীয় কেবিনেটে । শৈক্ষিক কাৰ্যসূচী আৰু গৱেষণা কাৰ্যকলাপ সম্পাদনৰ বাবে কেবিনেটে এই বুজাবুজিৰ চুক্তিত অনুমোদন জনাইছে ।

নেশ্যনেল ডেস্ক, ৫ আগষ্ট: কেন্দ্ৰীয় কেবিনেটে বুধবাৰে ভাৰতীয় মহাকাশ বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠান(Indian Institute of Space science and Technology) আৰু ডেলফ্ট ইউনিভাৰ্চিটি অৱ টেকন'ল'জি(Delft University of Technology)ৰ মাজৰ বুজাবুজি চুক্তিত অনুমোদন জনায় । দুয়োখন প্ৰতিষ্ঠানৰ শিক্ষাৰ্থী আৰু শিক্ষকক লৈ চলিত বৰ্ষৰ ৯ এপ্ৰিল আৰু ১৭ মে'ত স্বাক্ষৰিত এই বুজাবুজিৰ চুক্তি শৈক্ষিক কাৰ্যসূচী আৰু গৱেষণা কাৰ্যকলাপ সম্পাদন কৰাৰ বাবে অনুমোদন জনাইছে কেবিনেটে । এই বুজাবুজি চুক্তি অনুসৰি, ছাত্ৰ বিনিময় কাৰ্যসূচীৰ অধীনত স্নাতক, স্নাতকোত্তৰ আৰু ডক্টৰেট পৰ্যায়ৰ শিক্ষাৰ্থীয়ে দুয়োখন প্ৰতিষ্ঠানতে অধ্যয়ন কৰাত সুবিধা হ'ব । দুয়ো পক্ষই এই কাৰ্যসূচীৰ অধীনত কৰিবলগীয়া অধ্যয়ন আৰু ক্ৰেডিটৰ ক্ষেত্ৰবোৰ নিৰ্ণয় কৰিব ।

দুয়োটা পক্ষই সন্মত হয় যে, স্নাতকৰ পাঠ্যক্ৰম অধ্যয়নৰ বাবে প্ৰেক্টিচিয়াম বিনিময় কাৰ্যসূচীত হোষ্টিং অংশীদাৰৰ শৈক্ষিক প্ৰণালী আৰু নিয়মাৱলী মানি চলিব লাগিব । এক প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰা মতে, বুজাবুজি চুক্তি অনুসৰি, শিক্ষাৰ্থীসকল দুয়োখন প্ৰতিষ্ঠানৰ পৰা দুটা বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰিব পাৰিব । প্ৰথম স্নাতক ডিগ্ৰী গৃহ প্ৰতিষ্ঠানৰ দ্বাৰা প্ৰদান কৰা হ'ব । ইণ্টাৰ্ণশ্বিপ আৰু প্ৰকল্পৰ কাম, লগতে শিক্ষক বিনিময় আৰু যুটীয়া গৱেষণাও আদিৰ প্ৰসংগও বুজাবুজি চুক্তিত উত্থাপন কৰা হৈছে ।

প্ৰেছ বিজ্ঞপ্তিত প্ৰকাশ কৰা মতে, এই চুক্তি স্বাক্ষৰ কৰাৰ বাবে শিক্ষাৰ্থী আৰু গৱেষকৰ আদান-প্ৰদান, বিভিন্ন তথ্য লাভ কৰাত সহায়ক হ'ব ।

এই চুক্তিয়ে ই ডব্লিউ আই(EWI), ডেলফ্ট ইউনিভাৰ্চিটি অৱ টেকন'ল'জি, নেডাৰলেণ্ডৰ ডাটছ ৰাজহুৱা প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ মাজত গৱেষণাৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিত সহায় কৰিব । সেয়েহে, দেশৰ সকলো শ্ৰেণীৰ লোক উপকৃত হ'ব বুলি আশা কৰা হৈছে । এই চুক্তিখনে বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত নতুন গৱেষণা কাৰ্যকলাপৰ সম্ভাৱনাৰ বিষয়ে অধ্যয়ন কৰিবলৈ সহায় কৰিব বুলি চুক্তিখনত উল্লেখ কৰা হৈছে ।

লগতে পঢ়ক:ভাৰতৰ প্ৰথম সৌৰ মহাকাশ অভিযানত ARIESয়ে সহায় কৰিব ISROক

ABOUT THE AUTHOR

...view details