ভাৰতৰ প্ৰথম সৌৰ মহাকাশ অভিযানত ARIESয়ে সহায় কৰিব ISROক

author img

By

Published : Jun 9, 2021, 1:22 PM IST

solar space mission

ভাৰতে সূৰ্যৰ অধ্যয়নৰ বাবে প্ৰথম সৌৰ অভিযান আদিত্য এল-১(Aditya L-1) আৰম্ভ কৰিব । ৱেব ইণ্টাৰফেচৰ জৰিয়তে ভাৰতৰ প্ৰথম সৌৰ মহাকাশ অভিযানৰ পৰা তথ্য সংগ্ৰহ কৰিবলৈ এটা সামূহিক সেৱা কেন্দ্ৰ স্থাপন কৰা হৈছে । ইয়াক উত্তৰাখণ্ডৰ নাইনিতালৰ আৰ্যভট্ট গৱেষণা পৰ্যৱেক্ষণ বিজ্ঞান প্ৰতিষ্ঠানত(ARIES) স্থাপন কৰা হৈছে ।

নেশ্যনেল ডেস্ক,৯ জুন: ২০২২ চনৰ জানুৱাৰীত, ভাৰতে সূৰ্যৰ অধ্যয়নৰ বাবে প্ৰথম সৌৰ অভিযান আদিত্য এল-১(Aditya L-1) আৰম্ভ কৰিব । ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ (ISRO)ৰ মতে এই অভিযানৰ উদ্দেশ্য হৈছে কোনো বাধা অবিহনে স্থায়ীভাৱে সূৰ্যৰ ওপৰত নজৰ ৰখা আৰু সৌৰ আভা পৰ্যবেক্ষণ কৰা । ইয়াৰ বাবে, ৱেব ইণ্টাৰফেচৰ জৰিয়তে ভাৰতৰ প্ৰথম সৌৰ মহাকাশ অভিযানৰ পৰা প্ৰাপ্ত তথ্য সংগ্ৰহ কৰিবলৈ এটা সামূহিক সেৱা কেন্দ্ৰ স্থাপন কৰা হৈছে । ইয়াৰ পৰা বিজ্ঞানীসকলে তথ্যবোৰ তৎক্ষণাৎ লাভ কৰিব পাৰিব আৰু ইয়াৰ বৈজ্ঞানিক বিশ্লেষণ কৰিব পাৰিব । এই কেন্দ্ৰটোৰ নাম আদিত্য এল-1 চাপোৰ্ট চেল (AL1SC)।

এই কেন্দ্ৰটো ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ ISRO আৰু আৰ্যভট্ট গৱেষণা প্ৰতিষ্ঠানে যুটীয়াভাৱে নিৰ্মাণ কৰিছে । বৈজ্ঞানিক তথ্যৰ বিশ্লেষণ আৰু বিজ্ঞান পৰ্যৱেক্ষণ প্ৰস্তাৱ প্ৰস্তুত কৰাৰ বাবে অতিথি পৰ্যবেক্ষকসকলে ইয়াক ব্যৱহাৰ কৰি আছে । উত্তৰাখণ্ডৰ আৰ্যভট্ট গৱেষণা প্ৰতিষ্ঠানৰ (ARIES) হালদৱানী চৌহদত AL1SC স্থাপন কৰা হৈছে, যি ISROৰ সৈতে যুটীয়াভাৱে কাম কৰিব যাতে ভাৰতৰ প্ৰথম সৌৰ মহাকাশ অভিযান আদিত্য এল-১ (Aditya L-1)ৰ পৰা সকলো বৈজ্ঞানিক বিৱৰণ আৰু তথ্যৰ সৰ্বাধিক বিশ্লেষণ আৰু ব্যৱহাৰ কৰিব পাৰি ।

আদিত্য এল-১ (Aditya L-1) অভিযানৰ জৰিয়তে লাভ কৰা সৌৰ অভিযান সম্পৰ্কীয় তথ্যৰ বাবে AL1SCয়ে বিশ্বৰ অন্যান্য মহাকাশ পৰ্যৱেক্ষণালয়ৰ সৈতেও সংযোগ স্থাপন কৰিব । ইয়াৰ জৰিয়তে অধিক সংখ্যক লোকে এই অভিযানৰ বিষয়ে তথ্য লাভ কৰিব পাৰিব । ই প্ৰতিজন আগ্ৰহী ব্যক্তিক তথ্যৰ বৈজ্ঞানিক বিশ্লেষণৰ অনুমতি দিব । ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ (ISRO)ৰ অধ্যক্ষ কে শিৱানৰ মতে আদিত্য এল-১ অভিযানটো পৃথিৱীৰ পৰা ১.৫ নিযুত কিলোমিটাৰ দূৰত্বত লাগ্ৰেঞ্জিয়ান পইণ্ট-১ (এল-1)ৰ চাৰিওফালে থকা হেলো কক্ষপথত স্থাপন কৰা হ'ব, যাতে কোনো বাধা অবিহনে সূৰ্যক নিৰন্তৰভাৱে পৰ্যবেক্ষণ কৰিব পাৰি ।

আৰ্যভট্ট ৰিচাৰ্চ ইনষ্টিটিউট অৱ অভাৰৱেজিকেল চাইন্সেছ (ARIES) নাইনিতালৰ মনোৰা শৃংগত অৱস্থিত । ইয়াক জ্যোতিৰ্বিজ্ঞান অধ্যয়নৰ বাবে সৰ্বশ্ৰেষ্ঠ প্ৰতিষ্ঠান হিচাপে গণ্য কৰা হয় আৰু ১৯৫৪ চনৰ ২০ এপ্ৰিলত বাৰাণসীত উত্তৰ প্ৰদেশ চৰকাৰে 'উত্তৰ প্ৰদেশ ৰাজ্যিক পৰ্যবেক্ষণালয়' হিচাপে প্ৰতিষ্ঠা কৰিছিল । ২০০০ চনত উত্তৰাখণ্ড গঠন হোৱাৰ পিছত, ইয়াক ৰাজ্যিক পৰ্যবেক্ষণালয় বুলি জনা যায় । ২০০৪ চনৰ ২২ মাৰ্চত ইয়াক ভাৰত চৰকাৰৰ অধীনত এখন স্বায়ত্ব শাসিত প্ৰতিষ্ঠানৰ মৰ্যাদা প্ৰদান কৰা হয় ।

লগতে পঢ়ক: বৈষ্ণো দেৱী মন্দিৰ চৌহদত অগ্নিকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.