অসম

assam

17সংখ্যক কাৰমাপাৰ ছিক্কিম ভ্ৰমণ সন্দৰ্ভত প্ৰধানমন্ত্ৰীলৈ পত্ৰ মুখ্যমন্ত্ৰীৰ

By

Published : Aug 13, 2020, 3:48 AM IST

17সংখ্যক কাৰমাপাৰ ছিক্কিম ভ্ৰমণ সন্দৰ্ভত প্ৰধানমন্ত্ৰীলৈ পত্ৰ মুখ্যমন্ত্ৰীৰ
17সংখ্যক কাৰমাপাৰ ছিক্কিম ভ্ৰমণ সন্দৰ্ভত প্ৰধানমন্ত্ৰীলৈ পত্ৰ মুখ্যমন্ত্ৰীৰ ()

900 বছৰ পুৰনি তিব্বতীয় বৌদ্ধ ধৰ্মৰ কৰ্মা কাগয়ু চিন্তাৰ প্ৰধান 35 বছৰীয়া 17সংখ্যক কাৰমাপা অগিয়েন ত্ৰিনলে দৰ্জিৰ ভাৰত ভ্ৰমণ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ পত্ৰ লিখিছে ছিক্কিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙে ৷

নিউজ ডেস্ক, 13 আগষ্ট : প্ৰকৃত নিয়ন্ত্ৰণৰেখাত চীনৰ সৈতে চলি থকা সমস্যাৰ মাজতেই ছিক্কিমৰ মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী মোডীলৈ এক পত্ৰ লিখি, ভাৰতলৈ উভটি অহা 17সংখ্যক কাৰমাপা অগিয়েন ত্ৰিনলে দৰ্জিক সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ আহ্বান জনাইছে ৷ 35 বৰ্ষীয় কাৰমাপাগৰাকী তিব্বতীয় বৌদ্ধ ধৰ্মৰ 900 বৰ্ষ পুৰনি কাগয়ু চিন্তাৰ প্ৰধান আৰু স্বাস্থ্যজনিত কাৰণতে 2017চনৰ পৰা আমেৰিকাত আছিল আৰু ভাৰতীয় চোৰাংচোৱা বিষয়াই কাৰমাপাৰ অতীতৰ কাৰ্যকলাপক লৈ এই ভ্ৰমণ সন্দৰ্ভটো প্ৰশ্নৰ উত্থাপন কৰিছিল ৷

900 বছৰ পুৰনি তিব্বতীয় বৌদ্ধ ধৰ্মৰ কৰ্মা কাগয়ু চিন্তাৰ প্ৰধান 35 বছৰীয়া 17সংখ্যক কাৰমাপা অগিয়েন ত্ৰিনলে দৰ্জি

গালৱান ভেলীৰ সংঘৰ্ষত 20 গৰাকী জোৱান শ্বহীদ হোৱাৰ পিচতেই ভাৰত-চীনৰ মাজৰ সম্পৰ্কৰ অৱনতিৰ মাজতে ভাৰতে নিজৰ নিৰাপত্তা তথা সুৰক্ষাজনিত দিশটোক গুৰুত্ব প্ৰদান কৰিছে ৷ চীনৰ সৈতে বাণিজ্যিক সম্পৰ্ক বন্ধ কৰা, হংকং বিষয়ৰ উত্থাপন, তিব্বত আৰু টাইৱানৰ সন্দৰ্ভত নতুন কূটনীতিকে আদি কৰি ভাৰতে চীনৰ বিৰুদ্ধে বহুটো সামৰিক তথা কূটনৈতিক সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

18 জুলাইত ছিক্কিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙে প্ৰধানমন্ত্ৰী মোডীলৈ লিখা পত্ৰখনত সময়ৰ উপযোগীকৈ লিখিছে," আপোনাৰ মহান জনাজাত যে, ছিক্কিমৰ ভক্তসকলে 17সংখ্যক কাৰমাপা, অগিয়েন ত্ৰিনলে দৰ্জিক স্বচক্ষে প্ৰত্যক্ষ কৰিবলৈ উৎসুক হৈ আছে ৷ সকলো ছিক্কিমবাসীয়ে তেওঁৰ ভ্ৰমণৰ বাবে বাট চাই আছে ৷"

2000 চনতে বাজপেয়ীয়ে 17সংখ্যক কাৰমাপাগৰাকীক তিব্বতৰ পৰা তেওঁৰ নাটকীয় পলায়নৰ পিচতেই ভাৰতত আশ্ৰয় প্ৰদান কৰিছিল ৷ তেওঁৰ বিৰুদ্ধে চীনৰ হৈ চোৰাংচোৱাগিৰি কৰাৰ অভিযোগ থকাৰ পিচতো ভাৰতীয় চোৰাংচোৱা বাহিনীয়ে কাৰমাপা লামা গৰাকীক তেওঁৰ ছিক্কিম ভ্ৰমণৰ সময়ত ভাৰতত মুকলিকৈ ঘুৰা-ফুৰা কৰিবলৈ অনুমতি প্ৰদান কৰা হৈছিল ৷

চিঠিখনত তামাঙে লিখে যে,"বিশ্বাসনীয়ভাৱে তেওঁৰ ওপৰত থকা অভিযোগসমূহ 2018 চনত ৰুমটেক বৌদ্ধমঠক বাদ দি সকলোৱে উঠাই লৈছিল ৷ মোৰ ছিক্কিমবাসীয়ে ধন্য হ'ব যে, তেওঁৰ ওপৰত থকা আটাইবোৰ অভিযোগ আপোনাৰ শাসনকালত উঠাই দিয়া হয় ৷ ধৰ্মীয় বিশ্বাসৰ সৈতে তেওঁৰ দৰ্শন পাবলৈ ছিক্কিমবাসী উৎসুক হৈ আছে আৰু তেওঁক অতি সোনকালে চাব বিচাৰিছে ৷"

দালাই লামা আৰু চীনৰ স্বীকৃতিপ্ৰাপ্ত অগিয়েন ত্ৰিনলে দৰ্জি দুয়ো 17সংখ্যক কাৰমাপা ৷ থায়ে ত্ৰিনলে দৰ্জি হিচাপে ভাৰতে তেওঁক বিৰোধী হিচাপে মানি আহিলেও দালাই লামাৰ পৰৱৰ্তী সময়ত, কাৰমাপা লামাই তিব্বতত প্ৰভূত্ব বিস্তাৰ কৰিবলৈ সক্ষম হৈছে ৷ বিগত তিনি বৰ্ষত কাৰমাপাই দালাই লামালৈ সমৰ্থন আগবঢ়াইছে আৰু তিব্বতৰ লগতে কেন্দ্ৰীয় তিব্বত সংস্থাৰ লগতে চীনৰ সৈতেও একেলগে এই বিষয়টো মানি লৈছে ৷ নিৰ্বাসনত থকা তিব্বতৰ চৰকাৰে ধৰমশালাৰ পৰাই 17সংখ্যক কাৰমাপাৰ ওপৰত তেওঁলোকৰ বিশ্বাস স্বীকাৰ কৰিছে ৷

অৱশ্যে 2018ৰ পিচতে, কাৰমাপা লামা আৰু নতুন দিল্লীৰ মাজত কিছু সমস্যাৰ সৃষ্টি হৈছিল ৷ এয়া হৈছিল 13সংখ্যক তিব্বতীয় বৌদ্ধ ধৰ্মৰ কৰ্মশালাত তেওঁৰ উপস্থিতিক লৈ ৷ পৰৱৰ্তী সময়ত এই কৰ্মশালা বাতিল কৰা হৈছিল ন্যাইংমাপা বিশ্বাসৰ সপ্তম প্ৰধান, কাথক গ্যেটছে ৰিনপছিৰ মৃত্যুৰ পিচত ৷ তেতিয়াৰ পৰাই আন এক দিশ উত্থাপন হৈছিল যেতিয়া ভাৰতীয় বিষয়াই কাৰমাপা লামাই নিজৰ আৱশ্যকীয় তথ্য-পাতি প্ৰদানত ব্যৰ্থ হৈছিল আৰু ডমিনিকান নাগৰিকত্বৰ বাবে অনুৰোধ জনাইছিল ৷

এক ৱেবিনাৰ সম্বোধন কৰি ভাৰতৰ ৰ্'ৰ প্ৰাক্তন বিশেষ সচিব যিয়ে তিব্বতীয় পৰিক্ৰমা বিভাগত ভাৰত চৰকাৰৰ বিশেষ উপদেষ্টা হিচাপেও কাম কৰিছিল, অমিতাভ মাথুৰে কয় যে,"চীনে তেওঁলোকৰ দালাই লামাক আদৰি ল'বলৈ অপেক্ষা কৰি আছে ৷ ভাৰতে ইয়াক অদ্বিতীয়ভাৱে দালাই লামাৰ ইচ্ছাৰ ওপৰত এৰি দিছে ৷ ইয়ে তিব্বতীয়সকলৰ নিৰ্বাসনক পুনৰ সমৰ্থন কৰিব ৷ ভাৰতে শীঘ্ৰেই এই বিষয়ত তেওঁৰ ইচ্ছা কি জানিবলৈ সম্পৰ্ক কৰিব লাগে ৷" পৰৱৰ্তী সময়ত ভাৰত-চীনৰ সম্পৰ্কত তিব্বত সন্দৰ্ভত মত ব্যক্ত কৰি তেওঁ উল্লেখ কৰে যে, এক আগ্ৰহপূৰ্ণ অনুষ্ঠানত কাৰমাপাক আদৰি লোৱাৰ লগতে তেওঁক ভাৰতত মুকলিকৈ থাকিব দিব লাগে, যিহেতু তেওঁ দালাই লামাৰ সমৰ্থন পাইছে আৰু তিব্বতৰ ৰাইজৰ ইচ্ছাক প্ৰতিনিধিত্ব কৰিছে ৷

35 বছৰীয়া 17সংখ্যক কাৰমাপা অগিয়েন ত্ৰিনলে দৰ্জিৰ ভাৰত ভ্ৰমণ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ লিখা পত্ৰখন

উল্লেখ্য যে, ছিক্কিম মন্ত্ৰীসভাৰ কেবিনেট মন্ত্ৰী সোনম লামাই 17সংখ্যক কাৰমাপাগৰাকীক ছিক্কিম ভ্ৰমণলৈ অহাৰ লগতে ছিক্কিমবাসীক আশীৰ্বাদ দিবলৈ আহ্বান জনাইছিল বুলি জানিব পৰা গৈছে ৷

প্ৰৱন্ধটো লিখিছে দিল্লীস্থিত ইটিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক স্মিতা শৰ্মাই ৷

ABOUT THE AUTHOR

...view details