অসম

assam

মানৱ সৰবৰাহৰ অভিযোগত ফ্ৰান্সত তিনিদিনে আবদ্ধ বিমানখন যাবলৈ অনুমতি দিলে ফ্ৰান্স কৰ্তৃপক্ষই

By ETV Bharat Assamese Team

Published : Dec 25, 2023, 8:26 AM IST

তিনিদিনৰ পাচত ফ্ৰান্সত(French) বন্দী হৈ থকা নিকাৰাগুয়া(Nicaragua bound flight) অভিমুখী বিমানখনক যাবলৈ অনুমতি প্ৰদান কৰিছে পেৰিছ(Paris) কৰ্তৃপক্ষই ৷ বিমানখনত থকা 303 জন যাত্ৰীৰ ভিতৰত সৰহসংখ্যক যাত্ৰীয়ে ভাৰতীয় নাগৰিক ৷

Plane Allowed to leave after three days
ফ্ৰান্সত তিনিদিনে বন্দী হৈ থকা বিমানখন যাবলৈ অনুমতি দিলে ফ্ৰান্স কৰ্তৃপক্ষই

ইন্টাৰনেশ্যনেল ডেস্ক, 25 ডিচেম্বৰ :প্ৰায় তিনিদিনৰ পাচত ফ্ৰান্সৰ পেৰিছৰ সমীপৰ এটা বিমান বন্দৰৰ পৰা যাবলৈ দিয়া হৈছেনিকাৰাগুয়া অভিমুখী এখন বিমান ৷ য’ত 303 জন যাত্ৰী আছিল ৷ সেই যাত্ৰীসকলৰ ভিতৰত বেছিভাগে আছিল ভাৰতীয় ৷

ফ্ৰান্সৰ স্থানীয় সংবাদমাধ্যত প্ৰকাশ পোৱা বাতৰি অনুসৰি, নিকাৰাগুয়া অভিমুখী বিমানখনত মানৱ সৰবৰাহ কৰাৰ সন্দেহত পেৰিছৰ ওচৰৰ বিমানবন্দৰত তিনিদিনকৈ আবদ্ধ কৰি ৰখা হৈছিল ৷ অৱশেষত সোমবাৰে যাত্ৰীবাহী বিমানখন যাবলৈ অনুমতি প্ৰদান কৰিছে পেৰিছ কৰ্তৃপক্ষই ৷

ফৰাচী সংবাদ প্ৰতিষ্ঠান বি এফ এম টি ভিয়ে জনোৱা অনুসৰি, বিমানখন পেৰিছ এৰিবলৈ ধৰোতে বিমানখনৰ উৰণত বাধা আৰোপ কৰিছিল ফৰাচী বিমান কৰ্তৃপক্ষই ৷ কিয়নো, পেৰিছৰ পৰা 150 কিঃমিৰ দূৰত থকা ভাট্ৰি বিমানবন্দৰত ফৰাচী কৰ্তৃপক্ষই কিছু যাত্ৰীক মানৱ সৰবৰাহকাৰী বুলি সন্দেহ কৰিছিল ৷ সেয়ে মানৱ সৰবৰাহৰ সন্দেহত পেৰিছৰ অভিযোজক কাৰ্যালয়ৰ তৰফৰ পৰা তদন্ত আৰম্ভ কৰিছিল ৷

ফৰাচী সংবাদ মাধ্যমৰ মতে, বিমানখনত থকা কিছু যাত্ৰীয়ে হিন্দী আৰু তামিল ভাষাত কথা পাতিছিল আৰু তেওঁলোকে টেলিফোনযোগে তেওঁলোকৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰিছিল ৷ ফৰাচী অধিবক্তাসকলৰ মতে, শুক্ৰবাৰৰ পৰা বিমানখনত 11 জন কিশোৰ আৰু দুজন যাত্ৰী আৰক্ষীৰ জিম্মাত আছে ৷ শনিবাৰে সন্ধিয়া তেওঁলোকক 48 ঘণ্টালৈকে বন্দী কৰি জেৰা কৰা হৈছিল ।

বিমানখন ৰোমানিয়ান চাৰ্টাৰ কোম্পানী লেজেণ্ড এয়াৰলাইনছৰ মালিকানাধীন । প্ৰতিষ্ঠানটোৰ এগৰাকী অধিবক্তা লিলিয়ানা বাকায়োকোৱে উল্লেখ কৰা অনুসৰি, বিমানখনে মানৱ সৰবৰাহৰ সৈতে কোনো ধৰণে জড়িত নাই ৷ কাৰণ বিমানখনৰ প্ৰতিজন যাত্ৰীৰ পৰিচয়পত্ৰ পৰীক্ষা কৰা হৈছিল ৷ বিমানখন এৰা 48 ঘণ্টাৰ পূৰ্বে যাত্ৰীসকলৰ পাছপোৰ্টৰ তথ্য এয়াৰলাইনক অৱগত কৰা হৈছিল বুলি উল্লেখ কৰে বাকায়োকোৱে ৷

লগতে পঢ়ক :মানৱ সৰবৰাহৰ অভিযোগত ফ্ৰান্সত বিমান জব্দ, ভাৰতীয় যাত্ৰীক সহায়ৰ আশ্বাস দূতাবাসৰ

ABOUT THE AUTHOR

...view details