অসম

assam

সঠিক ভাৰসাম্য বজাই ৰখাটোৱে আমাৰ প্ৰত্যাহ্বান; যুদ্ধবিৰতিৰ সপক্ষে ভাৰতৰ ভোটদান সন্দৰ্ভত কম্বোজ

By ETV Bharat Assamese Team

Published : Dec 13, 2023, 12:40 PM IST

Updated : Dec 13, 2023, 3:07 PM IST

গাজাত তাৎক্ষণিক যুদ্ধবিৰতিৰ দাবীত ভাৰতে কিয় ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ প্ৰস্তাৱৰ সপক্ষে ভোটদান কৰিলে এই সন্দৰ্ভত ব্যাখ্যা আগবঢ়াইছে ৰাষ্ট্ৰসংঘৰ ৰাষ্ট্ৰদূত ৰুচিৰা কম্বোজে । তেওঁ ৰাষ্ট্ৰসংঘৰ চনদৰ অনুচ্ছেদ ৯৯ প্ৰয়োগ কৰা মহাসচিবৰ কথা উল্লেখ কৰে, যিয়ে এই মুহূৰ্তত আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ে কিহৰ সন্মুখীন হৈছে তাৰ গুৰুত্ব আৰু জটিলতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । উল্লেখ্য যে প্ৰস্তাৱৰ সপক্ষে ভোট দিয়া ১৫৩ খন ৰাষ্ট্ৰৰ ভিতৰত ভাৰতো আছে ।

India voting in favour of Gaza ceasefire
যুদ্ধবিৰতিৰ সপক্ষে ভাৰত ভোটদান সন্দৰ্ভত কম্বোজ

ইণ্টাৰনেশ্যনেল ডেস্ক, ১৩ ডিচেম্বৰ : গাজাত তাৎক্ষণিক মানৱীয় যুদ্ধবিৰতিৰ দাবীত সাধাৰণ সভাৰ প্ৰস্তাৱৰ সপক্ষে ভোটদান কৰাৰ পিছত ভাৰতে কৈছে যে এই অসাধাৰণ কঠিন সময়ত আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হৈছে 'সঠিক ভাৰসাম্য' বজাই ৰখা । উল্লেখ্য যে ১৯৩ খন সদস্য ৰাষ্ট্ৰৰ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই মঙলবাৰে এক জৰুৰীকালীন বিশেষ অধিবেশনত যুদ্ধবিৰতিৰ খচৰা প্ৰস্তাৱটো বিপুলসংখ্যক সদস্যৰ সমৰ্থনত গ্ৰহণ কৰে । ১৫৩ খন ৰাষ্ট্ৰই প্ৰস্তাৱটোৰ সপক্ষে ভোটদান কৰাৰ বিপৰীতে ১০ খনে বিৰোধিতা কৰে । আনহাতে, ২৩ খন ৰাষ্ট্ৰ ভোটদান প্ৰক্ৰিয়াত উপস্থিত নাথাকে ।

ৰাষ্ট্ৰসংঘৰ ৰাষ্ট্ৰদূত হিচাপে ভাৰতৰ স্থায়ী প্ৰতিনিধি ৰুচিৰা কম্বোজে ভোটদানৰ পিছত কয় যে ভাৰতে সাধাৰণ সভাৰ দ্বাৰা গৃহীত প্ৰস্তাৱৰ সপক্ষে ভোটদান কৰিছে । সাধাৰণ সভাৰ হলত গৃহীত এই প্ৰস্তাৱৰ সপক্ষে ভোট দিয়া ১৫৩ খন ৰাষ্ট্ৰৰ ভিতৰত ভাৰতো আছে । বিপক্ষে ভোটদান কৰাসকলৰ ভিতৰত আছে অষ্ট্ৰিয়া, ইজৰাইল আৰু আমেৰিকা । আনহাতে, জাৰ্মানী, হাংগেৰী, ইটালী, ইউক্ৰেইন আৰু ব্ৰিটেইন ভোটদানৰ পৰা বিৰত থাকে ।

ইজিপ্তে উত্থাপন কৰা এই প্ৰস্তাৱত তাৎক্ষণিক মানৱীয় যুদ্ধবিৰতিৰ দাবী উত্থাপন কৰা হয় । আনহাতে, আন্তৰ্জাতিক মানৱীয় আইনকে ধৰি আন্তৰ্জাতিক আইনৰ অধীনত সকলো পক্ষই তেওঁলোকৰ দায়বদ্ধতা পালন কৰাৰ দাবী পুনৰ দোহাৰে । বিশেষকৈ অসামৰিক লোকসকলৰ সুৰক্ষাৰ বিষয়ে তেওঁলোকে মতপোষণ কৰে । লগতে সকলো বন্দীক তাৎক্ষণিক আৰু চৰ্তহীনভাৱে মুকলি কৰাৰ লগতে মানৱীয় সাহায্য প্ৰৱেশ কৰাটো নিশ্চিত কৰাৰ বাবেও দাবী জনোৱা হয় ।

ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই এই প্ৰস্তাৱ গ্ৰহণ কৰাৰ লগে লগে ভাৰতে এই সত্যটোক আদৰণি জনাইছে যে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ে এই মুহূৰ্তত অঞ্চলটোৱে সন্মুখীন হোৱা একাধিক প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ এক উমৈহতীয়া পথ বিচাৰি উলিয়াবলৈ সক্ষম হৈছে । ভাৰতৰ ৰাষ্ট্ৰদূত কম্বোজে কয় যে এই অসাধাৰণ কঠিন সময়ত ভাৰতৰ প্ৰত্যাহ্বান হৈছে সঠিক ভাৰসাম্য বজাই ৰখা । আন্তৰ্জাতিক সম্প্ৰদায়ে যি সমস্যাৰ সন্মুখীন হৈছে তাৰ গুৰুত্ব আৰু জটিলতাৰ ওপৰত ৰাষ্ট্ৰসংঘৰ চনদৰ অনুচ্ছেদ ৯৯ প্ৰয়োগ কৰি মহাসচিবে এই কথা উল্লেখ কৰা বুলি তেওঁ লগতে কয় ।

উল্লেখ্য যে গুটেৰেছে বিগত সপ্তাহত ৰাষ্ট্ৰসংঘৰ চনদৰ অধীনত বিৰল আৰু নাটকীয় সাংবিধানিক পদক্ষেপৰ আহ্বান জনাইছিল । ইয়াৰ কাৰণ হৈছে যাতে গাজাত মানৱীয় যুদ্ধবিৰতিৰ বাবে নিৰাপত্তা পৰিষদৰ ওচৰত আবেদন জনোৱা হয় আৰু এক 'মানৱীয় বিপৰ্যয়' প্ৰতিহত কৰা হয় । যাৰ ফলত পেলেষ্টাইনীসকলৰ জীৱনৰ ওপৰত সম্ভাৱ্য সকলো ধৰণৰ প্ৰভাৱ পেলোৱাৰ লগতে অঞ্চলটোত শান্তি আৰু নিৰাপত্তাৰ ওপৰত প্ৰভাৱ পেলায় ।

ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ প্ৰস্তাৱটোৱে ৰাষ্ট্ৰসংঘৰ চনদৰ অনুচ্ছেদ ৯৯-ৰ অধীনত লিখা গুটেৰেছৰ ৬ ডিচেম্বৰৰ পত্ৰৰ প্ৰতিও লক্ষ্য ৰাখে । উল্লেখ্য যে ২০১৭ চনত তেওঁ ৰাষ্ট্ৰসংঘৰ মহাসচিব হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে এই অনুচ্ছেদটো প্ৰয়োগ কৰিছিল । অনুচ্ছেদ ৯৯-ত কোৱা হৈছে যে যিকোনো বিষয়ৰ প্ৰতি মহাসচিবে নিৰাপত্তা পৰিষদৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰে, য'ত তেওঁৰ মতে আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখাৰ প্ৰতি ভাবুকি আহিব পাৰে ।

লগতে পঢ়ক :গাজাত মানৱীয় যুদ্ধবিৰতিৰ সমৰ্থনত ইউএনজিএৰ খচৰা প্ৰস্তাৱত ভাৰতৰ লগতে 153 খন ৰাষ্ট্ৰৰ ভোটদান

Last Updated : Dec 13, 2023, 3:07 PM IST

ABOUT THE AUTHOR

...view details