অসম

assam

Corona created havoc again in China : চীনত আকৌ কৰ'ণাৰ আতংক

By

Published : Nov 24, 2022, 1:31 PM IST

Corona created havoc again in China

পুনৰ চীনত ক'ভিডৰ আতংক (Covid scare in China again)। লকডাউনৰ লগতে বিভিন্ন কঠোৰ পদক্ষেপ লোৱাৰ পাছতো কৰ'ণাত আক্ৰান্ত লোকৰ সংখ্যা নিতৌ বৃদ্ধি হৈছে । উদ্বিগ্ন বিশ্বৰ বাকী দেশ ।

ইণ্টাৰনেশ্যনেল,২৪ নৱেম্বৰ :বিশ্বজুৰি কৰ'ণাৰ আতংক কমিছে যদিও চীনত পুনৰ কৰ'ণাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে (Corona created havoc again in China)। নতুনকৈ বহু লোক আক্ৰান্ত হৈছে কৰ'ণাত । ক'ভিড-১৯ৰ ভয়ত পুনৰ কঁপি উঠিছে দেশখন । চিন্তিত হৈ পৰিছে দেশখনৰ চিকিৎসক তথা গৱেষকসকল ।

চৰকাৰেও পুনৰ ক'ভিড পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সাজু হৈছে । চীনত বুধবাৰে ৩১,৪৫৪ গৰাকী লোক ক'ভিড-১৯ৰ চিকাৰ হৈছে । যাৰ ভিতৰত ২৭,৫১৭ গৰাকী লোকৰ দেহতে কোনো লক্ষণ দেখা পোৱা নাছিল (Covid cases increased in China)। জানিব পৰা মতে দেশখনত কৰ'ণা প্ৰতিৰোধৰ বাবে পুনৰ লকডাউন, ক'ভিড পৰীক্ষা আৰু ভ্ৰমণ নিষিদ্ধৰ দৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে (Lockdown in China)।

দেশখনৰ প্ৰায় ১৪০ কোটি জনসংখ্যাৰ তুলনা ক'ভিড আক্ৰান্তৰ সংখ্যা যদিও যথেষ্ট কম, তথাপিও বেইজিং প্ৰশাসনে কঠোৰ পদক্ষেপ লৈছে । সংক্ৰমণৰ প্ৰাথমিক পৰ্যায়তে ইয়াক প্ৰতিৰোধ কৰিবলৈ বিভিন্ন কঠোৰ পদক্ষেপ লোৱাৰ সম্ভাৱনা আছে । চহৰৰ দৰে জনবহুল অঞ্চলসমূহ বন্ধ কৰাৰ লগতে সংক্ৰমিত লোকৰ সংস্পৰ্শলৈ অহা লোকসকলক কঠোৰ কোৱাৰেণ্টাইনত ৰখাৰ সম্ভাৱনা আছে ।

ইফালে চৰকাৰৰ কঠোৰ পদক্ষেপক লৈ অসন্তুষ্ট হৈছে জনসাধাৰণ । বিভিন্ন স্থানত প্ৰতিবাদৰ সৃষ্টি হোৱাও দেখা গৈছে । ইফালে চীনত ক'ভিড সংক্ৰমণ পুনৰ আৰম্ভ হোৱাৰ লগে লগে বিশ্বৰ বাকী দেশসমূহো চিন্তিত হৈছে । মহামাৰীৰ ফলত জুৰুলা হোৱা অৰ্থ ব্যৱস্থাক দেশসমূহে পুনৰ আগৰ অৱস্থালৈ ঘূৰাই অনাৰ চেষ্টা চলাই থকাৰ মাজতে চীনৰ পৰা অহা এই খবৰে উদ্বিগ্ন কৰি তুলিছে সকলোকে ।

উল্লেখ্য যে চীনৰ পৰাই প্ৰাদুৰ্ভাৱ হোৱা ক'ভিড-১৯ য়ে সমগ্ৰ বিশ্বতে হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰিছে (Corona outbreak in China)। ইতিমধ্যে প্ৰতিখন দেশে কৰ'ণাৰ ফলক ক্ষতিগ্ৰস্ত হৈছে । বিশ্বৰ ধনী ধনী দেশসমূহো অৰ্থনৈতিকভাৱে জুৰুলা হৈ পৰিছে মহামাৰীৰ ফলত । অৱশ্যে বিগত প্ৰায় ১ বছৰৰ পৰা ক'ভিডৰ সংক্ৰমণ কমি অহাৰ পাছত প্ৰতিখন দেশে কিছু সকাহ পাইছে ।

লগতে পঢ়ক :Earthquake in Solomon Island : ৭.৩ প্ৰাবল্যৰ ভূঁইকপে জোঁকাৰি গ’ল ছলমন দ্বীপপুঞ্জ

ABOUT THE AUTHOR

...view details