অসম

assam

Oscar 2022 Will Smith Chris Rock incident: ৰাজহুৱাকৈ ক্ষমা বিচাৰিলে উইল স্মিথে

By

Published : Mar 29, 2022, 4:33 PM IST

Updated : Sep 22, 2022, 8:47 PM IST

অস্কাৰৰ মঞ্চত ক্ৰিছ ৰকক চৰ মাৰি নিজৰ এই আচৰণৰ বাবে অনুতপ্ত হৈ পৰিল উইল স্মিথ (Oscar 2022 Will Smith Chris Rock incident) ৷ ৰাজহুৱাকৈ ক্ষমা বিচাৰিলে তাৰকাজনে ৷

Oscar 2022 Will Smith Chris Rock incident
ৰাজহুৱাকৈ ক্ষমা বিচাৰিলে উইল স্মিথে

চিটাৰা ডেস্ক, 29 মাৰ্চ:অস্কাৰ ২০২২ ৰ 94 তম সংস্কৰণ বঁটা প্ৰদান অনুষ্ঠানত এক অনাকাংক্ষিত ঘটনাৰ সাক্ষী হৈ ৰ’ল দৰ্শকসকল ৷ অস্কাৰৰ মঞ্চত জনপ্ৰিয় অভিনেতা উইল স্মিথৰ আচৰণে আচৰিত কৰি তুলিছিল উপস্থিত দৰ্শকবৃন্দক ৷ কৌতুক অভিনেতা ক্ৰিছ ৰকক মঞ্চতেই অপদস্থ কৰি বৰ্তমানে বাতৰিৰ শিৰোনাম দখল কৰি আছে উইল স্মিথে (Oscar 2022 Will Smith Chris Rock incident) ৷

একাডেমী অফ মোচন পিকচাৰ্ছ আৰ্টছ এণ্ড চাইন্সে স্মিথৰ এই আচৰণক গৰিহণা দিছে লগতে তদন্তৰ কথাও ঘোষণা কৰিছে ৷ দৰাচলতে কৌতুক অভিনেতা ক্ৰিছ ৰকে উইল স্মিথৰ পত্নীক লৈ কৰিছিল এক ব্যংগাত্মক মন্তব্য ৷ এলোপেচিয়াত আক্ৰান্ত উইলৰ পত্নীৰ তপা ৰূপটোকলৈ কৰা কৌতুক হজম কৰিব নোৱাৰিলে স্বামীয়ে ৷ বহি থকা আসনৰ পৰা উঠি গৈ মঞ্চতেই শোধাই থৈ আহিলগৈ এটা চৰ!(Smith slaps Rock)

এতিয়া দেশজুৰি চৰ্চা হৈছে এই ঘটনাৰ ৷ কোনোৱে যদি উইলক সমৰ্থন কৰিছে আন কোনোৱে আকৌ সমৰ্থন আগবঢ়াইছে ক্ৰিছ ৰকলৈ ৷ ঘটনাটোৰ পিছদিনা উইল স্মিথে নিজৰ ইন্ষ্টাগ্ৰামৰ জৰিয়তে ক্ৰিছ ৰকৰ নাম উত্থাপন কৰি প্ৰেৰণ কৰিলে এক বাৰ্তা (Will Smith latest instagram post) ৷ বাৰ্তাটোত তেওঁ লিখে যে, "হিংসাৰ প্ৰতিটো প্ৰকাৰেই ধ্বংসকাৰী ৷ যোৱানিশাৰ অনুষ্ঠানটোত মোৰ ব্যৱহাৰ গ্ৰহণযোগ্য নাছিল ৷ কৌতুক এটা পেছা, কিন্তু মোৰ পত্নী জাডাৰ স্বাস্থ্যজনিত কথাক লৈ কৰা কৌতুকক মোৰ সহ্য সীমাৰ বাহিৰত আৰু মই আৱেগিক হৈ পৰিছিলো ৷ মই আপোনাৰ ওচৰত ৰাজহুৱাভাৱে ক্ষমা বিচাৰিছো ক্ৰিছ, মই ভুল কৰিছিলো, মই মোৰ কামৰ বাবে লজ্জিত ৷ মোৰ কামটোৱে প্ৰকাশ কৰা মানুহজন আচলতে মই নহয় ৷ প্ৰেম আৰু দয়াৰ পৃথিৱীত হিংসাৰ কোনো স্থান নাই" ।

৫৩ বছৰীয়া অভিনেতাজনে চলচ্চিত্ৰ একাডেমী, সম্প্ৰচাৰৰ প্ৰযোজক, অংশগ্ৰহণকাৰী, দৰ্শক আৰু উইলিয়ামছ পৰিয়ালৰ ওচৰত ক্ষমা বিচাৰিছিল । দেওবাৰে অনুষ্ঠিত অস্কাৰৰ বঁটা বিতৰণী অনুষ্ঠানত 'কিং ৰিচাৰ্ড' ছবিখনৰ বাবে স্মিথক শ্ৰেষ্ঠ অভিনেতাৰ বঁটাৰে সন্মানিত কৰা হৈছিল ।

অনুতপ্ত হৈ পৰিল উইল স্মিথ

ক্ৰিছ ৰকে কৌতুকটোৰে উইল স্মিথৰ পত্নীৰ তপা মূৰটোকলৈ উপহাস কৰিছিল ৷ জাডা পিংকেট স্মিথে পূৰ্বতে এলোপেচিয়াৰ সৈতে তেওঁৰ সংগ্ৰামৰ কথা অনুৰাগীৰে সৈতে শ্বেয়াৰ কৰিছিল ৷ এলোপেচিয়াৰ সৈতে দীৰ্ঘদিন ধৰি যুঁজি থকা পত্নীক লৈ এনে ধেমালি কোনোপধ্যে গ্ৰহণ কৰিব নোৱাৰিলে স্মিথে ৷ কৌতুক অভিনেতাজনক চৰ মাৰি পুনৰ সকীয়নী দিছিল জাডাৰ নাম মুখত ন’লবলৈ ৷ স্মিথৰ চিঞৰ ডলবী থিয়েটাৰত সকলোৱে শুনাকৈ প্ৰতিধ্বনিত হৈছিল ৷

পৰিয়ালৰে সৈতে স্মিথ

ঘটনাটো ঘটাৰ প্ৰায় আধা ঘণ্টাৰ ভিতৰতেই উইলে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰে ৷ তাত উপস্থিত কেইবাজনো লেখক, প্ৰযোজকে স্মিথৰ বিৰুদ্ধে একাডেমীক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাই ৷ তেওঁলোকে স্মিথে একাডেমীৰ নাম বদনাম কৰিছে বুলিও অভিযোগ আনে ৷ আনহাতে আৱেগিক হৈ পৰা স্মিথৰ কাষলৈয়ো আহিল বহুকেইজন তাৰকা ৷ চাওঁক ফটো-

লগতে পঢ়ক:Oscar 2022 updates: অস্কাৰৰ বঁটা প্ৰদান অনুষ্ঠানত চৰ পৰিল ক্ৰিছ ৰকৰ গালত

Last Updated : Sep 22, 2022, 8:47 PM IST

ABOUT THE AUTHOR

...view details