অসম

assam

তামান্না ভাটিয়াই প্ৰকাশ কৰিলে তেওঁৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভয়টোৰ কথা

By

Published : Jul 6, 2022, 9:19 PM IST

ছ'চিয়েল মিডিয়াত এক প্ৰশ্ন-উত্তৰৰ পৰ্বত তামান্না ভাটিয়াই তেওঁৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভয়ৰ বিষয়ে মুকলিকৈ প্ৰকাশ কৰে । অভিনেত্ৰী গৰাকীয়ে এইটোও জনাই যে তেওঁ এতিয়ালৈকে অভিনয় কৰা চৰিত্ৰবোৰৰ ভিতৰত আটাইতকৈ বিশেষ চৰিত্ৰ কোনবোৰ তেওঁৰ বাবে ( All about Tamannaah Bhatia) ।

Tamannaah Bhatia
তামান্না ভাটিয়াই প্ৰকাশ কৰিলে তেওঁৰ জীৱনৰ আটাইতকৈ ভয়টো

চিটাৰা ডেস্ক, 6 জুলাই : অভিনেত্ৰী তামান্না ভাটিয়াই তেওঁৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভয়টো প্ৰকাশ কৰিছে । বৰ্তমানে মুম্বাইত শ্বুটিং কৰি থকা অভিনেত্ৰীগৰাকীয়ে (Tamannaah Bhatia latest updates) মঙলবাৰে তেওঁৰ শ্বুটিং স্থলীত উপস্থিত হ'বলৈ অপেক্ষা কৰি থকাৰ সময়ত টুইটাৰত অনুৰাগীসকলে সোধা প্ৰশ্নৰ উত্তৰ দিয়াৰ সিদ্ধান্ত লয় ।

অনুৰাগীসকলৰ সৈতে অভিনেত্ৰীগৰাকীয়ে আৰম্ভ কৰে এটা প্ৰশ্ন-উত্তৰ চেছন (Tamannaah Bhatia news) ৷ অনুৰাগীৰে সৈতে এই বাৰ্তালাপৰ সময়ত তেওঁৰ আটাইতকৈ ডাঙৰ ভয়টো কি সেই বিষয়ে তেওঁক এটা প্ৰশ্ন সোধা হৈছিল । তামান্নাই উত্তৰত কয় এইদৰে, "মোৰ স্মৃতি শক্তি হেৰুৱাই দিয়া... হেই, এইটো ভাবিয়েই ভয়ানক যেন লাগিছে" ।

তামান্নাই লগতে তামিল চলচ্চিত্ৰ ধৰ্মদুৰাইৰ পৰা শুভাশিনী আৰু বাহুবলীৰ অৱন্তিকা এই চৰিত্ৰ দুটা তেওঁ এতিয়ালৈকে অভিনয় কৰা চৰিত্ৰ সমূহৰ ভিতৰত আটাইতকৈ বিশেষ চৰিত্ৰ হিচাপে বাছনি কৰে ।

কোনটো কাল্পনিক চৰিত্ৰক বাস্তৱ জীৱনত লগ পাবলৈ তেওঁ আটাইতকৈ উৎসাহী বুলি সোধাত তামান্নাই উত্তৰ দিছিল, ছাৰ্লক হোমছ । তামান্নাই এইটোও উল্লেখ কৰিছিল যে জীৱনটো সম্পূৰ্ণৰূপে জীয়াই থকাৰ চিন্তাটো তেওঁ আনৰ সৈতে শ্বেয়াৰ কৰিব বিচাৰে ( All about Tamannaah Bhatia)।

তেওঁৰ কোনো গোপন প্ৰতিভা আছে নেকি বুলি সোধাত তাৰকাগৰাকীয়ে কয়, "মোৰ ওচৰত মই নিজে সৃষ্টি কৰা কিছুমান শব্দ আছে যেনে 'chichi matchi', যাৰ অৰ্থ হৈছে নাভি, 'kitkittayi'ৰ অৰ্থ হৈছে কুটকুটাই দিয়া, 'Ja La Ling', যাৰ অৰ্থ হৈছে ঈৰ্ষা" ৷

লগতে পঢ়ক :সপ্তাহ আৰম্ভণিৰ ভাগৰৰ পৰা মুক্তি পাব বিচাৰিছে নেকি, তেন্তে চাওক ফটো ৰণবীৰ বাণীৰ হট ফটোশ্বুটৰ

ABOUT THE AUTHOR

...view details