অসম

assam

Priyanka Chopra in India : মালতীৰ সৈতে ভাৰতলৈ আহিছে প্ৰিয়ংকা, হট লুকত বিমানবন্দৰত দেখা গ’ল দেশী গাৰ্লক

By

Published : Mar 31, 2023, 9:39 PM IST

পৰিয়ালৰ সৈতে ভাৰতলৈ আহিছে বলীউডৰ দেশী গাৰ্ল প্ৰিয়ংকা চোপ্ৰা (Priyanka Chopra in India)। শুকুৰবাৰে কন্যা মালতী মেৰী চোপ্ৰা জ’নাছ আৰু স্বামী নিক জ’নাছৰ সৈতে বিমানবন্দৰত দেখা পোৱা গৈছে অভিনেত্ৰীগৰাকীক।

Watch: Priyanka Chopra Nick Jonas arrive in India for the first time with daughter Malti Marie
ভাৰতলৈ আহিছে বলীউডৰ দেশী গাৰ্ল প্ৰিয়ংকা চোপ্ৰা

চিটাৰা ডেস্ক, 31 মাৰ্চ: গ্ল’বেল ষ্টাৰ প্ৰিয়ংকা চোপ্ৰাৰ অনুৰাগীৰ বাবে এটা ভাল খবৰ । বলীউড সন্দৰ্ভত শেহতীয়াকৈ চাঞ্চল্যকৰ মন্তব্য প্ৰকাশৰ পিচত এতিয়া কন্যা মালতী মেৰী চোপ্ৰা জ’নাছ আৰু স্বামী নিক জ’নাছৰ সৈতে নিজৰ জন্মভূমি ভাৰতলৈ উভতি আহিছে প্ৰিয়ংকা চোপ্ৰা (Priyanka Chopra in India)। শুকুৰবাৰে (৩১ মাৰ্চ) পৰিয়ালৰ সৈতে মুম্বাইত উপস্থিত হয় প্ৰিয়ংকা (Priyanka Chopra Nick Jonas arrive in India) ।

এইখিনিতে উল্লেখ কৰিব লাগিব যে, প্ৰিয়ংকা চোপ্ৰা প্ৰথমবাৰৰ বাবে কন্যা মালতী মেৰী চোপ্ৰা জ’নাছৰ সৈতে ভাৰতলৈ আহিছে । এনে পৰিস্থিতিত মালতীও প্ৰথমবাৰৰ বাবে মাতৃৰ ফালৰ পৰা আইতাক মধু চোপ্ৰাৰ ঘৰলৈ আহিছে । গোলাপী ৰঙৰ থাই হাই স্লিট ড্ৰেছ পৰিধান কৰি ভাৰতত উপস্থিত হৈছে প্ৰিয়ংকা চোপ্ৰা, আনহাতে মালতীয়ে পৰিধান কৰিছে ধুনীয়া ফ্ৰক (Priyanka Chopra Nick Jonas in india) ।

সম্প্ৰতি ছ’চিয়েল মিডিয়াত প্ৰিয়ংকা চোপ্ৰাৰ ভাৰতলৈ অহাৰ খবৰ দ্ৰুতগতিত বিয়পি পৰিছে । বিমানবন্দৰত জ’নাছ পৰিয়ালৰ চাৱনি দেখা গৈছে । বিমানবন্দৰৰ পৰা ভাইৰেল হোৱা প্ৰিয়ংকাৰ ভিডিঅ’ আৰু ফটোবোৰে আকৰ্ষিত কৰিছে পিচিৰ অনুৰাগীক (Priyanka Chopra Nick Jonas daughter in India) ৷

একে সময়তে নিক জ’নাছক কুল লুকত দেখা পোৱা গৈছে । নিকে মূৰত কমলা ৰঙৰ কেপ পৰিধান কৰিছে । একে সময়তে জ’নাছ পৰিয়ালটোক ধুনীয়া আৰু মৰমলগা দেখা গৈছে। মালতী জন্মৰ এবছৰৰ পাচত গ্ৰীষ্মকালীন ছুটীত আইতাৰ ঘৰলৈ আহিছে ৷ যোৱা বছৰৰ জানুৱাৰী মাহত চেৰ’গেচিৰ জৰিয়তে জন্ম হৈছিল মালতীৰ (Priyanka chopra to attend NMACC launch)।

উল্লেখ্য যে, শেহতীয়াকৈ দিয়া এটা সাক্ষাৎকাৰত প্ৰিয়ংকা চোপ্ৰাই বলীউডৰ ত্যাগ কৰাৰ আঁৰৰ কাৰণ উদঙাই দিছিল ৷ যাৰ ফলত চলচ্চিত্ৰ জগতত এক প্ৰকাৰে সৃ্ষ্টি হৈছিল ব্যাপক প্ৰতিক্ৰিয়াৰ ৷ প্ৰিয়ংকা চোপ্ৰাই সাক্ষাৎকাৰটোত কৈছিল যে তেওঁ বলীউডৰ ৰাজনীতিত ভাগৰি পৰিছিল সেইকাৰণেই তেওঁ আমেৰিকালৈ গৈ নিজৰ কেৰিয়াৰ বিচাৰিবলগীয়া হৈছিল । এই চাঞ্চল্যৰ কথা প্ৰকাশ পোৱাৰ পিচত সমগ্ৰ চলচ্চিত্ৰ জগতত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছিল (Nick priyanka to attend NMACC launch) ।

লগতে পঢ়ক:Priyanka Chopra: ধনী চেলিব্ৰিটি বিউটি ব্ৰেণ্ড ২০২৩ ৰ দ্বিতীয় স্থানত দেশী গাৰ্ল প্ৰিয়ংকা, প্ৰথম স্থানত কোন ?

ABOUT THE AUTHOR

...view details