অসম

assam

Urfi Javed: বান্দ্ৰা থানাৰ পৰা চিন্তিত অৱস্থাত ওলাই আহিল উৰ্ফী

By ETV Bharat Assamese Team

Published : Oct 23, 2023, 5:18 PM IST

ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে উৰ্ফী জাভেদৰ শেহতীয়া ভিডিঅ’, য’ত তেওঁক বান্দ্ৰা থানাৰ পৰা ওলাই অহা দেখা গৈছে ৷ চাওক ভিডিঅ’টো ৷

urfi Javed visit mumbai bandra police station
ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে উৰ্ফী জাভেদৰ শেহতীয়া ভিডিঅ’

চিটাৰা ডেস্ক, 23 অক্টোবৰ: উৰ্ফী জাভেদ প্ৰায়ে নিজৰ অস্বাভাৱিক সাজ-পোছাকৰ বাবে বাতৰিৰ শিৰোনামত থাকে । উৰ্ফী জাভেদৰ অদ্ভুত ফেশ্বন চেন্সৰ বাবেই উৰ্ফীয়ে জনপ্ৰিয়তা লাভ কৰিছে ৷ অৱশ্যে বাস্তৱ জীৱনত উৰ্ফী জাভেদ অতি সাহসী । নিজৰ মন্তব্যৰ পৰা কেতিয়াও পিছুৱাই নাথাকে উৰ্ফী ৷ প্ৰায়ে দেশৰ যিকোনো ডাঙৰ বিষয়ত মাত মাতি আহিছে উৰ্ফীয়ে ৷

কিন্তু বহু সময়ত উৰ্ফীক ছ’চিয়েল মিডিয়াত তেওঁ সাজ-পাৰৰ বাবে ট্ৰ’ল কৰা হয় । অৱশ্যে উৰ্ফীয়ে এইবোৰ সমালোচনাক গুৰুত্ব নিদিয়ে । আনকি কেতিয়াবা উৰ্ফীয়েও ট্ৰলাৰসকলক উপযুক্ত উত্তৰো দিয়া পৰিলক্ষিত হয় । কিন্তু শেহতীয়াকৈ উৰ্ফী জাভেদ নিজৰ ড্ৰেছিং চেন্সৰ বাবে সকলোৰে পৰা প্ৰশংসা লাভ কৰিছে । আচলতে উৰ্ফী জাভেদে এযোৰ নৰ্মেল ড্ৰেছ পৰিধান কৰিছিল, য’ত উৰ্ফীক অতি ধুনীয়া দেখা গৈছিল । উৰ্ফী জাভেদে বহুৰঙী ক্ৰপ-টপৰ সৈতে এটা দীঘল স্কাৰ্ট পৰিধান কৰিছিল, যিটো ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে প্ৰশংসা কৰিছিল ।

ছ’চিয়েল মিডিয়াত প্ৰতিদিনে ভাইৰেল হোৱা দেখা যায় উৰ্ফী জাভেদৰ ছবি আৰু ভিডিঅ’ । উৰ্ফী জাভেদেও নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত বহু ফটো শ্বেয়াৰ কৰে আৰু কেতিয়াবা পাপাৰাৎজীৰ নিজৰ কেমেৰাত বন্দী কৰে উৰ্ফীক জাভেদক ৷ উৰ্ফীক প্ৰায়ে পাপাৰাৎজীয়ে নিজৰ কেমেৰাত বন্দী কৰে।

এতিয়া উৰ্ফী জাভেদৰ এটা নতুন ভিডিঅ’ প্ৰকাশ পাইছে, য’ত তেওঁক থানালৈ যোৱা দেখা গৈছে । উৰ্ফীৰ এই ভিডিঅ’টো কেইবাটাও পাপাৰাৎজী একাউন্টে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে ৷

দৰাচলতে মুম্বাইৰ বান্দ্ৰা থানাত উপস্থিত হৈছিল উৰ্ফী জাভেদ । যেতিয়া থানাৰ পৰা ওলাই আহে উৰ্ফী তেতিয়া পাপাৰাজীয়ে উৰ্ফীক প্ৰশ্ন কৰে আপুনি থানাত আপোনাৰ বক্তব্য লিপিবদ্ধ কৰি আহিছে নেকি ? এই প্ৰশ্নৰ উত্তৰত উৰ্ফীয়ে কয় নাই নহ’ল ৷ অৱশ্যে উৰ্ফীক চিন্তিত যেন লাগিছিল ৷ যাৰ বাবে খৰখেদাকৈ সেই স্থানৰ পৰা ওলাই গুচি যায় ৷

ইফালে থানাৰ বাবে উৰ্ফীয়ে বাছি লৈছিল অদ্ভুত সাজ ৷ তলৰ পৰা ফাটি যোৱা জিন্স আৰু অলিভ গ্ৰীণ ব্লেজাৰ পৰিধান কৰিছিল উৰ্ফীয়ে । ব্লেজাৰৰ পিছফালে উৰ্ফীয়ে লিখিছে শ্বাহৰুখ খানৰ ছবিৰ সংলাপ ৷ সেয়া হৈছে ‘ডন কো পকাড়না’।

থানালৈ যোৱা দেখি উৰ্ফীৰ অনুৰাগীয়ে জানিবলৈ আগ্ৰহী হৈ পৰে আচলতে কি হৈছে উৰ্ফীৰ লগত ৷ মন্তব্য কৰি এজন ব্যৱহাৰকাৰীয়ে লিখিছে – Don me isko le rahe kya ? আন এজনে লিখিছে - এইটো কেনেকুৱা ডন ? আন এজনে লিখিছে – আজিৰ ভিক্ষাৰীও ভাল কাপোৰ পিন্ধে ।

লগতে পঢ়ক:Uorfi Javed Demon Look: উৰ্ফী জাভেদৰ ভয়ংকৰ ৰূপ; ভিডিঅ’ চাই অনুৰাগীয়ে পঢ়িলে হনুমান চালিছা

ABOUT THE AUTHOR

...view details