অসম

assam

Shilpa Shetty age: এক্সন দৃশ্যগ্ৰহণৰ সময়ত আহত শিল্পা শেট্টী

By

Published : Aug 10, 2022, 6:57 PM IST

Shilpa Shetty

শ্বুটিঙৰ সময়ত আঘাতপ্ৰাপ্ত হৈ বাওঁ ভৰি ভাঙিল বলীউডৰ অভিনেত্ৰী শিল্পা শেট্টীৰ । সবিশেষ জানক-

চিটাৰা ডেস্ক, 10 আগষ্ট : শিল্পা শেট্টীৰ অনুৰাগী সকলৰ বাবে আহিছে এটি দুঃখবৰ । শ্বুটিঙৰ সময়ত এটা এক্সন দৃশ্য শ্বুট কৰি থাকোঁতে আঘাতপ্ৰাপ্ত হয় শিল্পা শেট্টী (Shilpa Shetty instagram) । বাওঁ ভৰি খন ভাঙি যায় অভিনেত্ৰী গৰাকীৰ ৷ ভগা ভৰিখনৰ এখন ফটো শ্বেয়াৰ কৰি সমগ্ৰ ঘটনা ব্যক্ত কৰিছে অভিনেত্ৰী গৰাকীয়ে ।

বৰ্তমান শিল্পাই অ’টিটিত আত্মপ্ৰকাশ কৰিবলৈ ওলোৱা ছিৰিজ ইণ্ডিয়ান পুলিচ ফ’ৰ্চৰ শ্বুটিং কৰি আছে ৷ এক্সন ছবিখনৰ পৰিচালক ৰোহিত শেট্টী । শেহতীয়াকৈ ৰোহিত শেট্টীয়ে এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল, য’ত শিল্পা শেট্টীক এক্সন চিকুৱেঞ্চত দেখা গৈছিল । ৰোহিত শেট্টীয়ে শ্বেয়াৰ কৰা ভিডিঅ’টোত ৯০ৰ দশকৰ সুন্দৰী অভিনেত্ৰী শিল্পা শেট্টীক ৪৭ বছৰ বয়সত দেখা গৈছিল ফুল এক্সন মুডত।

শিল্পা শেট্টীয়ে নিজৰ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা ছবিখনত হুইল চেয়াৰত বহি থকা দেখিবলৈ পোৱা গৈছে আৰু বাওঁ ভৰিত দেখা গৈছে বেণ্ডজ (Shilpa Shetty instagram) । ছবিখনত হাঁহি হাঁহি কেমেৰালৈ চাই থকা শিল্পাক দেখি অনুৰাগীয়ে শান্তি লাভ কৰিছে । ছ’চিয়েল মিডিয়াত ছবিখন শ্বেয়াৰ কৰি তেওঁ অনুৰাগী সকলক প্ৰাৰ্থনা কৰিবলৈ অনুৰোধ জনাইছে ৷

লগতে পঢ়ক :Aamir Khan 'nervous': উদ্বেগজনিত সমস্যাত ভূগিছে আমীৰ, শোৱা নাই 48 ঘণ্টা

ABOUT THE AUTHOR

...view details