অসম

assam

Samantha Ruth Prabhu: নগা চৈতন্য-সোভিতা ধূলিপালাৰ ডেটিঙৰ খবৰত প্ৰতিক্ৰিয়া প্ৰকাশ সামন্ত ৰুথ প্ৰভুৰ

By

Published : Apr 4, 2023, 12:30 PM IST

Updated : Apr 4, 2023, 12:51 PM IST

নগা চৈতন্য আৰু সোভিতা ধূলিপালাৰ ডেটিঙৰ বাতৰি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ সামন্থা ৰুথ প্ৰভুৰ । যোৱা অক্টোবৰ মাহত নগা চৈতন্যৰ পৰা বিবাহ বিচ্ছেদ হোৱা অভিনেত্ৰীগৰাকীয়ে কয় যে যিসকলে প্ৰকৃত প্ৰেমৰ মূল্য নাজানে তেওঁলোকে যিমানেই ডেট নকৰক কিয় শেষত চকুলো টুকিব লাগিব ।

Samantha Ruth Prabhu reacts to Naga Chaitanya Sobhita Dhulipala dating rumours
নগা চৈতন্য আৰু সোভিতা ধূলিপালাৰ ডেটিঙৰ বাতৰি সন্দৰ্ভত প্ৰতিক্ৰিয়া সামন্থা ৰুথ প্ৰভুৰ

চিটাৰা ডেস্ক, 4 এপ্ৰিল: বিগত কিছুদিন ধৰি পৌৰাণিক নাটক শকুন্তলম ছবিখনৰ প্ৰচাৰত ব্যস্ত হৈ আছে দক্ষিণৰ জনপ্ৰিয় অভিনেত্ৰী সামান্থা ৰুথ প্ৰভু ৷ ছবিখনৰ প্ৰচাৰক লৈ বিগত কিছুসময়ৰ পৰা বাতৰিৰ শিৰোনাম দখল কৰি আহিছে সামান্থা ৰুথ প্ৰভু (Samantha Ruth Prabhu shaakuntalam promotions) । কেৱল ছবিখনক লৈয়ে নহয়, নিজৰ ব্যক্তিগত জীৱনক লৈয়ো সংবাদ মাধ্যমৰ শিৰোনামত আছে সামান্থা ৰুথ প্ৰভু ৷ এইবাৰ পুনৰ ছবিখনৰ প্ৰচাৰৰ সময়ত সামন্থাই নিজৰ জীৱনৰ অন্ধকাৰ পৰ্যায়, মাইঅ’চাইটিছৰ সংগ্ৰাম আৰু সোভিতা ধূলিপালাৰ সৈতে প্ৰাক্তন স্বামী নগা চৈতন্যৰ ডেটিঙৰ খবৰৰ লগতে নগা চৈতন্যৰ পৰা বিচ্ছেদৰ বিষয়ে মুকলিকৈ কয় অভিনেত্ৰীগৰাকীয়ে (Samantha reacts to Naga Chaitanya Sobhita dating) ।

নগা চৈতন্যৰ সৈতে থকা ব্যৰ্থ সম্পৰ্কক লৈ এইবাৰ মুখ খুলিছে সামন্থাই । অভিনেত্ৰীগৰাকীয়ে কয়, "প্ৰেমৰ ক্ষেত্ৰত মই কোনো কুৎসিত স্থানত নাই যদিও এতিয়াও সম্পূৰ্ণৰূপে সুস্থ হ’ব পৰা নাই ৷ কাৰণ মই মোৰ বিয়াৰ বাবে ১০০ শতাংশ দিছিলো যদিও দুৰ্ভাগ্যজনকভাৱে ফলপ্ৰসূ নহ’ল ।" আনহাতে প্ৰাক্তন স্বামী নগা চৈতন্য সম্প্ৰতি জীৱনত আগবাঢ়িছে আৰু দুমাহ ধৰি সোভিতাৰ লগত ডেটিং কৰি থকা বুলি সামাজিক মাধ্যমত চৰ্চিত হৈছে (Samantha on Naga Chaitanya dating Sobhita) ৷

শকুন্তলমৰ প্ৰচাৰমূলক সাক্ষাৎকাৰৰ সময়ত নগা চৈতন্য আৰু সোভিতা ধূলিপালাৰ কথিত ৰোমাঞ্চৰ বাতৰিৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সামন্তই । অভিনেত্ৰীগৰাকীয়ে কয় যে কোন কাৰ সৈতে সম্পৰ্কত আছে সেয়া তেওঁৰ বিষয় নহয় ৷ যদিও অভিনেত্ৰীগৰাকীয়ে কাৰো নাম নোলোৱাকৈয়ে কয় যে, প্ৰেমৰ মূল্য নজনা কোনোবাই যিমান মানুহৰ লগত ডেটিং নকৰক কিয়, শেষত কান্দিবলৈ হয় (Naga Chaitanya dating Sobhita) ।

৩৫ বছৰীয়া অভিনেত্ৰীগৰাকীয়ে লগতে কয়, অন্ততঃ সেই ছোৱালীজনী সুখী হোৱা উচিত । যদি তেওঁ নিজৰ আচৰণ সলনি কৰে আৰু ছোৱালীজনীক আঘাত নকৰাকৈ মৰম কৰে, ই সকলোৰে বাবে ভাল হ’ব ।"

মঙলবাৰে অৱশ্যে অভিনেত্ৰীগৰাকীয়ে ছ’চিয়েল মিডিয়াত নগা চৈতন্য আৰু সোভিতাৰ কথিত ৰোমাঞ্চৰ ওপৰত কোনো মন্তব্য কৰা নাই বুলি অস্বীকাৰ কৰে। টুইটাৰত সামন্থাই এটা বাতৰি শ্বেয়াৰ কৰি চৈতন্য আৰু সোভিতাৰ সম্পৰ্কক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । টুইটাৰত শ্বেয়াৰ কৰি সামান্থাই লিখিছে, "মই কেতিয়াও এইবোৰ কথা কোৱাই নাছিলো !!"

ইফালে শেহতীয়াকৈ নগা চৈতন্য আৰু সোভিতাৰ লণ্ডনৰ এখন ৰেষ্টুৰেণ্টৰ এখন ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাত বাতৰিৰ শিৰোনাম দখল কৰিছিল । দুয়োৰে সম্পৰ্ক এতিয়াও আনুষ্ঠানিকভাৱে প্ৰকাশ হোৱা নাই যদিও সোভিতা আৰু নগা চৈতন্য ডেট কৰি আছে বুলি সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছে ।

লগতে পঢ়ক:Aditya Roy Kapur: আদিত্য ৰয় কাপুৰলৈ পাপাৰাজীৰ প্ৰশ্ন, অনন্যা মেডাম কাহা হে ?

Last Updated :Apr 4, 2023, 12:51 PM IST

ABOUT THE AUTHOR

...view details