অসম

assam

সোহেইল খানৰ জন্মদিনৰ পাৰ্টিত কি হৈছিল ? হঠাৎ কিয় ক্ষুব্ধ হৈ পৰিল ছলমান খান ?

By ETV Bharat Assamese Team

Published : Dec 20, 2023, 1:33 PM IST

Salman Khan angry with paparazzi: মঙলবাৰে নিশা ছলমান খানক ভাতৃ সোহেইল খানৰ জন্মদিনৰ পাৰ্টিত দেখা গৈছিল । সোহেইল খানৰ জন্মদিনৰ পাৰ্টিৰ পৰা সম্প্ৰতি ছলমান খানৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে ৷ য’ত পাপাৰাজ্জীৰ ওপৰত খং কৰা দেখা গৈছে ভাইজানক ৷ সবিশেষ জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

Salman Khan viral video from Sohail Khan B'day party
পাপাৰাজীৰ ওপৰত হঠাৎ কিয় খং উঠিল ভাইজানৰ

চিটাৰা ডেস্ক, ২০ ডিচেম্বৰ: ১৯ ডিচেম্বৰত আছিল ছলমান খানৰ কনিষ্ঠ ভাতৃ তথা অভিনেতা সোহেইল খানৰ ৫৩ সংখ্যক জন্মদিন ৷ সোহেইল খানৰ জন্মদিন অতি আড়ম্বৰেৰে উদযাপন কৰে পৰিয়ালবৰ্গই ৷ সোহেইলৰ জন্মদিনত উপস্থিত আছিল ভগ্নী অৰ্পিতা খান, ছলমান খান সহ পৰিয়াল আন আন সদস্যাসকল ৷ এই সময়চোৱাত ছলমান খানৰ এটা ভিডিঅ’ ক্ৰমান্বয়ে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । ভিডিঅ’টোত ভাইজানক সংবাদ মাধ্যমৰ ওপৰত ক্ষুব্ধ হৈ পৰা দেখা গৈছে । কিন্তু হঠাৎ কিয় পাপাৰাজ্জীৰ ওপৰত ক্ষুব্ধ হৈ পৰিল ভাইজান ? সেয়া জানিবলৈ পঢ়ক এই সম্পূৰ্ণ প্ৰতিবেদন ৷

সোহেইলৰ জন্মদিন উদযাপন কৰিলে পৰিয়ালবৰ্গই

১৯ ডিচেম্বৰত সোহেইল খানে ৫৩ সংখ্যক জন্মদিন উদযাপন কৰিছে । এই উপলক্ষে ছলমান খানকে ধৰি সমগ্ৰ পৰিয়ালে তেওঁক অভিনন্দন জনাবলৈ আহিছিল । চেলিম খান, হেলেন, ছালমা খান, অৰ্পিতা খান আৰু আয়ুষ শৰ্মা, আলভিৰা খান, অতুল অগ্নিহোত্ৰী আৰু তেওঁৰ কন্যা আলিজেহ অগ্নিহোত্ৰী আৰু ঘনিষ্ঠ বন্ধুসকল সোহেইল খানৰ জন্মদিনৰ পাৰ্টিত উপস্থিত থাকে ।

হঠাৎ কিয় খং উঠিল ছলমান খানৰ ?

আচলতে জন্মদিনৰ পাৰ্টিৰ পিচত মাতৃ-পিতৃৰ সৈতে ভাইজান পাৰ্টিৰ পৰা ওলাই আহিছিল । ছলমানক দেখাৰ লগে লগে বহু পাপাৰাজ্জীয়ে তেওঁৰ গাড়ীৰ ওচৰলৈ গৈ ফটো তুলিবলৈ লয় আৰু চিঞৰিবলৈ ধৰে ‘‘ভাইজান ভাইজান’’। ইয়াৰ পিচতে খং উঠে ছলমানৰ আৰু নিজৰ গাড়ীত বহাৰ আগত সকলোকে আঙুলি দেখুৱাই মনে মনে থাকিবলৈ দিয়ে আৰু লগতে কয়, ‘‘সকলোৱে পিছুৱাই যাওক ।’’

ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিল ভিডিঅ’

সম্প্ৰতি ছলমান খানৰ এই ভিডিঅ’টো দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে । বহু অনুৰাগীয়ে এই ভিডিঅ’টোত মন্তব্য কৰি কৈছে যে পাপাৰাজ্জীয়ে তাৰকাসকলক ইমান আমনি কৰিব নালাগে । অৱশ্যে পাপাৰাজ্জীৰ সৈতে এনে আচৰণ পছন্দ নকৰিলে আন একাংশ অনুৰাগীয়ে ।

লগতে পঢ়ক:আদিপুৰুষৰ পৰা পাঠানলৈকে এইসমূহ ছবিত নিৰ্মাতাই খৰচ কৰিছে ব্যাপক ধন, এই বৰ্ষৰ বিগ বাজেটৰ ছবিৰ তালিকা চাওক

ABOUT THE AUTHOR

...view details