ETV Bharat / entertainment

আদিপুৰুষৰ পৰা পাঠানলৈকে এইসমূহ ছবিত নিৰ্মাতাই খৰচ কৰিছে ব্যাপক ধন, এই বৰ্ষৰ বিগ বাজেটৰ ছবিৰ তালিকা চাওক

author img

By ETV Bharat Assamese Team

Published : Dec 20, 2023, 12:04 PM IST

Year Ender 2023: এই বছৰটোত বহুকেইখন বিগ বাজেটৰ ছবি ছবিগৃহত মুকলি হৈছে ৷ বলীউডৰ পৰা টলীউডলৈ বহু ছবিত নিৰ্মাতাই পানীৰ দৰে খৰচ কৰিছে ধন ৷ গতিকে চাও আহক বছৰটো অন্যতম বিগ বাজেটৰ ছবিসমূহৰ তালিকা. . .

Year ender story of 2023 Leo to Jawan, these are the Highest Budget Movies of 2023
২০২৩ চনৰ বিগ বাজেটৰ ছবি

চিটাৰা ডেস্ক, ২০ ডিচেম্বৰ: ২০২৩ বৰ্ষটো চলচ্চিত্ৰ জগতৰ বাবে অন্যতম সফলতা লাভ কৰা বৰ্ষ হিচাপে পৰিগণিত হৈছে । এই বছৰটোত বহু মেগা বাজেটৰ ছবি মুক্তি লাভ কৰিছে ৷ ইয়াৰে কিছুমান ছবিয়ে যদি মুক্তিৰ পিচতে বক্স অফিচত আলোড়নৰ সৃষ্টি কৰিছে, আন কিছুমান ছবি আকৌ বক্স অফিচত বেয়াকৈ ফ্লপ হৈছে ৷ বছৰটো শেষ হ’বলৈ মাজত আছে মাত্ৰ ১১ টা দিন ৷ কিন্তু এই ১১ দিনতো মুক্তি পাবলৈ বাকী আছে, এই বৰ্ষৰ দুই এখন বিগ বাজেটৰ ছবি ৷ অৱশ্যে এই বছৰটোত ইতিমধ্যেই মুক্তি লাভ কৰিছে ৮ খন ডাঙৰ বাজেটত নিৰ্মিত ছবি । গতিকে জানো আহক এই ছবিকেইখনৰ সম্পূৰ্ণ তালিকা . .

পাঠান

৪ বছৰৰ বিৰতিৰ অন্তত শ্বাহৰুখ খানে ‘পাঠান’ৰ জৰিয়তে পুনৰ উভতি আহে ছবি জগতলৈ ৷ অৱশ্যে এই ছবিখন মুক্তিৰ পূৰ্বেই সোমাই পৰিছিল বিতৰ্কৰ আৱৰ্তত ৷ কিন্তু মুক্তিৰ পিচত ছবিখনে বিশ্বজুৰি বক্স অফিচ উপাৰ্জন কৰে ১০০০ কোটিতকৈও অধিক টকা ৷ এই ছবিখন ২২৫ কোটি টকাৰ বাজেটত নিৰ্মাণ হৈছিল ।

জৱান

চলিত বৰ্ষত মুক্তিৰ পাইছিল শ্বাহৰুখ খান অভিনীত দ্বিতীয়খন ছবি ‘জৱান’ ৷ এই ছবিখনে আশানুৰূপে ফল দেখুৱাইছিল ৷ ছবিখনক লৈ অনুৰাগীৰ মাজত দেখা গৈছিল ব্যাপক উচাহ ৷ সেয়েহে, মুক্তিৰ পিচতেই এই ছবিখনেও বক্স অফিচত আয় কৰে ১০০০ কোটিতকৈও অধিক টকা ৷ এই ছবিখন ৩০০ কোটি টকাত নিৰ্মাণ কৰা হৈছিল ।

গণপত

এই বছৰটোতেই মুক্তি পাইছিল টাইগাৰ শ্ৰফ আৰু কৃতি সেনন অভিনীত ছবি ‘গণপত’ ৷ এই ছবিখনতো পানীৰ দৰে ধন খৰচ কৰিছিল নিৰ্মাতাই ৷ কিন্তু নিৰ্মাতাৰ সকলো প্ৰচেষ্টা যেন বিফলে গ’ল ৷ কিয়নো এই ছবিখন বক্স অফিচত ফ্লপ ৰূপে পৰিগণিত হয় । কিন্তু এই ছবিখনৰ বাবে নিৰ্মাতাই খৰচ কৰিছিল ২০০ কোটি টকা অৰ্থাৎ ২০০ কোটি টকাৰ বাজেটেৰে নিৰ্মাণ কৰা হৈছিল এই ছবিখন ।

ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানি

ৰণবীৰ সিং আৰু আলিয়া ভাট অভিনীত ছবি ‘ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানি’ও এই বছৰটোতেই মুকলি হৈছিল ৷ এই ছবিখনো আছিল বিগ বাজেটৰ ছবি ৷ ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানি ছবিখন নিৰ্মাণ হৈছিল ১৬০ কোটি টকাত । বিশ্বজুৰি বক্স অফিচত এই ছবিখনে উপাৰ্জন কৰিছে ৩৫৫.৬১ কোটি টকা ।

আদিপুৰুষ

প্ৰভাস অভিনীত ‘আদিপুৰুষ’ এই বছৰটোৰ অন্যতম চৰ্চিত ছবি । এই ছবিখনক লৈ শেহতীয়াকৈ ব্যাপক বিতৰ্কৰ সৃষ্টি হৈছিল ৷ এইখিনিতে ক’ব লাগিব যে, এই ছবিখন আছিল এই বছৰটোৰ সৰ্বোচ্চ বাজেটেৰে নিৰ্মাণ কৰা ছবি ৷ ‘আদিপুৰুষ’ ছবিখন ৭০০ কোটি টকাৰে নিৰ্মাণ কৰা বুলি দাবী কৰা হৈছিল । কিন্তু এই ছবিখন মুক্তিৰ পিচতে বক্স অফিচ ধৰাশায়ী হয় আৰু বিগ ফ্লপ ৰূপে পৰিগণিত হয় ।

টাইগাৰ ৩

শেহতীয়াকৈ মুক্তি পোৱা ছলমান খানৰ ছবি ‘টাইগাৰ ৩’ও আছিল বছৰটোৰ অন্যতম বিগ বাজেটৰ ছবি ৷ এই ছবিখনৰ বাবে নিৰ্মাতাই ব্যয় কৰিছিল ৩০০ কোটি টকা । এই ছবিখনে বিশ্বজুৰি মুঠ সংগ্ৰহ কৰে ৪৬৬.৩৩ কোটি টকা ৷

জেইলাৰ

ইফালে ২০২৩ বৰ্ষত ছুপাৰষ্টাৰ ৰজনীকান্তৰ এখন বিগ বাজেটৰ ছবি মুকলি হয় আৰু সেয়া হৈছে ‘জেইলাৰ’ ৷ এই ছবিখনে বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰিছিল আৰু বিশ্বজুৰি সংগ্ৰহ কৰিছিল ৬১০ কোটি টকা ৷ এই ছবিখন ২২৫ কোটি টকাৰ বাজেটেৰে নিৰ্মাণ কৰা হৈছিল ।

লিঅ’

বছৰটোৰ অন্যতম ব্লকবাষ্টাৰ ছবি হৈছে ‘লিঅ’ ৷ এই ছবিখনো বিগ বাজেট ছবিৰ তালিকাত অন্তৰ্ভুক্ত । বিজয় ছেতুপতি অভিনীত এই ছবিখন নিৰ্মাণ হৈছিল ৪০০ কোটি টকাৰ বাজেটত । এই ছবিখনে বিশ্বজুৰি বক্স অফিচত উপাৰ্জন কৰে ৬১২ কোটি টকা ৷

লগতে পঢ়ক: ট্ৰেক্টৰত উঠি ঢোলে-দগৰে ডাংকিৰ প্ৰথম দিনাৰ প্ৰথম শ্ব’ বুক কৰিবলৈ ছবিগৃহত অনুৰাগীৰ ভিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.