অসম

assam

Raghupati trailer out : আহি গ’ল ৰবি শৰ্মাৰ অভিনীত ছবি শ্ৰী ৰঘুপতিৰ ট্ৰেইলাৰ

By

Published : May 11, 2023, 1:49 PM IST

ৰবি শৰ্মাৰ বহু প্ৰত্যাশিত ছবি ‘শ্ৰী ৰঘুপতি’ৰ ট্ৰেইলাৰ মুকলি (Raghupati trailer out now) ৷

Ravi Sharmas Sri Raghupatis Trailer released on YouTube channel Rootstock entertainment
শ্ৰী ৰঘুপতিৰ ট্ৰেইলাৰ

শ্ৰী ৰঘুপতিৰ ট্ৰেইলাৰ

চিটাৰা ডেস্ক, 11 মে’: অৱশেষত মুক্তি লাভ কৰিলে অসমৰ জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাৰ বহু প্ৰত্যাশিত ছবি ‘শ্ৰী ৰঘুপতি’ৰ ট্ৰেইলাৰ (Shri Raghupati trailer out) ৷ 10 মে’ত ছবিখনৰ ট্ৰেইলাৰ মুক্তি লাভ কৰাৰ কথা আছিল (Ravi Sarmahs film Raghupati) ৷ কথা মতেই কাম ৷ বুধবাৰে অৰ্থাৎ 10 মে’ত মুক্তি লাভ কৰিলে ‘শ্ৰী ৰঘুপতি’ৰ ট্ৰেইলাৰ ৷ ইউটিউব চেনেল ROOTSTOCK ENTERTAINMENT ত মুকলি কৰা হৈছে ছবিখনৰ ট্ৰেইলাৰ ৷

12 ঘন্টা পূৰ্বে ইউটিউবত মুক্তি পোৱা শ্ৰী ৰঘুপতিৰ ট্ৰেইলাৰে ইতিমধ্যেই লাভ কৰিছে 94 হাজাৰ লাইক ৷ ছবিখনৰ ট্ৰেইলাৰত শক্তিশালী ৰূপত দেখা পোৱা গৈছে ৰবি শৰ্মাক (Film Raghupati) ৷ এটা আত্মহত্যাৰ গোচৰৰ সন্ধানত থকা দেখা যায় ৰবি শৰ্মাক ৷ আনহাতে ছবিখনত অভিনেত্ৰী প্ৰিয়ম পল্লৱীকো এটা গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰা দেখা ৷ এগৰাকীয় শিক্ষয়িত্ৰীৰ ৰূপত দেখা পোৱা যায় অভিনেত্ৰীগৰাকীক ৷ ইফালে অভিনেত্ৰী প্ৰীতি কংগনাক দেখা যায় ৰঘুপতিৰ প্ৰেমিকাৰ ৰূপত (Preety Kongana in Raghupati) ৷

মুঠৰ ওপৰত বহু প্ৰত্যাশিত ছবিখনে বাৰুকৈ আকৰ্ষিত কৰিছে অনুৰাগীক ৷ ছবিখনৰ ট্ৰেইলাৰ দেখি বহু সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে কমেন্ট কৰা দেখা যায় ৷ এগৰাকী ব্যৱহাৰকাৰীয়ে লিখিছে, অসমীয়া চিনেমাৰ হৈ সদায় আছোঁ, ট্ৰেইলাৰটো চাই সঁচাই বহুত ভাল লাগিল, চিনেমাখন blockbuster হওক.. জয় ৰঘুপতি । আন এজনে লিখিছে, চিনেমাখন যাতে বিশ্বৰ সকলো দেশতেই চলে তাৰেই কামনা কৰিলো । অধীৰ আগ্ৰহেৰে বাট চাই ৰ'লো (Ravi Sarmah new movie) ।

সুব্ৰত কাকতিয়ে পৰিচালনা কৰা ছবিখনত অভিনয় কৰিছে ৰবি শৰ্মা, প্ৰীতি কংগনা, প্ৰিয়ম পল্লৱী, সিদ্ধাৰ্থ শৰ্মা, অৰুণ নাথ, অৰুণ হাজৰিকা, ৰিনা বৰা, ৰাজ শৰ্মা, বৰ্ণালী পূজাৰী, সীমা বৰুৱা, সঞ্জীৱ বুঢ়াগোহাঁই, কুকিল শইকীয়া, মঞ্জিত শৰ্মা আৰু সুমকী কছাৰীয়ে ৷ নিৰ্মিত শৈলেন শৰ্মাৰ প্ৰযোজনা তথা মণিৰত্ন এণ্টাৰটেইনমেণ্টৰ দ্বাৰা নিৰ্মাণ কৰা হৈছে ছবিখন ৷ আনহাতে ছবিখনৰ সংলাপ ৰবি শৰ্মাৰ (Ravi Sarmah big budget movie raghupati) ৷

শেহতীয়াকৈ ছবিখনৰ ৰোমান্টিক গীত মুকলি কৰা হৈছিল ৷ ‘তুমি আৰু মই’ এই ৰোমান্টিক গীতটিত কণ্ঠদান কৰিছে জুবিন গাৰ্গ আৰু দীপলীনা ডেকাই (Tumi Aru Moi Song ) ৷

লগতে পঢ়ক:Raghupati movie songs : ৰবি শৰ্মাৰ ছবি ৰঘুপতিৰ প্ৰথম ৰোমান্টিক গীতটো চালেনে আপুনি ?

ABOUT THE AUTHOR

...view details