অসম

assam

Raju Srivastava death news: উভতি চাওঁ আহক ৰাজু শ্ৰীবাস্তৱৰ জীৱনলৈ

By

Published : Sep 21, 2022, 4:57 PM IST

Etv BharatRaju Srivastava
Etv Bharatউভতি চাওঁ আহক ৰাজু শ্ৰীবাস্তৱৰ জীৱনলৈ ()

দেশৰ বিখ্যাত অভিনেতা তথা কমেডিয়ান ৰাজু শ্ৰীবাস্তৱ এতিয়া আৰু আমাৰ মাজত নাই (Raju Srivastava death news)। মধ্যবিত্ত পৰিয়ালত জন্মগ্ৰহণ কৰা ৰাজু কেনেকৈ ভাৰতৰ এজন জনাজাত কমেডিয়ান হৈ পৰিল এই সকলো তথ্য সামৰি আমাৰ এক বিশেষ প্ৰতিবেদন আপোনালোকলৈ আগবঢ়াইছো-

চিটাৰা ডেস্ক, 21 ছেপ্টেম্বৰ : ৰাজু শ্ৰীবাস্তৱ হিন্দী চলচ্চিত্ৰ আৰু টিভি জগতৰ এক সুপৰিচিত নাম ৷ অসাধাৰণভাৱে মিমিক্ৰী কৰিব পাৰিছিল তেওঁ ৷ কিন্তু ৰাজু শ্ৰীবাস্তৱ বুলিলেই আপোনা আপুনি হাঁহি এটা ওলাই আহে সকলোৰে মুখত । প্ৰায় এক ডজন টিভি শ্ব’ আৰু বহুতো চলচ্চিত্ৰৰ জৰিয়তে তেওঁ দৰ্শক আৰু অনুৰাগীসকলৰ মনত তেওঁৰ কৌতুক অভিনয়ৰ গভীৰ প্ৰভাৱ পেলাই থৈ গৈছে (Raju Srivastava news) । তেওঁ বিশেষকৈ পৰ্যৱেক্ষণমূলক কৌতুকৰ বাবে জনাজাত । কোনো আপত্তিজনক ভাষা ব্যৱহাৰ নকৰাকৈ লোকসকলক তেওঁৰ অভিব্যক্তি আৰু শব্দৰে হাততালি বজাবলৈ বাধ্য কৰিছিল তেওঁ । 58 বছৰ বয়সত জনপ্ৰিয় কৌতুক অভিনেতা ৰাজু শ্ৰীবাস্তৱ মৃত্যুৱে সকলোকে জোকাৰি পেলাইছে (Raju Srivastava latest news) । ৰাজু শ্ৰীবাস্তৱৰ বিষয়ে আন বিশেষ কথা বোৰ জানো আহক-

1. ৰাজু শ্ৰীবাস্তৱৰ প্ৰকৃত নাম আছিল সত্য প্ৰকাশ শ্ৰীবাস্তৱ । কিন্তু মনোৰঞ্জনৰ পৃথিৱী খনত তেওঁক ৰাজু শ্ৰীবাস্তৱ বুলিয়ে সকলোৱে চিনি পাইছিল । ৰাজু শ্ৰীবাস্তৱৰ জন্ম 1963 চনৰ 25 ডিচেম্বৰত উত্তৰ প্ৰদেশৰ কানপুৰত হৈছিল । এটা মধ্যবিত্ত পৰিয়ালত জন্ম গ্ৰহণ কৰা ৰাজু শ্ৰীবাস্তৱৰ পৰিয়ালৰ মনোৰঞ্জন জগত বা চলচ্চিত্ৰ জগতৰ সৈতে কোনো সম্পৰ্ক নাছিল । তেওঁৰ দেউতাক এজন কবি আছিল, যাক বালাই কাকা বুলি জনা যায় ।

উভতি চাওঁ আহক ৰাজু শ্ৰীবাস্তৱৰ জীৱনলৈ

2. ৰাজু শ্ৰীবাস্তৱে কৰা ধেমালিক আগবঢ়াই লৈ যোৱাত তেওঁৰ দেউতাকৰ এটা ডাঙৰ ভূমিকা আছিল । ৰাজু শ্ৰীবাস্তৱে সৰুৰে পৰা এজন কৌতুক অভিনেতা হ'ব বিচাৰিছিল । তেওঁৰ মিমিক্ৰী দেখি দেউতাকে তেওঁক যথেষ্ট সমৰ্থন কৰিছিল । তেওঁ বিভিন্ন অভিনেতা আৰু চেলেব্ৰিটীৰ কণ্ঠ আৰু চৰিত্ৰ সঠিকভাৱে চিত্ৰিত কৰিছিল । তেওঁ নিজকে অমিতাভ বচ্চনৰ দৰে দেখাকৈ উপস্থাপন কৰিছিল ।

উভতি চাওঁ আহক ৰাজু শ্ৰীবাস্তৱৰ জীৱনলৈ

3. ৰাজু শ্ৰীবাস্তৱ যেতিয়া অমিতাভ বচ্চনৰ চেহেৰাত চৰ্চালৈ আহিছিল তেতিয়া তেওঁ মিমিক্ৰী শিল্পী হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল । তেওঁ কানপুৰৰ বহুতো অনুষ্ঠানত তেওঁৰ কলা প্ৰদৰ্শন কৰিছিল । তাৰ পিছত, তেওঁ টিভি আৰু চলচ্চিত্ৰত সুযোগ পাবলৈ আৰম্ভ কৰে । গজোধৰ ভৈইয়া হিচাপে নিজৰ পৰিচয় অৰ্জন কৰা ৰাজু শ্ৰীবাস্তৱে 1994 চনত 'দেখ ভাই দেখ'ৰ জৰিয়তে টিভি জগতত ভৰি দিছিল । ইয়াৰ পিছত, 1998 চনত, তেওঁ 'শক্তিমান'ত কাম কৰিছিল । ৰাজু শ্ৰীবাস্তৱে বিশেষকৈ 'দ্য গ্ৰেট ইণ্ডিয়ান লাফটাৰ চেলেঞ্জ'ত তেওঁৰ উৎকৃষ্ট কাম আৰু গজোধৰৰ ৰূপত তেওঁৰ কৌতুকৰ দ্বাৰা নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছিল । 1994 চনত তেওঁ প্ৰথমবাৰৰ বাবে টেলিভিছনত আংশিক সময়ৰ কমেডি শ্ব' টি-টাইম এণ্টাৰটেইনমেণ্টত অভিনয় কৰিছিল । ইয়াতে তেওঁ কৌতুক ৰজাৰ উপাধি লাভ কৰিছিল ।

উভতি চাওঁ আহক ৰাজু শ্ৰীবাস্তৱৰ জীৱনলৈ

4. ৰাজু শ্ৰীবাস্তৱে ৰাজনীতিবিদ হিচাপেও নিজৰ ইনিংছ আৰম্ভ কৰাৰ চেষ্টা কৰিছিল আৰু সমাজবাদী পাৰ্টিয়ে তেওঁক কানপুৰৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ টিকট দিছিল । 2014 চনৰ লোকসভা নিৰ্বাচনৰ বাবে সমাজবাদী পাৰ্টিয়ে কানপুৰৰ পৰা ৰাজু শ্ৰীবাস্তৱক থিয় কৰাইছিল । কিন্তু 2014 চনৰ 11 মাৰ্চত শ্ৰীবাস্তৱে দলৰ স্থানীয় ইউনিটৰ পৰা পৰ্যাপ্ত সমৰ্থন লাভ কৰা নাই বুলি কৈ টিকট ঘূৰাই দিয়ে । ইয়াৰ পিছত 2014 চনৰ 19 ​​মাৰ্চত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তেওঁক স্বচ্ছ ভাৰত অভিযানৰ অংশ হিচাপে মনোনীত কৰে । ৰাজু শ্ৰীবাস্তৱক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ অনুৰাগী বুলি কোৱা হৈছিল ।

উভতি চাওঁ আহক ৰাজু শ্ৰীবাস্তৱৰ জীৱনলৈ

5. ৰাজু শ্ৰীবাস্তৱে তেওঁৰ জন্মস্থান কানপুৰ ঠাইডোখৰ বহুত ভাল পাইছিল । তেওঁ তেওঁৰ জীৱনৰ বেছিভাগ সময় ইয়াতে অতিবাহিত কৰিছিল । জনপ্ৰিয় হোৱাৰ পিছত তেওঁ কামৰ বাবে মুম্বাইলৈ গুচি যায় যদিও সেই দিনবোৰতো তেওঁ প্ৰায়ে কানপুৰ ভ্ৰমণ কৰিছিল । কানপুৰত তেওঁৰ পৈতৃক ঘৰৰ লগতে মুম্বাইত এটা ডাঙৰ বাংলো আছে ।

6. গাড়ীৰ প্ৰতি অতিকে আকৰ্ষিত ৰাজু শ্ৰীবাস্তৱৰ বহুতো ধুনীয়া গাড়ী আছে । তেওঁৰ গেৰেজত মাৰ্চিডিজ, বিএমডব্লিউ আৰু বহুতো গাড়ী আছে । কোৱা হয়, তেওঁ নিজে বেছি গাড়ী চলোৱা নাছিল, কিন্তু তেওঁ বিভিন্ন ৰে’লত যাত্ৰা কৰি ভাল পাইছিল ।

উভতি চাওঁ আহক ৰাজু শ্ৰীবাস্তৱৰ জীৱনলৈ

7. কোৱা হয় যে তেওঁ বহুতো চলচ্চিত্ৰত সৰু চৰিত্ৰত অভিনয় কৰিছিল আৰু লাহে লাহে নিজকে এজন কৌতুক অভিনেতা হিচাপে প্ৰতিষ্ঠা কৰিছিল । তেওঁৰ কেইখনমান প্ৰাৰম্ভিক চলচ্চিত্ৰৰ ভিতৰত আছে তেজাব, মেইনে প্যাৰ কিয়া, বাজিগৰ, মিঃ আজাদ, অভয়, ৱাহ! তেৰা ক্যা কেহনা, মে প্ৰেম কি দিৱানী হুঁ, বিদ্যাৰ্থী: ছাত্ৰ-ছাত্ৰীৰ শক্তি, বিগ ব্ৰাদাৰ, বোম্বাই টু গোৱা, বাৰুদ: দ্য ফায়াৰ - এ লাভ ষ্টৰী, টয়লেট: এক প্ৰেম কথা ।

8. 2009 চনত ৰাজু শ্ৰীবাস্তৱে বিগ বছ চিজন 3 ত অংশগ্ৰহণ কৰাৰ পিছত তেওঁ লাইমলাইটলৈ আহিছিল । তেওঁ শ্ব’টোত জয়ী হ’ব নোৱাৰিলে যদিও তেওঁ 2 মাহ ঘৰত আছিল আৰু তাত বহুত প্ৰশংসা লাভ কৰিছিল ।

উভতি চাওঁ আহক ৰাজু শ্ৰীবাস্তৱৰ জীৱনলৈ

লগতে পঢ়ক :Raju Srivastava news: শ্বাহৰুখ, ছলমান আৰু হৃতিকৰ সৈতে ৰূপালী পৰ্দাত দেখা গৈছিল ৰাজু শ্ৰীবাস্তৱক

9. ৰাজুৰ পত্নীৰ নাম শিখা শ্ৰীবাস্তৱ, এগৰাকী গৃহিণী । ৰাজু আৰু শিখাৰ দুটি সন্তান আছে । এজন পুত্ৰ আৰু এগৰাকী কন্যা । ৰাজুৰ কন্যা অন্তৰা এগৰাকী সহকাৰী পৰিচালক । তেওঁ Insta ত খুবেই এক্টিভ । ৰাজুৰ পুত্ৰ আয়ুষ্মান শ্ৰীবাস্তৱ এজন চিতাৰবাদক । 2013 চনত ৰাজুৱে পত্নীৰ সৈতে নাচ বলিয়ে চিজন 6 ত অংশ লৈছিল ।

10. পত্নী আৰু সন্তানৰ উপৰি ৰাজুৱে জ্যেষ্ঠ ভাতৃ চি পি শ্ৰীবাস্তৱ, সৰু ভাতৃ দীপু শ্ৰীবাস্তৱ, ভতিজা মায়ংক আৰু মৃদুল আৰু ভগ্নী সুধা শ্ৰীবাস্তৱক ইহসংসাৰত এৰি থৈ যায় । যৌথ পৰিয়াল হিচাপে সকলোৱে একেলগে থাকে । ৰাজু যেতিয়া কানপুৰত থাকে তেতিয়া তেওঁ গোটেই পৰিয়ালটোৰ লগত সময় কটায় ভাল পাই তেওঁ ।

উভতি চাওঁ আহক ৰাজু শ্ৰীবাস্তৱৰ জীৱনলৈ
উভতি চাওঁ আহক ৰাজু শ্ৰীবাস্তৱৰ জীৱনলৈ

11. ৰাজু শ্ৰীবাস্তৱৰ সম্পত্তিৰ বিষয়ে বিভিন্ন তথ্য উপলব্ধ যদিও সংবাদ মাধ্যমত প্ৰকাশ পোৱা তথ্য অনুসৰি তেওঁৰ সম্পত্তিৰ পৰিমাণ 15 লাখ ডলাৰ । সংবাদ মাধ্যমৰ খবৰ অনুসৰি, ৰাজু শ্ৰীবাস্তৱে তেওঁৰ প্ৰতিটো ষ্টেজ শ্ব’ৰ বাবে 4 ৰ পৰা 5 লাখ টকা লয় । কিন্তু আগতে তেওঁ বহু সামাজিক সম্পৰ্কীয় অনুষ্ঠানত বিনামূলীয়াকৈ কাম কৰিছিল ।

12. পিছলৈ বেছি কমেডী কৰা নাছিল যদিও ছ’চিয়েল মিডিয়া আৰু ইউটিউবত তেওঁ সক্ৰিয় হৈ আছিল । তেওঁ হাস্যৰসময়ী ভিডিঅ’ৰে মানুহক মনোৰঞ্জন দি আছিল । 1993 চনৰ পৰা কমেডী জগতত সোমাই পৰে ৰাজু শ্ৰীবাস্তৱে । দেশৰ সৰু মঞ্চৰ পৰা বিদেশলৈকে বহু ডাঙৰ ব্যক্তিৰ সৈতে কাম কৰিছিল তেওঁ । কল্যাণজী, আনন্দজী, বাপ্পী লাহিড়ী, নীতিন মুকেশ আদি শিল্পীৰ সৈতে ভাৰত আৰু বিদেশত ডাঙৰ ডাঙৰ ষ্টেজ শ্ব’ কৰিছিল ৰাজুৱে ।

13. 2010 চনত ৰাজু শ্ৰীবাস্তৱে তেওঁৰ অনুষ্ঠানৰ সময়ত আণ্ডাৰৱৰ্ল্ড ডন ডাউদ ইব্ৰাহীম আৰু পাকিস্তানৰ ওপৰত ধেমালি কৰাৰ বাবে চৰ্চালৈ আহিছিল । ইয়াৰ বাবে তেওঁলৈ পাকিস্তানৰ পৰা ভাবুকিৰে ভৰা ফোন আছিল আৰু সেইবোৰৰ ওপৰত কৌতুক নকৰিবলৈ সতৰ্ক কৰি দিয়া হৈছিল ।

উভতি চাওঁ আহক ৰাজু শ্ৰীবাস্তৱৰ জীৱনলৈ

লগতে পঢ়ক :Raju Srivastav Death news: ৰাজু শ্ৰীবাস্তৱৰ মৃত্যুত টুইটাৰত শোকৰ বন্যা

14. কৌতুক অভিনেতা ৰাজু শ্ৰীবাস্তৱক প্ৰায় ছয় সপ্তাহ আগতে ৰাজধানীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ্ মেডিকেল চাইন্সেছত (এইমছ) ভৰ্তি কৰোৱা হৈছিল । পৰিয়ালৰ মতে, জিমত ব্যায়াম কৰোঁতে তেওঁ পৰি গৈছিল । বুকুৰ বিষৰ অভিযোগ কৰাৰ পিছত শ্ৰীবাস্তৱক 10 আগষ্টত চিকিৎসালয়লৈ লৈ যোৱা হৈছিল আৰু ভেণ্টিলেটৰত ৰখা হৈছিল ।

উভতি চাওঁ আহক ৰাজু শ্ৰীবাস্তৱৰ জীৱনলৈ

15. জনপ্ৰিয় কৌতুক অভিনেতা ৰাজু শ্ৰীবাস্তৱে 2022 চনৰ 21 ছেপ্টেম্বৰত শেষ নিশ্বাস ত্যাগ কৰে । বুধবাৰে তেওঁৰ পৰিয়ালৰ সদস্যসকলে এই খবৰ নিশ্চিত কৰে । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 58 বছৰ।

ABOUT THE AUTHOR

...view details