ETV Bharat / entertainment

পত্নীৰ জন্মদিনৰ কিছু সুন্দৰ মুহূৰ্ত শ্বেয়াৰ কৰিলে বিৰাট কোহলিয়ে - Anushka Sharma Birthday

author img

By ETV Bharat Assamese Team

Published : May 3, 2024, 6:51 PM IST

Anushka Sharma's Birthday
পত্নীৰ জন্মদিনৰ কিছু সুন্দৰ মুহূৰ্ত শ্বেয়াৰ কৰিলে বিৰাট কোহলিয়ে (Anushka Sharma (Etv Bharat))

Anushka Sharma : যোৱা 1 মে’ত 36 টা বসন্ত গৰকে অভিনেত্ৰী অনুষ্কা শৰ্মাই ৷ পত্নীৰ জন্মদিনৰ দিনা তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলিয়ে তেওঁৰ আই পি এল দল আৰচিবিৰ সৈতে পত্নীৰ জন্মদিন উদযাপন কৰে ৷ সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে সুন্দৰ মুহূৰ্তৰ ফটো ৷

চিটাৰা ডেস্ক, 3 মে’ : বলীউড অভিনেত্ৰী অনুষ্কা শৰ্মাই 1 মে’ বুধবাৰে 36 তম জন্মদিন উদযাপন কৰে । অভিনেত্ৰীগৰাকীয়ে তেওঁৰ স্বামী তথা ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলি আৰু আৰচিবি দলৰ খেলুৱৈসকলৰ সৈতে তেওঁৰ বিশেষ দিনটো উদযাপন কৰে । তাৰকা খেলুৱৈ কোহলিয়ে পত্নীৰ জন্মদিন উদযাপনৰ কেইবাখনো ফটো সামাজিক মাধ্য়মত শ্বেয়াৰ কৰিছে ৷

Anushka Sharma's Birthday
পত্নীৰ জন্মদিনৰ কিছু সুন্দৰ মুহূৰ্ত শ্বেয়াৰ কৰিলে বিৰাট কোহলিয়ে (Anushka Sharma (Etv Bharat))

অভিনেত্ৰীগৰাকীয়ে স্বামী আৰু সহযোগী ক্ৰিকেটাৰসকলৰ সৈতে ডিনাৰ ডেটত গৈ তেওঁৰ বিশেষ দিনটো পালন কৰে । এইবৰ্ষত অভিনেত্ৰীগৰাকীয়ে বেংগালুৰুত তেওঁৰ জন্মদিন উদযাপন কৰে ৷ অনুষ্কাই জন্মদিনৰ নৈশ আহাৰ গ্ৰহণ কৰা মুহূৰ্তৰ এখন ফটো ইনষ্টাগ্ৰামৰ ষ্টৰীত শ্বেয়াৰ কৰি এটা সুন্দৰ নিশা সুন্দৰ লোকৰ সৈতে পাৰ কৰা বুলি কেপশ্যন লিখে ৷ আনহাতে বিৰাটে এটা ষ্টৰী পোষ্ট কৰিছিল য'ত অনুষ্কাৰ নামৰ সৈতে এখন মেন্যু আছিল ।

Anushka Sharma's Birthday
পত্নীৰ জন্মদিনৰ কিছু সুন্দৰ মুহূৰ্ত শ্বেয়াৰ কৰিলে বিৰাট কোহলিয়ে (Anushka Sharma (Etv Bharat))

বিৰাটে ফটোখনৰ শিৰোনাম দিছিল, "ধন্যবাদ, (চেফ) মনু চন্দ্ৰ, এক সুন্দৰ ভোজনৰ বাবে । আমাৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ খাদ্যৰ অভিজ্ঞতাক বাবে ধন্যবাদ" ৷ ফটোখনত দম্পতীটোৱে বেংগালুৰুৰ এখন উচ্চ মানৰ ৰেষ্টোৰা "লুপা"ত নৈশ ভোজন কৰিছিল ।

অনুষ্কাৰ জন্মদিনৰ দিনটোত, বিৰাটে অনুষ্কাৰ কেইবাখনো আকৰ্ষণীয় ফটো ইনষ্টাগ্ৰামত পোষ্ট কৰি পত্নীৰ প্ৰতি থকা মৰমেৰে এক হৃদয়স্পৰ্শী পোষ্ট লিখিছিল । পোষ্টটোত উল্লেখ কৰা হৈছিল, "মোৰ জীৱনলৈ তুমি নহা হয় মই চাগে হেৰাই গ’লো হয় ৷ জন্মদিনৰ শুভেচ্ছা জনালো মোৰ প্ৰেমিকা । তুমি আমাৰ পৃথিৱীৰ পোহৰ । আমি তোমাক বহুত ভালপাওঁ" ৷

বিৰাট আৰু অনুষ্কাই প্ৰথমবাৰৰ বাবে 2013 চনত এটা চেম্পু ব্ৰেণ্ডৰ বিজ্ঞাপনৰ দৃশ্যগ্ৰহণত লগ পাইছিল । 2017 চনত তেওঁলোকে ইটালীৰ টাস্কানিত এক ব্যক্তিগত অনুষ্ঠানত বিবাহপাশত আৱদ্ধ হৈছিল । তেওঁলোকৰ প্ৰথম সন্তান, ভামিকাৰ জন্ম হৈছিল 2021 চনত । অনুষ্কা আৰু বিৰাটে এই বছৰৰ আৰম্ভণিতে তেওঁলোকৰ দ্বিতীয় সন্তানৰ জন্মৰ কথা ঘোষণা কৰিছিল ৷

লগতে পঢ়ক: 90 ৰ দশকৰ ক’লা অধ্যায়, মুখ খুলিলে অভিনেত্ৰী সোণালী বেন্দ্ৰেই - Sonali Bendre

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.