ETV Bharat / entertainment

90 ৰ দশকৰ ক’লা অধ্যায়, মুখ খুলিলে অভিনেত্ৰী সোণালী বেন্দ্ৰেই - Sonali Bendre

author img

By ETV Bharat Assamese Team

Published : May 3, 2024, 4:28 PM IST

Sonali Bendre : নব্বৈ দশকৰ এগৰাকী বিখ্যাত অভিনেত্ৰী সোণালী বেন্দ্ৰে ৷ তেওঁক বৰ্তমান 'দ্য ব্ৰ’কেন নিউজ' ৰ দ্বিতীয় ছীজনত দেখা যাব । শেহতীয়াকৈ এক সাক্ষাৎকাৰত অভিনেত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে বলীউডৰ ভিতৰৰ কিছু বিস্ফোৰক তথ্য ...

Sonali Bendre
90 ৰ দশকৰ ক’লা অধ্যায়, মুখ খুলিলে অভিনেত্ৰী সোণালী বেন্দ্ৰেই (এ এন আই)

চিটাৰা ডেস্ক, 3 মে’ : নব্বৈৰ দশকৰ এগৰাকী জনপ্ৰিয় আৰু মোহময়ী অভিনেত্ৰী সোণালী বেন্দ্ৰে ৷ অভিনেত্ৰীগৰাকীয়ে তেওঁৰ কেৰিয়াৰত বহুতো ব্লকব্লাষ্টাৰ ছবি দৰ্শকলৈ আগবঢ়াইছে ৷ অভিনেত্ৰীগৰাকীক এতিয়াও 'চৰফৰোশ', 'দিল জ্বলে' আৰু 'মেজৰ চাহাব' চলচ্চিত্ৰৰ বাবে মনত কৰা হয় ।

সোণালীয়ে বৰ্তমান তেওঁৰ আহিবলগীয়া ৱেব ছিৰিজ 'দ্য ব্ৰ’কেন নিউজ'ৰ দ্বিতীয় ছিজনৰ বাবে সৰ্বত্ৰে চৰ্চা লাভ কৰিছে ৷

শেহতীয়াকৈ অভিনেত্ৰী সোণালী বেন্দ্ৰেই এক সাক্ষাৎকাৰত নব্বৈ দশকৰ বলীউডৰ সময় ৰোমন্থন কৰি কয় যে, সেই সময়ত তেওঁৰ লগত সহ অভিনেতাৰ প্ৰেমৰ সম্পৰ্ক থকা বুলি বহু উৰাবাতৰি বাহিৰ হৈছিল ৷ সেই উৰাবাতৰিয়ে তেওঁৰ কেৰিয়াৰত বহুত সমস্যা সৃষ্টি কৰে ৷

বৰ্তমান সময়ত অভিনেতা-অভিনেত্ৰীসকলক প্ৰায়েই তেওঁলোকৰ ব্যক্তিগত জীৱনৰ কথা সোধা হয় যাতে এই খবৰে চাৰিওফালে ব্যাপক চৰ্চা লাভ কৰে ৷ অৱশ্যে এই উদ্যোগত তেওঁ কেৰিয়াৰৰ আৰম্ভণি কৰা দিনবোৰত এনে ধৰণৰ বহু উৰাবাতৰি ছবি এখনৰ প্ৰচাৰৰ বাবে চলোৱা হৈছিল ৷

সোণালীয়ে কৈছিল যে, তেওঁৰ ব্যক্তিগত জীৱনৰ বিষয়ে বহু ভিত্তিহীন উৰাবাতৰি, তেওঁৰ সহ অভিনেতাৰ লগত প্ৰেমৰ সম্পৰ্ক আৰু সহ-তাৰকাৰ সৈতে কাজিয়া এইবোৰ খবৰে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছিল ৷ যিবোৰ কেতিয়াও সঁচা নাছিল ৷

সম্প্ৰতি সোণালী বেন্দ্ৰেই পুনৰ জী5 ৰ ৱেব চিৰিজ 'দ্য ব্ৰ’কেন নিউজ'ৰে অ'টিটিত আত্মপ্ৰকাশ কৰিছে । তেওঁৰ লগত পাতাল লোকৰ অভিনেতা জয়দীপ অহলাৱতকো দেখা গৈছে ৷ সোণালীয়ে এই ছিৰিজটোত নিউজ এংকৰৰ চৰিত্ৰত অভিনয় কৰিছে । এই অপৰাধ থ্ৰিলাৰ ছীৰিজটো বিনয় বৈকুলে পৰিচালনা কৰিছে ৷

ইয়াৰে এক সাক্ষাৎকাৰৰ সময়ত, অভিনেত্ৰীগৰাকীয়ে তেওঁৰ চলচ্চিত্ৰ কেৰিয়াৰৰ অভিজ্ঞতাসমূহ শ্বেয়াৰ কৰিছিল ।

"মোৰ সময়ত, আমাক আনকি উৰাবাতৰিৰ বাবে সোধাও নাছিল, কেৱল ছবিখনৰ প্ৰচাৰৰ বাবে তেনে ধৰণৰ উৰাবাতৰি উলিওৱা হৈছিল ৷ অভিনেতা-অভিনেত্ৰীসকলৰ হাতত তেতিয়া কোনো বিকল্প নাছিল ৷ কেৱল সংবাদ মাধ্যমত চৰ্চাত থাকিবলৈ তেনেধৰণৰ উৰাবাতৰি প্ৰচাৰ কৰা হৈছিল" বুলি সোণালী বেন্দ্ৰেই প্ৰকাশ কৰে ৷

লগতে পঢ়ক: ধন, ক্ষমতা আৰু যশৰ কাৰণে বলীউডত বহু লোকে বিবাহপাশত আৱদ্ধ হয়- নোৰা ফাতেহী - NORA FATEHI ON Bollywood

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.