অসম

assam

Project K release date: শীঘ্ৰেই মুক্তি লাভ কৰাৰ দিশত Project K, ইনষ্টাগ্ৰামযোগে মুক্তি লাভৰ দিন ঘোষণা

By

Published : Feb 18, 2023, 12:09 PM IST

Updated : Feb 18, 2023, 12:48 PM IST

অৱশেষত অনুৰাগীৰ অপেক্ষাৰ অন্ত পৰিল ৷ মহাশিৱৰাত্ৰি উপলক্ষে Project Kৰ নিৰ্মাতাই ছ’চিয়েল মিডিয়াযোগে ঘোষণা কৰিলে Project Kৰ মুক্তিৰ দিন ৷ পঢ়ক সবিশেষ...

Project K release date announced Prabhas, Deepika Padukone Amitabh Bachchan starrer to hit screens in 2024
শীঘ্ৰেই মুক্তি লাভ কৰিব বহু প্ৰতিক্ষিত ছবি Project K, ইনষ্টাগ্ৰামযোগে মুক্তি লাভৰ দিন ঘোষণা

চিটাৰা ডেস্ক, 18 ফেব্ৰুৱাৰী: অৱশেষত অপেক্ষাৰ অন্ত পৰিল ৷ শীঘ্ৰেই মুক্তি লাভ কৰাৰ দিশত বহু প্ৰতিক্ষিত ছবি Project K ৷ ইতিমধ্যে এই ছবিখনৰ ৰিলিজৰ দিন ইনষ্টাগ্ৰামযোগে ঘোষণা কৰিছে ছবিখনৰ প্ৰযোজক, পৰিচালক তথা ছবিখনৰ অভিনেতা প্ৰভাসে ৷ বলীউডৰ ডিম্পল গাৰ্ল দীপিকা পাডুকনৰ ছবি ‘পাঠান’ এইকেইদিন বক্স অফিচত এক জোকাৰণিৰ সৃষ্টি কৰিছে(Pathaan)। ‘পাঠান’ৰ সৈতে নতুন অভিলেখ সৃষ্টি কৰা

অভিনেত্ৰীগৰাকীয়ে অতি শীঘ্ৰেই অনুৰাগীসকলক আন এক ট্ৰিটৰ সৈতে আদৰণি জনাবলৈ সাজু হৈছে । দৰাচলতে আজি মহাশিৱৰাত্ৰি উপলক্ষে দীপিকা, প্ৰভাস আৰু অমিতাভ বচ্চন অভিনীত বহু প্ৰত্যাশিত ছবি ‘প্ৰজেক্ট কে’ৰ মুক্তিৰ দিন আৰু ছবিখনৰ প্ৰথম পোষ্টাৰ মুকলি কৰা হৈছে । অনুৰাগীৰ বাবে এয়া কোনো ট্ৰিটতকৈ কম নহয়(Project K release date announced)। গতিকে আহকচোন এই বহু প্ৰত্যাশিত ছবিখন কেতিয়া ছবিগৃহত মুক্তি পাব...

প্ৰভাস, দীপিকা পাডুকন আৰু অমিতাভ বচ্চন অভিনীত ছবি Project K ২০২৪ চনৰ আৰম্ভণিতে ছবিগৃহত মুক্তি পাব বুলি ফ্লিম মেকাৰসকলে ছ’চিয়েল মিডিয়াযোগে ঘোষণা কৰে(Project K)। ছবিখনে মুক্তি লাভ কৰিব ২০২৪ চনৰ ১২ জানুৱাৰী তাৰিখে ৷ ইনষ্টাগ্ৰাম আৰু টুইটাৰযোগে এখন নতুন পোষ্টাৰ শ্বেয়াৰ কৰে ছবিখনৰ এই ঘোষণা কৰে ছবি নিৰ্মাতা তথা ছবিখনৰ কলা-কুশলীসকলে (Project K release date)৷ ছবিখনৰ পোষ্টাৰখন চাই এয়া অনুমান কৰিব পাৰি যে ছবিখন ডিষ্ট’পিয়ান বিজ্ঞান-কল্পকাহিনীৰ(dystopian Sci-Fi) ওপৰত নিৰ্মিত ৷

পৰিচালক নাগ অশ্বিনৰ পৰিচালনাৰে আহিবলগীয়া ছবি প্ৰজেক্ট কে'ৰ শ্বুটিং ইতিমধ্যে সমাপ্ত হৈছে ৷ ইতিমধ্যে সকলো জ্ঞাত যে, Project Kত দেখিবলৈ পোৱা যাব দক্ষিণ ভাৰতৰ জনপ্ৰিয় ছুপাৰষ্টাৰ প্ৰভাসক ৷ লগতে ছবিখনত দেখিবলৈ পোৱ যাব বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী দীপিকা পাডুকনক ৷ ইফালে পিকুৰ পিছত পুনৰ ছবিগৃহত একেলগে দেখিবলৈ পোৱা যাব বিগ বি অমিতাভ বচ্চন আৰু দীপিকা পাডুকনক ৷

প্ৰজেক্ট কে প্ৰভাসৰ কেৰিয়াৰৰ অন্যতম অভিলাষী ছবি বুলি ক'ব পাৰি । এক নতুন অৱতাৰত দেখিবলৈ পোৱা যাব প্ৰভাসৰ ৷ এই ছবিখন দীপিকা পাডুকনৰ সৈতে তেওঁৰ প্ৰথম ছবি । উল্লেখ্য যে, 2022 চনত দীপিকা পাডুকনৰ জন্মদিনৰ দিনা এই ছবিখনৰ পোষ্টাৰ ৰিলিজ কৰিছিল vyjayanthi moviesয়ে ৷ খবৰ অনুসৰি ছবিখন দুটা ভাগত মুক্তি পাব, আৰু ইয়াৰ বিশাল কাহিনীভাগ আৰু দৃষ্টিভংগীৰ সৈতে সফলতা লাভ কৰিবলৈ নিৰ্মাতাসকলক বহুখিনি সহায় কৰিব ।

উল্লেখ্য যে, প্ৰজেক্ট Kৰ পৰিকল্পনা আৰু কাহিনীভাগ ইমানেই ডাঙৰ যে নিৰ্মাতাসকলে ইয়াক দ্বিতীয় খণ্ডৰ ছবি হিচাপে নিৰ্মাণ কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰিছে(Project K release date announced Prabhas)। খবৰ অনুসৰি নাগ অশ্বিনৰ পৰিচালিত ছবিখনৰ দ্বিতীয় খণ্ডৰ শ্বুটিং ইতিমধ্যে আৰম্ভ হৈছে আৰু ছবিখন দুটা ভাগত মুক্তি পাবলৈ গৈ আছে । ছবিখনৰ প্ৰথম খণ্ডই দৰ্শকৰ মাজত ছাচপেন্স সৃষ্টিৰ কাম কৰিব, আনহাতে দ্বিতীয় খণ্ডত ইয়াৰ সকলো ছাচপেন্স মুকলিকৈ ওলাই আহিব ।

লগতে পঢ়ক:Kartik Aaryan Shehzada: শ্বেহজাদা মুক্তিৰ দিনা কাৰ্তিকে ল’লে গণপতি বাপ্পাৰ আশীৰ্বাদ

Last Updated : Feb 18, 2023, 12:48 PM IST

ABOUT THE AUTHOR

...view details