ETV Bharat / entertainment

Kartik Aaryan Shehzada: শ্বেহজাদা মুক্তিৰ দিনা কাৰ্তিকে ল’লে গণপতি বাপ্পাৰ আশীৰ্বাদ

author img

By

Published : Feb 17, 2023, 8:32 PM IST

আজি 17 ফেব্ৰুৱাৰীত দেশৰ লগতে বিশ্বত মুক্তি লাভ কৰা কাৰ্তিক আৰ্য়ানৰ ‘শ্বেহজাদা’ ছবিখনৰ বাবে প্ৰাৰ্থনা কৰিবলৈ মুম্বাইৰ সিদ্ধিবিনায়ক মন্দিৰত বাপ্পাৰ আশ্ৰয় শিবিৰত উপস্থিত হয় কাৰ্তিক আৰ্য়ান । অভিনেতা গৰাকীয়ে তাৰ পৰা নিজৰ এখন ছবিও শ্বেয়াৰ কৰিছে (Kartik Aaryan news) ।

Kartik Aaryan
কাৰ্তিকে ল’লে গণপতি বাপ্পাৰ আশীৰ্বাদ

চিটাৰা ডেস্ক, 17 ফেব্ৰুৱাৰী : 17 ফেব্ৰুৱাৰীৰ দিনটো বলীউডৰ অন্যতম সুদৰ্শন অভিনেতা কাৰ্তিক আৰ্য়ানৰ বাবে এক অতি বিশেষ দিন । কাৰণ আজিৰ দিনটোতে তেওঁৰ বহু প্ৰতীক্ষিত ছবি ‘শ্বেহজাদা’ ছবিগৃহত চলিবলৈ আৰম্ভ কৰিছে । ছবিখন মুক্তি পোৱাৰ দিনা উগুল-থুগুল হৈ থকা মনটো শান্ত কৰিবলৈ কাৰ্তিক আৰ্য়ানে গণপতি বাপ্পাৰ আগত প্ৰণাম কৰি তেওঁৰ আশীৰ্বাদ বিচাৰিছে (Kartik Aaryan Ganpati Bappa) ।

‘শ্বেহজাদা’ ছবিখনৰ মুক্তিৰ দিনা ভগৱান গণেশৰ আশীৰ্বাদ বিচাৰি মুম্বাইৰ সিদ্ধিবিনায়ক মন্দিৰত উপস্থিত হয় বলীউডৰ অভিনেতা কাৰ্তিক আৰ্য়ান (Kartik Aaryan Shehzada Release) । ছবিখন মুক্তি পোৱাৰ পিচতে কাৰ্তিকে সামাজিক মাধ্যমযোগে নিজৰ এখন ফটো শ্বেয়াৰ কৰে, য’ত তেওঁ বাপ্পাৰ সন্মুখত মূৰ দোৱাই হাত যোৰ কৰি ছবিখনৰ বাবে প্ৰাৰ্থনা কৰি থকা দেখা গৈছে ।

কাৰ্তিক আৰ্য়ানে বাপ্পাৰ সন্মুখত হাত যোৰ কৰি ফটো এখন শ্বেয়াৰ কৰি লিখিছে, ‘গণপতি বাপ্পা মৌৰ্যা, বাপ্পাৰ আশীৰ্বাদৰ পিচত, এতিয়া শ্বাহজাদা আপোনাৰ’ (Kartik Aaryan Shehzada) । কাৰ্তিকৰ এই পোষ্টটো তেওঁৰ হাজাৰ হাজাৰ অনুৰাগীয়ে লাইক কৰিছে আৰু তেওঁলোকে অভিনেতাজনক সাহস দিছে আৰু ছবিখনৰ বাবে শুভেচ্ছা জনাইছে । ইয়াৰ আগতেও কাৰ্তিক আৰ্য়ানে ‘ভুল ভুলইয়া 2’ ছবিখনৰ বাবে সিদ্ধিবিনায়কত উপস্থিত হৈছিল । ‘ভুল ভুলাইয়া 2’ ছবিখনে বক্স অফিচত 250 কোটিৰো অধিক ধন সংগ্ৰহ কৰে ।

আপোনালোকক জনাও যে কাৰ্তিকৰ ‘ভুল ভুলইয়া 2’ ৰ পৰা দৰ্শকৰ আকৌ চিনেমা চোৱাৰ প্ৰতি আগ্ৰহ বাঢ়িল । বয়কটবলীউডে গা কৰি থকাৰ সময়তে এই ছবিখনে বলীউডৰ ভেটি মজবুত কৰিবলৈ সক্ষম হৈছিল ।

‘শ্বেহজাদা’ ছবিখনত কাৰ্তিক আৰ্য়ানৰ সৈতে মুখ্য চৰিত্ৰত অভিনয় কৰিছে অভিনেত্ৰী কৃতি সেননে ( Shehzada cast) । ছবিখনৰ পৰিচালনা কৰিছে ৰোহিত ধৱনে । আল্লু অৰ্জুন আৰু পূজা হেগড়ে মুখ্য চৰিত্ৰত থকা চাউথৰ চুপাৰহিট ছবি ‘আলা বৈকুণ্ঠপুৰমলো’ৰ অফিচিয়েল হিন্দী ৰিমেক এই ছবিখন । দক্ষিণৰ এই ছবিখনে বক্স অফিচত 250 কোটিতকৈয়ো অধিক টকাৰ ব্যৱসায় কৰিছিল, যাৰ ফলত আল্লু অৰ্জুনৰ জনপ্ৰিয়তা বৃদ্ধি পাইছিল ।

লগতে পঢ়ক : Jodhaa Akbar movie: জনপ্ৰিয় ছবি যোধা-আকবৰৰ সফলতাৰ পোন্ধৰটা বছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.