অসম

assam

Priyanka Chopra: প্ৰিয়ংকাৰ লগতে কোন এইজনী কণমানি চিনি পাইছেনে ?

By ETV Bharat Assamese Team

Published : Oct 20, 2023, 10:37 AM IST

শুকুৰবাৰে ইনষ্টাগ্ৰামত এখন পুৰণি ছবি শ্বেয়াৰ কৰিছে প্ৰিয়ংকা চোপ্ৰাই । এই ছবিখনত তেওঁৰ লগত এগৰাকী সৰু ছোৱালীক দেখা গৈছে । এই সৰু ছোৱালীজনী কোন জানেনে ? জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

priyanka chopra shared cousin sister Mannara's childhood picture and wished her good luck for Bigg Boss 17
শুকুৰবাৰে ইনষ্টাগ্ৰামত এটি পুৰণি ছবি শ্বেয়াৰ কৰিছে প্ৰিয়ংকা চোপ্ৰাই

চিটাৰা ডেস্ক, 20 অক্টোবৰ:ইনষ্টাগ্ৰামত অতি সক্ৰিয় গ্লোবেল আইকন প্ৰিয়ংকা চোপ্ৰা । প্ৰায়ে অভিনেত্ৰীগৰাকীয়ে অনুৰাগীৰ বাবে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰে নতুন নতুন পোষ্ট । শুকুৰবাৰে পুৱা প্ৰিয়ংকা চোপ্ৰাই নিজৰ এখন পুৰণি ফটো পোষ্ট কৰিছে । ফটোখনত তেওঁৰ লগত এগৰাকী সৰু ছোৱালীক দেখা গৈছে । এই ছবিখন তেওঁ সেই কণমানি ছোৱালীজনীৰ বাবে উৎসৰ্গা কৰিছে । লগতে কণমানিজনীক শুভেচ্ছাও জ্ঞাপন কৰিছে । কিন্তু আপুনি জানেনে এই ছবিখনত তেওঁৰ লগত থিয় হৈ থকা ছোৱালীজনী কোন ? যদি নাজানে তেন্তে জানো আহক এই প্ৰতিবেদনত ৷

ইনষ্টাগ্ৰামত এটি পুৰণি ছবি শ্বেয়াৰ কৰিছে প্ৰিয়ংকা চোপ্ৰাই

আজি ২০ অক্টোবৰত প্ৰিয়ংকা চোপ্ৰাই কণমানি ছোৱালীৰ সৈতে ২০০০ চনৰ এখন থ্ৰ’বেক ছবি পোষ্ট কৰে । এই ছোৱালীজনী আন কোনো নহয়, প্ৰিয়ংকাৰ সম্পৰ্কীয় ভগ্নী মান্নাৰা চোপ্ৰা ৷ মান্নাৰা চোপ্ৰা বৰ্তমান বিগ বছ হাউচত আছে । মান্নাৰাৰ শৈশৱৰ ছবি ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰি প্ৰিয়ংকা চোপ্ৰাই লিখিছে, ‘‘কণমানি মান্নাৰাৰ সৈতে পুৰণি ছবি । গুড লাক লিটল ৱান ।’’ ছবিখনত প্ৰিয়ংকা চোপ্ৰাই মিছ ৱৰ্ল্ড ২০০০ মুকুট পৰিধান কৰি মান্নাৰাক সাৱটি ধৰা দেখা গৈছে ৷

বিগ বছ ১৭

ছলমান খানৰ আটাইতকৈ বিতৰ্কিত টিভিৰ ৰিয়েলিটি শ্ব’ বিগ বছ আকৌ আৰম্ভ হৈছে ৷ ১৫ অক্টোবৰৰ পৰা নতুন ছিজনেৰে আৰম্ভ হৈছে বিগ বছ । নাটকৰে ভৰা মনোৰঞ্জনৰ সৈতে জিঅ’ চিনেমা ২৪x৭ ত ষ্ট্ৰীমিং হৈছে ‘বিগ বছ ১৭’। এই শ্ব’টো প্ৰত্যেক দিনা নিশা 10 বজাৰ পৰা আৰু শনিবাৰে-দেওবাৰে নিশা ৯ বজাৰ পৰা Colors টিভিত প্ৰচাৰিত হৈছে । বিগ বছৰ এইবাৰৰ বিষয়বস্তু হৈছে ‘‘এইবাৰ সকলোৰে বাবে খেল একেই নাথাকিব।’’ এইবাৰ 'বি বি ১৭' তিনিটা ঘৰত ভাগ কৰা হৈছে - দিল, ডিমাগ আৰু ডম ।

ইফালে মান্নাৰা চোপ্ৰাক শ্ব’টোত সকলোৱে ভাল পোৱা পৰিলক্ষিত হৈছে ৷ ছ’চিয়েল মিডিয়াত মান্নাৰা ট্ৰেণ্ড কৰিছে ৷ মান্নাৰা চোপ্ৰাৰ নিৰ্দোষ শৈলী আৰু কোৱাৰ ধৰণ সকলোৱে ভাল পাইছে ৷ আনহাতে শ্ব’টোত তেওঁৰ মুন্নাৱাৰ ফাৰুকিৰ সৈতে বন্ধুত্বৰ অনুৰাগীয়ে শলাগ লৈছে ৷ ইফালে অনুৰাগীয়ে মান্নাৰাক বিগ বছ 13 ৰ প্ৰতিযোগী শ্বেহনাজৰ সৈতে তুলনা কৰিছে ৷ নিজৰ ব্যক্তিত্ব আৰু নিৰ্দোষ শৈলীৰ বাবে সেই ছিজনটোৰ আটাইতকৈ জনপ্ৰিয় প্ৰতিযোগী হিচাপে পৰিগণিত হৈছিল শ্বেহনাজ ৷

লগতে পঢ়ক:Shah Rukh, Alia and Ranbir: অৱশেষত জৱানে পালে আলিয়াক ! শ্বাহৰুখ-আলিয়া-ৰণবীৰৰ নতুন ভিডিঅ’টি চালেনে ?

ABOUT THE AUTHOR

...view details