অসম

assam

Lata Mangeshkar Birth Anniversary: প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীয়ে ৯৪ সংখ্যক জন্ম বাৰ্ষিকীত এনেদৰে স্মৰণ কৰিলে লতাজীক

By ETV Bharat Assamese Team

Published : Sep 28, 2023, 1:15 PM IST

আজি ২৮ ছেপ্টেম্বৰত কোকিল কণ্ঠী লতা মংগেশকাৰৰ ৯৪ সংখ্যক জন্ম জয়ন্তী । এই উপলক্ষে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে তেওঁক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে ।

PM Modi and Amit Shah pay tribute to Lata Mangeshkar on 94th birth anniversary
লতা মংগেশকাৰৰ ৯৪ সংখ্যক জন্ম বাৰ্ষিকী

চিটাৰা ডেস্ক, 28 ছেপ্টেম্বৰ:আজি কোকিল কণ্ঠী লতা মংগেশকাৰৰ ৯৪ সংখ্যক জন্ম জয়ন্তী । ১৯২৯ চনৰ ২৮ ছেপ্টেম্বৰত ইন্দোৰত লতাজীৰ জন্ম হৈছিল । ইফালে ২০২২ চনৰ ৬ ফেব্ৰুৱাৰীত ক’ভিডত আক্ৰান্ত হৈ লতাজীৰ 92 বছৰ বয়সত মৃত্যু হয় । ভাৰত ৰত্ন লতাজী আজি আমাৰ মাজত নাই যদিও তেওঁৰ স্মৃতি আৰু তেওঁৰ গীতবোৰ সদায়ে চিৰস্মৰণীয় হৈ ৰ’ব ৷ লতাজীৰ ৯৪ সংখ্যক জন্মদিনত ছ’চিয়েল মিডিয়া যোগে সকলোৱে তেওঁক স্মৰণ কৰিছে । এই উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে তেওঁক স্মৰণ কৰি তেওঁৰ নামত এটা শ্ৰদ্ধাঞ্জলি পোষ্ট ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে ।

প্ৰধানমন্ত্ৰী মোদীৰ পোষ্ট

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লতা জীৰ ৯৪ সংখ্যক জন্ম বাৰ্ষিকী উপলক্ষে লিখিছে, ‘‘লতা দিদিক তেওঁৰ জন্ম বাৰ্ষিকীত স্মৰণ কৰিছো, ভাৰতীয় সংগীতলৈ তেওঁৰ অনৱদ্য অৱদান দশক দশক ধৰি চলি আছে, যিয়ে চিৰস্থায়ী প্ৰভাৱৰ সৃষ্টি কৰিছে, তেওঁৰ হৃদয়স্পৰ্শী প্ৰকাশে গভীৰ ছাপ পেলাইছে । আমাৰ সংস্কৃতিত তেওঁৰ এক বিশেষ স্থান সদায় থাকিব ।’’

অমিত শ্বাহৰ পোষ্ট

লতা মংগেশকাৰৰ ৯৪ সংখ্যক জন্ম জয়ন্তীত স্মৰণ কৰি গৃহমন্ত্ৰী অমিত শ্বাহে নিজৰ এক্স (পূৰ্বৰ টুইটাৰ) পোষ্টত লিখিছে, ‘‘লতা দিদিয়ে ভাৰতীয় সংগীত পৰম্পৰাক নতুন উচ্চতা প্ৰদান কৰি বিশ্ব মঞ্চত আৰু সমৃদ্ধ কৰাৰ বাবে সমগ্ৰ জীৱন উৎসৰ্গা কৰিছে । সৰলতা আৰু সংগীতৰ শিখৰত উপনীত হোৱাৰ পিচতো নম্ৰতা আৰু সৰলতাৰে ভাৰতবাসীৰ সৈতে সংযুক্ত হৈ থাকিল, সেয়া দেশবাসীৰ বাবে এক উৎকৃষ্ট নিদৰ্শন, ভাৰত ৰত্ন লতা দিদিক জন্ম বাৰ্ষিকীত প্ৰণাম ।’’

উল্লেখ্য যে, ক’ৰনা মহামাৰীত আক্ৰান্ত হৈ ২০২২ চনৰ ৬ ফেব্ৰুৱাৰীত লতা জীয়ে শেষ নিশ্বাস ত্যাগ কৰে । লতাজীৰ মৃত্যুত সমগ্ৰ ভাৰতবাসীয়ে কান্দিছিল আৰু আজি তেওঁৰ জন্মবাৰ্ষিকীত সকলোৱে তেওঁক শ্ৰদ্ধাৰে স্মৰণ কৰিছে ।

লতা মংগেশকাৰ জীলৈ তেখেতৰ ৯৪ সংখ্যক জন্ম জয়ন্তীত আমাৰ ফালৰ পৰা বিনম্ৰ শ্ৰদ্ধাঞ্জলি

লগতে পঢ়ক:Lata Mangeshkar Birthday Special: কিয় আধৰুৱা হৈ ৰ’ল লতা মংগেশকাৰৰ প্ৰেম কাহিনী ? কিয় বিয়া নহ’ল লতাজী ? সবিশেষ জানক প্ৰতিবেদনত

ABOUT THE AUTHOR

...view details