অসম

assam

KKBKKJ song Yentamma out: কিচি কা ভাই কিছি কি জানৰ নতুন গীত মুকলি

By

Published : Apr 4, 2023, 5:14 PM IST

ছলমান খান আৰু ভেংকটেশ ডাগ্গুবাটিৰ সৈতে কিচি কা ভাই কিছি কি জানৰ গীত য়েনটাম্মাত স্ক্ৰিন্ শ্বেয়াৰ কৰিছে দক্ষিণৰ ছুপাৰষ্টাৰ ৰাম চৰণে (KKBKKJ song Yentamma out)। চাওক ভিডিঅ’. . .

KKBKKJ song Yentamma out: Ram Charan is elated to have danced with 'legends' Salman Khan, Venkatesh
কিচি কা ভাই কিছি কি জানৰ গীত য়েনটাম্মা

চিটাৰা ডেস্ক, 4 এপ্ৰিল: আগন্তুক পাৰিবাৰিক মনোৰঞ্জনমূলক ছবি কিচি কা ভাই কিছি কি জানৰ নিৰ্মাতাসকলে মঙলবাৰে ছবিখনৰ আন এটা নতুন গীত উন্মোচন কৰে । গীতটিৰ নাম য়েনটাম্মা ৷ গীতটোত বিশেষভাৱে অভিনয় কৰা অভিনেতা ৰাম চৰণে গীতটি ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰে ৷ দেখা পোৱা যায় যে আৰ আৰ আৰ তাৰকাগৰাকীয়ে ছলমান আৰু ভেংকটেশ ডাগ্গুবাটিৰ সৈতে নৃত্য কৰিবলৈ পাই উল্লাসিত হৈ পৰিছে, সেয়াহে দুয়োকে ‘কিংবদন্তি’ বুলি অভিহিত কৰিছিল দক্ষিণৰ ছুপাৰষ্টাৰগৰাকীয়ে (KKBKKJ song Yentamma out) ।

য়েনটাম্মা গীতত ভেংকটেশৰ সৈতে ছলমানক লুঙিৰ উজ্জ্বল হালধীয়া ৰঙৰ চাৰ্ট পৰিধান কৰা দেখা পোৱা গৈছিল । শেষৰ ফালে ৰাম চৰণে ছলমান আৰু ভেংকটেশৰ সৈতে নৃত্যত যোগ দিয়ে (Kisi Ka Bhai Kisi Ki Jaan Yentamma song) ৷ শ্বব্বিৰ আহমেদে লিখা য়েনটাম্মা গীতটিত কণ্ঠদান কৰিছে বিশাল দাদলানী আৰু পায়েল দেৱে । অহা ৪ এপ্ৰিলত মুক্তি লাভ কৰিব গীতটোৰ সম্পূৰ্ণ সংস্কৰণে (Yentamma song)।

ইনষ্টাগ্ৰামত গীতটো শ্বেয়াৰ কৰি ৰাম চৰণে লিখিছে, "মোৰ অন্যতম বহুমূলীয়া অন-স্ক্ৰীণ মুহূৰ্ত । লাভ ইউ ভাই ৷ লিজেণ্ডৰ সৈতে নৃত্য #Yentamma song out now ৷ " অভিনেতাগৰাকীয়ে এই পোষ্টটো শ্বেয়াৰ কৰাৰ কিছু সময়ৰ পিচতে অনুৰাগীয়ে কমেণ্ট ছেকচনত প্ৰশংসা কৰে ৷ গীতটিৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এজন অনুৰাগীয়ে লিখিছে, "মাছ মিটছ ভাই " ৷ আন এজনে লিখিছে, "ছলমানৰ সৈতে আপোনাৰ নৃত্য কৰা দেখি ভাল লাগিল ।"

ছলমান খান ফিল্মছ প্ৰডাকচনৰ অধীনত নিৰ্মিত কিচি কা ভাই কিছি কি জানৰ নেতৃত্বত আছে ফাৰহাদ ছামজী । ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে পূজা হেগড়ে, জগপতি বাবু আৰু ভূমিকা চাওলাই । এই ছবিখনৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিব বিগ বছ 14ৰ জৰিয়তে খ্যাতি লাভ কৰা শ্বেহনাজ গিল আৰু লগতে পলক তিৱাৰীয়ে । কিচি কা ভাই কিচি কি জান ২০২৩ চনৰ ঈদত ছবিগৃহত মুক্তি লাভ কৰিব আৰু জি ষ্টুডিঅ’ৰ জৰিয়তে বিশ্বব্যাপী মুক্তি লাভ কৰিব ।

লগতে পঢ়ক:Kisi ka bhai kisi ki jaan: ছলমান খানে কণ্ঠদান কৰা কিছি কা ভাই কিছি কি জানৰ নতুন গীত মুকলি

ABOUT THE AUTHOR

...view details