ETV Bharat / entertainment

Kisi ka bhai kisi ki jaan: ছলমান খানে কণ্ঠদান কৰা কিছি কা ভাই কিছি কি জানৰ নতুন গীত মুকলি

author img

By

Published : Mar 21, 2023, 5:55 PM IST

ছলমান খানৰ আগন্তুক ছবি "কিচি কা ভাই কিচি কি জান"ৰ তৃতীয়টো গীত মুকলি (Kisi ka bhai kisi ki jaan) ৷ এই গীতটিত খোদ ছলমান খানে কণ্ঠদান কৰিছে ৷ গীতটিৰ নাম জি ৰাহে থে হাম ৷

Kisi ka bhai kisi ki jaan: Salman Khan and Pooja Hegde redefine romance in Jee rahe the hum, watch it here
কিছি কা ভাই কিছি কি জানৰ নতুন গীত মুকলি

চিটাৰা ডেস্ক, 21 মাৰ্চ: বলীউডৰ ছুপাৰষ্টাৰ অভিনেতা ছলমান খানৰ আগন্তুক ছবি "কিছি কা ভাই কিছি কি জান"ৰ নতুন গীত মুকলি ৷ প্ৰেমৰ গীতটিৰ নাম "Jee rahe the hum" । ছুপাৰষ্টাৰগৰাকীয়ে নিজৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউন্টত ৰোমান্টিক গীতটি অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰিছে ৷ গীতটিত পূজা হেগড়েৰ লগতে ৰাঘৱ জুৱাল, জেছি গিল আৰু সিদ্ধাৰ্থ নিগামকো দেখা পোৱা গৈছে (Jee rahe the hum)।

ভিডিঅ’টোৰ আৰম্ভণিৰ দৃশ্যটোত ছলমান খানক দীঘলীয়া চুলিৰ সৈতে দেখা যায় ৷ ছলমানে প্ৰথমে তেওঁৰ লেডী লাভ পূজা হেগড়ে সৈতে খুন্দা খায় ৷ তাৰ পিচৰে পৰা দুয়োৰে প্ৰেম কাহানী আৰম্ভ হোৱাৰ উমান পোৱা যায় ভিডিঅ’টোত ৷ পূজা হেগড়ে অভিনয় কৰা অনস্ক্ৰীণ প্ৰেমিকাৰ লগত এটা বন্ধ কোঠাত ৰোমান্টিক ডেট কৰে ছলমানে ৷ ইয়াৰ পিচত লাহে লাহে প্ৰেমিকাৰ সৈতে বাহিৰত একেলগে সময় অতিবাহিত কৰিবলৈ লয় অভিনেতাগৰাকীয়ে ৷ আনকি ভিডিঅ’টোত পূজাৰ বাবে ছলমান খানে গীত গোৱাও পৰিলক্ষিত হয় (Kisi ka bhai kisi ki jaan song release) ৷

এইখিনিতে উল্লেখ কৰিব লাগিব অনস্ক্ৰীণত ছলমানে গোৱা এই গীতটি প্ৰকৃততে ছলমান খানেই কণ্ঠদান কৰিছে ৷ শ্বব্বিৰ আহমেদে লিখা গীতটিৰ সংগীত সৃষ্টি কৰিছে অমল মালিকে ৷ গীতটো শ্বেয়াৰ কৰি ছুপাৰষ্টাৰগৰাকীয়ে লিখিছে, "Woh joh falling wala step hai jisme koi step nahiin hai, woh karke dikha do… love ka toh pata nahiin falling is sure. #30DaysToKBKJ #JeeRaheTheHum ৷"

নাইয়ো লাগদা আৰু বিলি বিলি গীতৰ পিচত জি ৰাহে থে হাম (Falling In Love) কিচি কা ভাই কিছি কি জান ছবিখনৰ তৃতীয়টো গীত । ছবিখনৰ নেতৃত্ব দিছে ফাৰহাদ ছামজীয়ে । ছবিখনত ছলমান খানৰ প্ৰডাকচনৰ সকলো চিহ্ন আছে , একচন, পাৰিবাৰিক নাটক আৰু ৰোমাঞ্চ ভৰপূৰ আছে (Salman Khan and Pooja Hegde) ।

ছবিখনত ছলমান খান, ভেংকটেশ ডাগ্গুবাটি, পূজা হেগড়ে, জগাপথি বাবু, ভূমিকা চাওলা, বিজেন্দৰ সিং, অভিমন্যু সিং, ৰাঘৱ জুৱাল, সিদ্ধাৰ্থ নিগম, জাছি গিল, শ্বেহনাজ গিল, পলাক তিৱাৰী আৰু বিনালী ভটনাগাৰক দেখা পোৱা যাব । ২০২৩ চনৰ ঈদত জি ষ্টুডিঅ’ত বিশ্বব্যাপী মুক্তি লাভ কৰিব ছবিখন ৷

লগতে পঢ়ক: Mrs Chhatterjee Vs Norway: মিচেছ চেটাৰ্জী বনাম নৰৱে ছবিখনে নৰৱেৰ বক্স অফিচত পৰাস্ত কৰে পাঠানক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.