অসম

assam

Jawan advance booking: বিশ্বব্যাপী ১০০ কোটি টকাৰ অ’পেনাৰ কৰা প্ৰথম ভাৰতীয় অভিনেতা হিচাপে পৰিগণিত হ’ল এছ আৰ কে

By ETV Bharat Assamese Team

Published : Sep 4, 2023, 12:39 PM IST

পাঠানৰ পিচত এইবাৰ জৱানে ভংগ কৰিব সকলো অভিলেখ ৷ বৰ্তমানলৈকে কিমান টিকট বিক্ৰী হৈছে সবিশেষ জানক এই প্ৰতিবেদনত ৷

Jawan advance booking: SRK to become first Indian actor with two Rs 100 cr worldwide opener
জৱানৰ এডভান্স বুকিঙৰ তথ্য

চিটাৰা ডেস্ক, ৪ ছেপ্টেম্বৰ: ২০২৩ চনে যেন শ্বাহৰুখ খানৰ বাবে লৈ আহিছে এক আশাৰ বতৰা ৷ বছৰটোৰ আৰম্ভণিতে মুক্তি পাইছিল শ্বাহৰুখ খানৰ ছবি পাঠানে ৷ অৱশ্যে ছবিখন মুক্তিৰ পূৰ্বেই বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছিল ৷ কিন্তু মুক্তিৰ পিচতে বক্স অফিচত পাঠানে ৰচিলে অভিলেখ ৷ বক্স অফিচৰ সকলো অভিলেখ ভংগ কৰি পাঠান হয়গৈ বছৰটোৰ ব্লকবাষ্টাৰ ছবি ৷ এতিয়া শ্বাহৰুখ খানৰ দ্বিতীয়খন ছবি জৱান মুক্তিৰ পথত ৷ জৱানক লৈও দেখা গৈছে অনুৰাগীৰ মাজত উৎকণ্ঠা ৷ এই উৎকণ্ঠা অনুমান কৰিব পাৰি এডভান্স বুকিঙৰ পৰা ৷

জৱানৰ বাবে এডভান্স বুকিঙে ছুপাৰষ্টাৰগৰাকীৰ বাবে আন এক ব্লকবাষ্টাৰৰ ইংগিত দিছে । ১ ছেপ্টেম্বৰৰ পৰা জৱানৰ এডভান্স বুকিং আৰম্ভ হৈছিল ৷ ইফালে ভাৰতত প্ৰায় ৬ লাখ টিকট আছে ছবিখনৰ ।

ছবিখনে শ্বাহৰুখ খানৰ বাবে এক সুকীয়া কৃতিত্ব অৰ্জন কৰাৰ সম্ভাৱনা আছে । পাঠানৰ সৈতে ছুপাৰষ্টাৰগৰাকীয়ে এবছৰত একেৰাহে দুটাকৈ ১০০ কোটি টকাৰ বিশ্বব্যাপী অ’পেনাৰ লাভ কৰা প্ৰথমজন ভাৰতীয় অভিনেতা হিচাপে পৰিগণিত হ’বলৈ সাজু হৈছে।

জৱানৰ এডভান্স বুকিং

জৱানৰ হিন্দী সংস্কৰণৰ এডভান্স টিকট বিক্ৰী হৈছে প্ৰায় ৫,৪১,১২৬ আৰু ইয়াৰ মূল্য হৈছে ১৫.৫৯ কোটি টকা । ইফালে তামিল সংস্কৰণৰ বাবে ১৯,৮৯৯ টিকট বিক্ৰী হোৱাৰ বিপৰীতে তেলেগু বজাৰত ১৬,২৩০ টিকট প্ৰি-চেল হৈছে । ইয়াৰ লগে লগে ভাৰতত জৱানৰ এডভান্স বুকিং ১৬.৯৩ কোটি টকা হৈছে ।

Jawan SRK ৰ দ্বিতীয়টো ১০০cr+ টকাৰ বিশ্বব্যাপী অ’পেনাৰ

বাণিজ্য বিশ্লেষক নিশিত শ্ব’ৰ মতে জৱানৰ বিস্ময়কৰ প্ৰি-চেলছৰ পিচত এছ আৰ কেৰ এইটো দ্বিতীয়খন ছবি হ’ব যিয়ে ১০০ কোটি টকাৰ অ’পেনাৰ হ’ব । যদি নিশিত শ্ব’ৰ বক্স অফিচত জৱানৰ ভৱিষ্যদ্বাণী সঁচা হয় তেন্তে কিং খান হ’ব প্ৰথমজন বলীউড অভিনেতা যিয়ে ১০০ কোটি টকাৰ ৱৰ্ল্ডৱাইড অ’পেনিং লাভ কৰিব । এবছৰতে মুক্তি পোৱা পাঠান আৰু জৱানে এই কৃতিত্বৰ তাৎপৰ্য আৰু অধিক বৃদ্ধি কৰিব ।

জৱানৰ ট্ৰেইলাৰ আৰু সংগীত

ইফালে, কেইদিনমান আগতে মুক্তি পোৱা জৱানৰ ট্ৰেইলাৰটোৱে কেৱল ইউটিউবতে ৪১ মিলিয়নতকৈও অধিক ভিউজ লাভ কৰিছে । ইফালে জৱানৰ প্ৰথমটি গীত জিন্দা বান্দাই ৬৪ মিলিয়নতকৈ অধিক ভিউজ লাভ কৰাৰ লগতে চালেয়া গীতটিয়ে লাভ কৰিছে ৫৫ মিলিয়ন ভিউজ ৷ ইফালে শেহতীয়াকৈ মুক্তি পোৱা নট ৰামায়া বাস্তাৱায়াই ইউটিউবত এতিয়ালৈকে ৩২ মিলিয়ন ভিউজ লাভ কৰিছে ৷

জৱানৰ বিষয়ে

এটলীৰ নেতৃত্বত নিৰ্মিত জৱানত তামিল চলচ্চিত্ৰ জগতৰ দুগৰাকী ডাঙৰ তাৰকা নয়নতৰা আৰু বিজয় ছেঠুপথিকো অভিনয় কৰা দেখা যাব ৷ ইয়াৰ বিপৰীতে দীপিকা পাডুকনকো এই ছবিখনত কেমিঅ’ ৰ’লত দেখা যাব ৷ ইয়াৰ উপৰিও সন্যা মালহোত্ৰা, প্ৰিয়মণি, ৰিদ্ধি ডোগ্ৰা আদিকো দেখা যাব এই ছবিখনত ৷ ৭ ছেপ্টেম্বৰত হিন্দী, তামিল আৰু তেলেগু ভাষাত ছবিগৃহত মুক্তি পাব ।

লগতে পঢ়ক:Gadar 2: গদৰ 2 ৰ সফলতা পাৰ্টি, তিনি খানৰ লগতে উপস্থিত বলীউডৰ বহু তাৰকা, চাওক ভিডিঅ’

ABOUT THE AUTHOR

...view details