অসম

assam

India Lockdown Trailer out: মৃত্যুৰ মাজেৰে পাৰ কৰি অহা সেই ভয়াৱহ দিন সুৱঁৰি

By

Published : Nov 17, 2022, 5:31 PM IST

India Lockdown Trailer: মধুৰ ভাণ্ডাৰকাৰৰ ছবি 'ইণ্ডিয়া লকডাউন'ৰ ট্ৰেইলাৰ বৃহস্পতিবাৰে মুকলি কৰা হয় ।

India Lockdown Trailer Out
মৃত্যুৰ মাজেৰে পাৰ কৰি অহা সেই ভয়াৱহ দিন সুৱঁৰি

চিটাৰা ডেস্ক, 17 নৱেম্বৰ : বলীউডৰ বিখ্যাত তথা ৰাষ্ট্ৰীয় বঁটা বিজয়ী পৰিচালক মধুৰ ভাণ্ডাৰকাৰে 17 নৱেম্বৰত তেওঁৰ পৰৱৰ্তী ছবি ‘ইণ্ডিয়া লকডাউন’ৰ ট্ৰেইলাৰ মুকলি কৰে । এই ছবিখনত ক’ভিড 19 ৰ বাবে দেশৰ লগতে বিশ্বত জাৰি কৰা দীৰ্ঘদিনীয়া লকডাউনৰ সময়ত দুখীয়া লোকসকলে সন্মুখীন হোৱা সমস্যা আৰু তেওঁলোক কি দৰে বাধ্য হৈ পৰিছিল সেই বিষয়ে উপস্থাপন কৰা হৈছে । ছবিখনৰ ট্ৰেইলাৰটো অতি মৰ্মস্পৰ্শী ।

ডেৰ মিনিটৰ ট্ৰেইলাৰত 2 বছৰৰ ট্ৰেজেডী

'ইণ্ডিয়া লকডাউন'ৰ ডেৰ-দুই মিনিটৰ ট্ৰেইলাৰত ক'ৰণা যুগৰ 2 বছৰৰ ট্ৰেজেডী অতি স্পৰ্শকাতৰ ভাৱে দেখুওৱা হৈছে । ট্ৰেইলাৰত দেখুওৱা হৈছে যে ক’ৰণা কালৰ এই বিষাক্ত সময়ছোৱাত উচ্চ শ্ৰেণীৰ পৰা নিম্ন শ্ৰেণীলৈকে কেনেকৈ জীৱন সংগ্ৰাম কৰিব লগা হৈছিল সকলোৱে তাকে দেখুওৱা হৈছে ।

ট্ৰেইলাৰত দেখুওৱা হৈছে যে প্ৰাৰম্ভিক 21 দিনীয়া লকডাউনৰ যাত্ৰা সকলোৱে যেনে তেনে পাৰ কৰেহে ঠিক তেনেকুৱাতে দ্বিতীয় লকডাউন ঘোষণা কৰাৰ লগে লগে সকলোৱে চকুৰ সন্মুখত দেখিবলৈ আৰম্ভ কৰে যে তেওঁলোক কিদৰে এডাল শিকলিত বান্ধ খাই পৰিছে ৷ আনহাতে দিনটোৰ এসাজ আহাৰৰ বাবে হাহাকাৰ কৰি থকা দুখীয়া শ্ৰেণীটোৱে মাথোঁ ভাবিছে ল’ৰা-ছোৱালীৰ পেট কেনেকৈ পূৰাব ।

ছবিখনত প্ৰতীক বব্বৰ, শ্বেতা বসু প্ৰসাদ, সাই তামহাংকৰ, আহানা কুমৰা, প্ৰকাশ বেলাবাদী আদি তাৰকাকে ধৰি আন বহুতক গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা গৈছে । ছবিখনত দৰিদ্ৰ স্বামী-স্ত্ৰীৰ চৰিত্ৰত অভিনয় কৰিছে প্ৰতীক বব্বৰ আৰু সাই তামহাংকৰে । সকলোতকৈ ডাঙৰ কথাটো হ’ল ট্ৰেইলাৰত এই যুটিটো দেখি সকলোৰে সেই দিনবোৰ মনত পৰিব যেতিয়া মানুহে কোনো সহায় নোহোৱাকৈ নিজৰ দূৰৈৰ গাঁওবোৰলৈ শ শ মাইল খোজ কাঢ়ি গৈছিল । সেই সময়ত তেওঁলোক কি কি অসুবিধাৰ সন্মুখীন হৈছিল এই ছবিখনত সেই দৃশ্যবোৰ দৰ্শকে চাবলৈ পাব ।

আপোনালোকক জনাওঁ যে অহা 2 ডিচেম্বৰত চিনেমা হলত নহয় অ'টিটিত 'ইণ্ডিয়া লকডাউন' ষ্ট্ৰীমিং কৰা হ'ব ।

লগতে পঢ়ক :নিউয়ৰ্কত স্বাৰোভস্কিৰ অপেন দ্য ৱাণ্ডাৰ ডিনাৰত অংশ গ্ৰহণ কৰে অনন্যা পাণ্ডেই

ABOUT THE AUTHOR

...view details