অসম

assam

Sameer Khakhar passes away : বলীউডৰ প্ৰবীণ অভিনেতা সমীৰ খাখৰৰ দেহাৱসান

By

Published : Mar 15, 2023, 1:10 PM IST

Farzi actor Sameer Khakhar passes away at 71

শ্বাহিদ কাপুৰৰ অভিনীত ৱেব ছিৰিজ ফাৰ্জিত শেষবাৰৰ বাবে দেখা পোৱা প্ৰবীণ অভিনেতা সমীৰ খাখৰ আৰু নাই (Sameer Khakhar passes away) । ভাতৃ গণেশ খাখৰৰে নিশ্চিত কৰে এই খবৰ ৷

চিটাৰা ডেস্ক, 15 মাৰ্চ: বলীউডৰ প্ৰবীণ অভিনেতা সমীৰ খাখৰ আৰু নাই (Sameer Khakhar passes away)। ৭১ বছৰ বয়সত ইহলীলা সম্বৰণ কৰে বৰ্ষীয়ান অভিনেতাগৰাকীয়ে । অভিনেতাগৰাকীৰ মৃত্যুৰ খবৰ ইতিমধ্যেই নিশ্চিত কৰিছে তেওঁৰ ভাতৃ গণেশে । ভাতৃ গণেশে জনোৱা মতে, শৰীৰৰ একাধিক অংগ বিকল হোৱাৰ বাবে বুধবাৰে সমীৰৰ মৃত্যু হয় ।

মঙলবাৰে পুৱা শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ বাবে খাখৰক উপনগৰ মুম্বাইৰ বৰিভালিৰ এম এম হাস্পতালত ভৰ্তি কৰোৱা হৈছিল । যদিও দুৰ্ভাগ্যবশতঃ আজি মৃত্যু হয় অভিনেতাগৰাকীৰ ৷ আজি পুৱা ১০.৩০ বজাত বৰিভালিৰ শ্মশানত অভিনেতাগৰাকীৰ শেষকৃত্য সম্পন্ন হয় (Farzi actor Sameer Khakhar passes away) ৷

ভাতৃ গণেশে কয়, "মঙলবাৰে পুৱা সমীৰে শ্বাস-প্ৰশ্বাসজনিত কিছু সমস্যাৰ সন্মুখীন হৈছিল ৷ যাৰ বাবে আমি চিকিৎসকক ফোন কৰিছিলো আৰু চিকিৎসকে সমীৰক হাস্পতালত ভৰ্তি কৰাবলৈ কয় (Sameer Khakhar no more)। গতিকে সেইমতেই আমি তেওঁক চিকিৎসালয়লৈ লৈ গৈছিলো আৰু তেওঁক আই চি ইউত ভৰ্তি কৰোৱা হৈছিল । কিন্তু সমীৰৰ শৰীৰ বহু অংগ ইতিমধ্যেই বিকল হৈছিল আৰু যাৰ ফলত আজি পুৱা ৪.৩০ বজাত তেওঁৰ মৃত্যু হয় ।"

এই দুৰ্ভাগ্যজনক খবৰটো লাভ কৰাৰ পিচতে চলচ্চিত্ৰ নিৰ্মাতা হান্সল মেহতাই আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে (Sameer Khakhar passed away)। চলচ্চিত্ৰ নিৰ্মাতাগৰাকীয়ে কয়, "কিবা কাৰণত কলেজত তেওঁৰ আইকনিক চৰিত্ৰ নুক্কাডৰ বাবে মোক খোপ্দি বুলি নাম দিয়া হৈছিল । সেই সময়ৰ মোৰ ঘনিষ্ঠ বন্ধুসকলে এতিয়াও মোক খোপডী বুলি কয় । কিন্তু অনুমান কৰিছোঁ অ'জিক বিদায় দিয়াৰ সময় আহি পৰিছে । বিদায় সমীৰ খাখৰ । স্মৃতিবোৰৰ বাবে ধন্যবাদ, "।

চাৰি দশকযোৰা কেৰিয়াৰত সমীৰে বহুকেইটা চৰিত্ৰত অভিনয় কৰিছিল ৷ টিভি শ্ব’ নুক্কাড আৰু চাৰ্কাছত অভিনয় কৰি খ্যাতি অৰ্জন কৰিছিল । শ্ৰীমান শ্ৰীমতী আৰু আদালত ছবিতো তেওঁক দেখা পোৱা গৈছিল (Sameer Khakhar died) ৷ হাছি তৌ ফাছি, জয় হো, পেটেল কি পাঞ্জাবী ছাদি আদি ছবিতো গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছিল বলিষ্ঠ অভিনেতাগৰাকী । সুধীৰ মিশ্ৰৰ পৰিচালিত চিৰিয়াছ মেন আৰু বিকাশ বাহলৰ ৱেব-ছিৰিজ ছানফ্লাৱাৰতো অভিনয় কৰিছিল । শেহতীয়াকৈ বলিষ্ঠ অভিনেতাগৰাকীক ৰাজ আৰু ডি কেৰ পৰিচালনাত শ্বাহিদ কাপুৰৰ অভিনীত অ’টিটি ধাৰাবাহিক ফাৰ্জীত দেখা পোৱা গৈছিল । সমীৰ খাখৰে ইহসংসাৰত এৰি থৈ যায় পত্নীক । (With agency inputs)

লগতে পঢ়ক:Madhuri Dixit: মাতৃৰ মৃত্যুৰ পিচত সামাজিক মাধ্যমত আৱেগিক পোষ্ট মাধুৰী দীক্ষিতৰ

ABOUT THE AUTHOR

...view details