Madhuri Dixit: মাতৃৰ মৃত্যুৰ পিচত সামাজিক মাধ্যমত আৱেগিক পোষ্ট মাধুৰী দীক্ষিতৰ
Published: Mar 13, 2023, 10:46 PM


Madhuri Dixit: মাতৃৰ মৃত্যুৰ পিচত সামাজিক মাধ্যমত আৱেগিক পোষ্ট মাধুৰী দীক্ষিতৰ
Published: Mar 13, 2023, 10:46 PM
মাধুৰী দীক্ষিতে মাতৃ স্নেহলতা দীক্ষিতৰ সৈতে তেওঁৰ এখন পুৰণি ফটো শ্বেয়াৰ কৰি আৱেগিক হৈ পৰে (Madhuri Dixit pens emotional note for mother) ৷ ৯০ বছৰ বয়সত শনিবাৰে মৃত্যুক সাৱটি লয় মাতৃ স্নেহলতা দীক্ষিতে ৷
চিটাৰা ডেস্ক, 13 মাৰ্চ: শনিবাৰে পুৱা মৃত্যু হয় অভিনেত্ৰী মাধুৰী দীক্ষিতৰ মাতৃ স্নেহলতা দীক্ষিতৰ ৷ মৃত্যুৰ পিচত আজি অভিনেত্ৰীগৰাকীয়ে নিজৰ ইনষ্টাগ্ৰাম একাউন্টত মাতৃৰ বাবে এটা আৱেগিক পোষ্ট শ্বেয়াৰ কৰে। মাতৃৰ স্মৃতি ৰোমন্থন কৰি আবেগিক হৈ পৰা দেখা যায় অভিনেত্ৰীগৰাকীক ৷ মাতৃৰ সৈতে এখন পুৰণি ফটো পোষ্ট কৰে মাধুৰীয়ে (Madhuri Dixit insta post) । মৃত্যুৰ সময়ত মাতৃৰ বয়স আছিল ৯০ বছৰ ।
ছ’চিয়েল মিডিয়াত পোষ্ট কৰা ফটোখনত মাধুৰীক মাতৃৰ নিজৰ বাসগৃহত দেখা পোৱা গৈছিল (Madhuri Dixit mother passes away)। ফটোখন শ্বেয়াৰ কৰি মাধুৰীয়ে কেপচনত লিখিছে, “আজি ৰাতিপুৱা সাৰ পাই দেখিলো, আইৰ কোঠাটো খালী হৈ আছে । অবাস্তৱ যেন লাগিল । তেওঁ আমাক জীৱনক আকোৱালি ল’বলৈ আৰু উদযাপন কৰিবলৈ শিকাইছিল । ইমানবোৰ মানুহক তেওঁ ইমানখিনি দিলে । আমি সকলোৱে তেওঁক বহুত মিছ কৰিম কিন্তু তেওঁ আমাৰ স্মৃতিত সদায় জীয়াই থাকিব । তেওঁ সদায় ইতিবাচক আছিল । আমি আমাৰ স্মৃতিৰ সৈতে তেওঁৰ জীৱনটো একেলগে উদযাপন কৰিম । ওম শান্তি ওম।”
ইফালে অভিনেত্ৰীগৰাকীয়ে পোষ্ট কৰাৰ কিছু সময়ৰ পিচতে অনুৰাগী আৰু চেলিব্ৰিটিসকলে কমেণ্ট ছেকচনত বিদায়ী আত্মাৰ বাবে প্ৰাৰ্থনা কৰে । দীয়া মিৰ্জাই প্ৰাৰ্থনা কৰা হাত আৰু হৃদয়ৰ ইমোজিৰে মন্তব্য কৰাৰ বিপৰীতে মৌনি ৰয়ে লিখিছে, “আই এম ছ’ৰী মেম । Sending love ।” অভিনেত্ৰী ৰবীনা টাণ্ডনে “ওম শান্তি ওম” বুলি মন্তব্য কৰে (Madhuri Dixit pens emotional note for mother) ।
মাধুৰী আৰু তেওঁৰ স্বামী শ্ৰীৰাম নেনেই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা এক বিবৃতিত মাতৃ স্নেহলতাৰ মৃত্যুৰ খবৰ শ্বেয়াৰ কৰিছিল । বিবৃতিত লিখিছিল, “আমাৰ প্ৰিয় আই স্নেহলতা দীক্ষিত আজি পুৱা প্ৰিয়জনৰ সৈতে বিদায় লৈ শান্তিৰে মৃত্যুবৰণ কৰে।” উল্লেখ্য যে, ৱৰ্লিৰ বৈকুণ্ঠ ধামত তেওঁৰ শেষকৃত্য় অনুষ্ঠিত হয় (Madhuri Dixit mother died) ৷
শেষকৃত্য অনুষ্ঠানত মাধুৰী, তেওঁৰ স্বামী ডাঃ শ্ৰীৰাম নেনে আৰু তেওঁলোকৰ কনিষ্ঠ পুত্ৰ ৰিয়ানকে ধৰি কেইবাগৰাকী চেলিব্ৰিটিয়ে অংশগ্ৰহণ কৰে । চলচ্চিত্ৰ প্ৰযোজক অমৃতপল সিং বিন্দ্ৰা আৰু চেলিব্ৰিটি মেক-আপ আৰ্টিষ্ট মিকি কন্ট্ৰেক্টৰকে ধৰি আন বহুলোক অন্ত্যেষ্টিক্ৰিয়াৰ বাবে উপস্থিত হোৱা দেখা যায়। স্নেহলতাৰ সৰু সন্তান হৈছে মাধুৰী । অভিনেত্ৰীগৰাকীৰ দুগৰাকী ডাঙৰ বায়েক আৰু এজন ডাঙৰ ককায়েক আছে । ২০১৩ চনত ৯১ বছৰ বয়সত অভিনেত্ৰীগৰাকীৰ পিতৃ শংকৰ দীক্ষিতৰ মৃত্যু হৈছিল ।
লগতে পঢ়ক: Snehalata passes away: মাধুৰী দীক্ষিতৰ মাতৃ স্নেহলাতা দীক্ষিতৰ দেহাৱসান
