অসম

assam

ভূমিকম্পৰ আগমুহূৰ্তলৈকে জাপানত আছিল জুনিয়ৰ এন টি আৰ, তাৰ পিচত কি হ’ল ?

By ETV Bharat Assamese Team

Published : Jan 2, 2024, 11:14 AM IST

Jr NTR Escaped Japan Earthquake: সোমবাৰে জাপানক ৭.৫ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি যায় ৷ ইয়াৰ ফলত জাপানত বহু লোকৰ মৃত্যু হয় । ইয়াৰ মাজতে এতিয়া জাপানৰ ভূমিকম্পক লৈ এক আচৰিত তথ্য প্ৰকাশ কৰিছে আৰ আৰ আৰ অভিনেতা জুনিয়ৰ এন টি আৰে ৷

Deeply shocked: Jr NTR returns home after a week in quake hit Japan
সৌভাগ্যক্ৰমে বাচিলে অভিনেতাগৰাকী

চিটাৰা ডেস্ক, ২ জানুৱাৰী: সম্প্ৰতি গোটেই বিশ্বজুৰি উদযাপন কৰা হৈছে নৱবৰ্ষ ৷ চৌদিশে এতিয়া নৱবৰ্ষৰ উচাহ ৷ কোনোবাই যদি আপোনজনৰ সৈতে ঘৰতে নৱবৰ্ষ উদযাপন কৰিছে, আন বহুতে আকৌ বিদেশলৈ গৈ নৱবৰ্ষ উদযাপন কৰিছে ৷ মুঠৰ ওপৰত বছৰটো যাতে সকলোৰে বাবে ভালে হওক তাৰে কামনা কৰিছে সকলোৱে ৷ কিন্তু ২০২৪ চনৰ নতুন বছৰে জাপানৰ বাবে কঢ়িয়াই আনিছে বিধ্বংসী ৰূপ । ১ জানুৱাৰীত একেৰাহে কেইবাটাও ভূমিকম্পই কঁপাই তুলিছিল জাপান । ভূমিকম্পৰ ফলত এক প্ৰকাৰে বিধ্বস্ত হৈ পৰিছে জাপানৰ বহু চহৰ । ইফালে চাউথ ছুপাৰষ্টাৰ জুনিয়ৰ এনটিআৰে শ্বেয়াৰ কৰিলে এটা আচৰিত কথা ।

আৰ আৰ আৰৰ অভিনেতা জুনিয়ৰ এন টি আৰে কয় যে তেওঁ বিগত বহু দিন ধৰি জাপানত আছিল । কিন্তু সৌভাগ্যক্ৰমে ভূমিকম্পৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে তেওঁ ভাৰতলৈ গুচি আহিছে । জুনিয়ৰ এনটিআৰে জাপানত সংঘটিত হোৱা ভূমিকম্পৰ বিষয়ে টুইট কৰিছে । এই চাঞ্চল্যকৰ ঘটনাৰ বিষয়ে অভিনেতাজনে কয় যে তেওঁ এই ঘটনাত যথেষ্ট আচৰিত হৈ পৰিছে ।

সৌভাগ্যক্ৰমে বাচিলে অভিনেতাগৰাকী

জুনিয়ৰ এনটিআৰে মঙলাবাৰে পুৱতি নিশা টুইট কৰি কয়, "আজি জাপানৰ পৰা ঘৰলৈ উভতি আহিছো ৷ কিন্তু ভূমিকম্পৰ খবৰত গভীৰভাৱে স্তম্ভিত হৈ পৰিলোঁ । শেষৰ সপ্তাহটো তাতেই কটালোঁ ৷ এই ঘটনাত ক্ষতিগ্ৰস্ত সকলোকে মোৰ ফালৰ পৰা সমবেদনা জ্ঞাপন কৰিছো । যিসকলে বাচিবলৈ সক্ষম হ’ল তেওঁলোকৰ বাবে মই সুখী । শক্তিশালী হৈ থাকক, জাপান ।"

জুনিয়ৰ এন টি আৰৰ ৱৰ্ক ফ্ৰণ্টৰ কথা ক’বলৈ গ’লে অভিনেতাগৰাকীয়ে বৰ্তমান বহু প্ৰজেক্টত কাম কৰি আছে । নৱবৰ্ষত তেওঁৰ আগন্তুক ছবি দেৱৰাৰ সৈতে জড়িত এটা আপডেট শ্বেয়াৰ কৰিছিল । অভিনেতাগৰাকীয়ে ছবিখনৰ মুক্তিৰ তাৰিখ আৰু টিজাৰৰ কথা ঘোষণা কৰে ।

লগতে পঢ়ক:জাপানত ভূমিকম্পত নিহত ২৪, ছুনামিৰ সতৰ্কবাণী

ABOUT THE AUTHOR

...view details