অসম

assam

Deepika Padukone Oscars 2023 : অস্কাৰত অংশগ্ৰহণ কৰিব দীপিকাই, স্বামী ৰণবীৰে প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া

By

Published : Mar 3, 2023, 12:33 PM IST

বলীউডৰ অন্যতম শীৰ্ষ অভিনেত্ৰী দীপিকা পাডুকনে ৯৫ সংখ্যক অস্কাৰ বঁটা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰিব । এই সন্দৰ্ভত অভিনেত্ৰীগৰাকীৰ স্বামী ৰণবীৰ সিঙে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া (Deepika Padukone at Oscars 2023) ।

Deepika Padukone joins Dwayne Johnson as presenter at Oscars 2023, Ranveer Singh reacts
অভিনেত্ৰী দীপিকা পাডুকনে ৯৫ সংখ্যক অস্কাৰ বঁটা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰিব

চিটাৰা ডেস্ক, 3 মাৰ্চ: বলীউডৰ ‘পদ্মাৱত’ দীপিকা পাডুকনে পুনৰ দেশৰ বাবে সুনাম কঢ়িয়াবলৈ আনিবলৈ সাজু হৈছে ৷ বিগত বৰ্ষত দীপিকাই জুৰীৰ সদস্য হিচাপে ‘কান চলচ্চিত্ৰ মহোৎসৱ’ত যোগদান কৰি দেশলৈ সন্মান কঢ়িয়াই আনিছিল ।

এতিয়া ১২ মাৰ্চত আমেৰিকাত অনুষ্ঠিত হ’বলগীয়া ৯৫ সংখ্যক একাডেমী বঁটা অনুষ্ঠানত অংশ ল’ব দীপিকা পাডুকনে । দীপিকাক ৯৫ সংখ্যক একাডেমী বঁটা অনুষ্ঠানত উপস্থাপকৰ ৰূপত দেখা যাব (95th Academy Awards) ৷ এই অনুষ্ঠানত তেওঁক হলিউডৰ বিখ্যাত অভিনেতা তথা প্ৰাক্তন ৰিং মল্লযুঁজাৰু ড্ৱেইন জনছন (ৰক)ৰ সৈতে দেখা পোৱা যাব । এই খবৰৰ পিচতেই দেশজুৰি আনন্দৰ জোৱাৰ উঠিছে ৷ অভিনেত্ৰীগৰাকীৰ স্বামী তথা বলীউডৰ অভিনেতা ৰণবীৰ সিঙেও ভাল খবৰটোক লৈ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে (Deepika Padukone at Oscars 2023) ।

দীপিকা পাডুকনৰ এই সন্দৰ্ভত পোষ্ট

যোৱা নিশা অভিনেত্ৰীগৰাকীয়ে নিজৰ অনুৰাগীৰ লগতে দেশবাসীৰ উদ্দেশ্যে জনাইছে এই খবৰ ৷ অভিনেত্ৰীগৰাকীয়ে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত এক পোষ্টযোগে জনাইছে এই তথ্য । এই পোষ্টটোৰ জৰিয়তে দীপিকাই কেপচনত লিখিছে, ‘অস্কাৰ’। অভিনেত্ৰীগৰাকীয়ে এই ভাল খবৰটো শ্বেয়াৰ কৰাৰ পিছৰে পৰা বহু অভিনেতা-অভিনেত্ৰী, অনুৰাগী আৰু ঘনিষ্ঠ বন্ধুসকলে দীপিকাক অভিনন্দন জ্ঞাপন কৰিছে । একে সময়তে দীপিকা পাডুকনৰ স্বামী ৰণবীৰ সিঙে পত্নীৰ এই সাফল্যত সুখ প্ৰকাশ কৰি হাঁহি আৰু তিনিটা হাত চাপৰি বজোৱা ইমোজি কমেন্ট কৰিছে ।

অস্কাৰত কাৰ সৈতে নেতৃত্ব দিব দীপিকা পাডুকনে ?

দীপিকা পাডুকনে শ্বেয়াৰ কৰা পোষ্টটোত হলিউডৰ বহু তাৰকাৰ নাম সন্নিবিষ্ট কৰা হৈছে । এই নামবোৰৰ ভিতৰত ভাৰতৰ অন্যতম নাম আছিল কেৱল দীপিকা পাডুকনৰ । উল্লেখ্য যে, ২০২৩ চনৰ ৯৫ সংখ্যক অস্কাৰ অনুষ্ঠানত দীপিকা পাডুকনক জো ছালডানা, ড্ৱেইন জনছন, চেমুৱেল এল জেকচন, জেনিফাৰ কনেলী, মাইকেল বি জৰ্ডান, কুৱেষ্টলভ, জনাথন মেজৰ আৰু ডনি য়েনৰ সৈতে উপস্থাপক হিচাপে দেখা যাব ৷

ভাৰতৰ পৰা অস্কাৰত কোনে পালে মনোনয়ন ?

২০২৩ চনৰ অস্কাৰ বঁটাত ভাৰতৰ আশা বৃদ্ধি পাবলৈ ধৰিছে (Deepika Padukone Oscars 2023)। ভাৰতে ইতিমধ্যে তিনিটা শাখাত লাভ কৰিছে মনোনয়ন ৷ এইবাৰ দক্ষিণ চলচ্চিত্ৰ উদ্যোগৰ ছুপাৰহিট ছবি ‘আৰ আৰ আৰ’ৰ হিট গীত ‘নাটু-নাটু’ই ‘শ্ৰেষ্ঠ মৌলিক গীত’ৰ শাখাত মনোনয়ন লাভ কৰিছে । আনহাতে গুজৰাটী চিনেমা চেলো শ্ব’, All That Breathes আৰু The Elephant Whisperers (ডকুমেণ্টৰী)ৰ বাবে মনোনীত হয় ।

ইয়াৰ উপৰিও অস্কাৰৰ মঞ্চত ‘নাটু-নাটু’ গীতটিৰ গায়ক ৰাহুল স্পিলগঞ্জ আৰু কাল ভৈৰৱে লাইভ প্ৰদৰ্শন কৰিব বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক:Rajinikanth 170th Movie : জেলাৰ ছবিখন মুক্তিৰ পূৰ্বে ঘোষণা ৰজনীকান্তৰ ১৭০ সংখ্যক ছবিৰ নাম

ABOUT THE AUTHOR

...view details