অসম

assam

Pathaan news: উত্তৰ প্ৰদেশৰ বিজেপি সমৰ্থকে বিচাৰিছে ‘বয়কট পাঠান’

By

Published : Dec 15, 2022, 1:10 PM IST

মধ্য প্ৰদেশৰ মন্ত্ৰী নৰোত্তম মিশ্ৰৰ পিছত এতিয়া উত্তৰ প্ৰদেশৰ বিজেপি কৰ্মীসকলে 'সনাতন সংস্কৃতি'ক অপমান কৰাৰ বাবে শ্বাহৰুখ খান আৰু দীপিকা পাডুকন অভিনীত ছবি 'পাঠান' বৰ্জনৰ দাবী জনাইছে ।

Pathaan
বিজেপি সমৰ্থকে বিচাৰিছে ‘বয়কট পাঠান’

চিটাৰা ডেস্ক, 15 ডিচেম্বৰ : চাৰি বছৰৰ মূৰত ৰূপালী পৰ্দাত দেখিবলৈ পোৱা যাব সকলোৰে প্ৰিয় শ্বাহৰুখ খানক ৷ ছবি পাঠানৰ জৰিয়তে উভতি আহিছে শ্বাহৰুখ ৷ দীপিকাৰ সৈতে শ্বাহৰুখৰ এই চিনেমা খনৰ বাবে উৎসুক হৈ আছে অনুৰাগী সকল ৷ কিন্তু তাৰ মাজতে ছবিখনৰ গান Besharam Rang মুক্তি হোৱাৰ পিছতেই বিতৰ্কত সোমাই পৰিছে ছবিখন ৷

মধ্যপ্ৰদেশৰ মন্ত্ৰী নৰোত্তম মিশ্ৰই Besharam Rang গানটো অশ্লীল বুলি মন্তব্য কৰি কিছু সাল সলনি কৰিবলৈ আদেশ দিছে ৷ তাৰ পিছত এতিয়া উত্তৰ প্ৰদেশৰ বিজেপি কৰ্মীসকলে শ্বাহৰুখ খান আৰু দীপিকা পাডুকনে অভিনীত ছবি 'পাঠান' এ 'সনাতন সংস্কৃতি'ক অপমান কৰিছে বুলি মত প্ৰকাশ কৰি ছবিখন বৰ্জনৰ দাবী জনাইছে ।

বিজেপি নেতা ৰাজেশ কেশৰৱানীয়ে কয়, "চিনেমাখনৰ এটা গীতত কেশৰ ৰঙৰ সৈতে অশ্লীলতা প্ৰদৰ্শন কৰা হৈছে আৰু ই হিন্দু সমাজ আৰু সনাতন সংস্কৃতিৰ অপমান । সেয়েহে আমি আমাৰ উদ্বেগ প্ৰকাশ কৰিছো" ৷

উত্তৰ প্ৰদেশত চিনেমাখন তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ নিষিদ্ধ কৰাৰ লগতে নিৰ্মাতাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈও দাবী জনাইছে বিজেপি নেতাসকলে ।

মধ্যপ্ৰদেশৰ গৃহমন্ত্ৰী নৰোত্তম মিশ্ৰই বুধবাৰে ছবিখনৰ সাজ-পোছাক আৰু দৃশ্যক “অশ্লীল আৰু নিন্দনীয়” বুলি অভিহিত কৰে ।

অভিযোগ উত্থাপন কৰি মিশ্ৰই কয় যে অভিনেত্ৰী দীপিকা পাডুকনৰ সাজ-পোছাক অতি আপত্তিজনক আৰু গীতটোৰ শ্বুটিং হৈছে লেতেৰা মানসিকতাৰে পৰিপূৰ্ণ । গীতৰ দৃশ্য আৰু সাজ-পোছাক সলনি কৰিব লাগে নতুবা আমি মধ্য প্ৰদেশত ইয়াৰ প্ৰদৰ্শনৰ বিষয়ে সিদ্ধান্ত ল'ব লাগিব," অভিনেত্ৰীগৰাকীয়ে 'টুকডে টুকডে' দলক সমৰ্থন কৰাৰ অভিযোগ উত্থাপন কৰি মিশ্ৰই এইদৰে কয় ।

উল্লেখযোগ্য যে মধ্যপ্ৰদেশ বিধানসভাৰ বিৰোধী নেতা গোবিন্দ সিঙেও গীতটোত সাজ-পোছাকৰ ওপৰত ক্ষোভ প্ৰকাশ কৰিছে । "গীতৰ দৃশ্য আৰু সাজ-পোছাক অতি আপত্তিজনক । ভাৰতীয় সংস্কৃতিত এনেবোৰ কথা গ্ৰহণযোগ্য নহয়" ৷

লগতে পঢ়ক :Haddi ৰ চৰিত্ৰৰ বাবে কেনেদৰে নিজকে তৈয়াৰ কৰিছিল নৱাজুদ্দিন ছিদ্দিকীয়ে

ABOUT THE AUTHOR

...view details