অসম

assam

জৱান, পাঠান, গদৰ ২ ৰ অভিলেখ ভংগ কৰিলে এনিমেলে, চতুৰ্থ দিনতো অব্যাহত এনিমেলৰ বাম্পাৰ উপাৰ্জন

By ETV Bharat Assamese Team

Published : Dec 5, 2023, 12:06 PM IST

Animal Box Office Collection Day 4: ‘এনিমেল’এ ছবিগৃহত ঢৌ তুলিছে । সোমবাৰে ৰণবীৰ কাপুৰৰ ছবিখনে কিমান উপাৰ্জন কৰিলে জানো আহক এই প্ৰতিবেদনত ।

http://10.10.50.90:6060///finaloutc/english-nle/finalout/05-December-2023/20187619_anu.jpg
এনিমেল বক্স অফিচ সংগ্ৰহ চতুৰ্থ দিন

চিটাৰা ডেস্ক, ৫ ডিচেম্বৰ: দেশ আৰু বিশ্বৰ বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰিছে ৰণবীৰ কাপুৰ অভিনীত ছবি এনিমেলে । ৰণবীৰ কাপুৰে ছবিখনত নিজৰ জোৰদাৰ অভিনয়েৰে দৰ্শকক ছবিগৃহলৈ আহিবলৈ বাধ্য কৰাইছে ৷ পূৰ্বে ৰণবীৰক তাহিনীও নেদেখা অৱতাৰত চাবলৈ ছবিগৃহত ভিৰ কৰিছে দৰ্শকে । কেৱল ইমানেই নহয়, ছবিখনত ববি দেওলৰ অভিনয়ো যথেষ্ট শক্তিশালী আছিল ৷ যাৰ বাবে মুক্তিৰ মাত্ৰ ৩ দিনৰ ভিতৰত ভাৰততে ছবিখনে ২০০ কোটি টকাৰ সীমা অতিক্ৰম কৰিছিল । সোমবাৰেও শীৰ্ষস্থান দখল কৰিছে ছবিখনে ।

মুক্তিৰ চতুৰ্থ দিনটোত ‘এনিমেল’এ কিমান কোটি টকা উপাৰ্জন কৰিছে ?

বক্স অফিচত ‘এনিমেল’এ যিদৰে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছে, তাৰ পৰা ক’ব পাৰি যে এই ছবিখনে ইতিহাস সৃষ্টিৰ দিশত আগবাঢ়িছে । এই ছবিখন ৰণবীৰ কাপুৰৰ সপোনৰ ছবিত পৰিণত হৈছে । অভিনেতাগৰাকীৰ কেৰিয়াৰৰ আটাইতকৈ ডাঙৰ অ’পেনাৰ ছবি হিচাপে পৰিগণিত হৈছে এনিমেল ৷ ইয়াৰ উপৰিও এই ছবিখনে শ্বাহৰুখ খানৰ ‘জৱান’ৰ পিচত অৰ্থাৎ মুক্তিৰ মাত্ৰ তিনিদিনৰ ভিতৰতে বক্স অফিচত ২০০ কোটি টকাৰ সীমা অতিক্ৰম কৰাৰ অভিলেখো গঢ়িছে । ছবিখনে প্ৰথম দিনা ৬৩.৮ কোটি টকা বক্স অফিচত খাতা খুলে । দ্বিতীয় দিনা শনিবাৰে ছবিখনৰ উপাৰ্জন হয় ৬৬.২৭ কোটি টকা । তৃতীয় দিনা অৰ্থাৎ দেওবাৰে ৭১.৪৬ কোটি টকা উপাৰ্জন কৰে ছবিখনে । এতিয়া ছবিখন মুক্তিৰ চতুৰ্থ দিনৰ অৰ্থাৎ সোমবাৰৰ উপাৰ্জন পোহৰলৈ আহিছে ।

Sacknilk ৰ আৰম্ভণিৰ ট্ৰেণ্ড ৰিপৰ্ট অনুসৰি ‘এনিমেল’ মুক্তিৰ চতুৰ্থ দিন অৰ্থাৎ সোমবাৰে ৩৯.৯ কোটি টকা উপাৰ্জন কৰিছে ।

ইয়াৰ লগে লগে এনিমেলৰ চাৰিদিনৰ মুঠ উপাৰ্জন হৈছেগৈ ২৪১.৪৩ কোটি টকা ।

চতুৰ্থ দিনটোত ‘জৱান’, ‘গদৰ ২’ আৰু ‘পাঠান’ৰ অভিলেখ ভংগ কৰিলে এনিমেলে

সোমবাৰে হিন্দীকে ধৰি সকলো ভাষাতে এনিমলে ৩৯.৯ কোটি টকা উপাৰ্জন কৰে

গদৰ ২য়ে প্ৰথম সোমবাৰে ৩৮.৭ কোটি টকা উপাৰ্জন কৰিছিল ।

প্ৰথম সোমবাৰে জৱানে হিন্দীত ৩০.৫ কোটি টকা আৰু মুঠ ৩২.৯২ কোটি টকা উপাৰ্জন কৰিছিল ।

প্ৰথম সোমবাৰে পাঠানে ২৬.৫০ কোটি টকা উপাৰ্জন কৰিছিল ।

লগতে পঢ়ক:এনিমেলৰ সন্মুখত ধৰাশায়ী ছেম বাহাদুৰ ! সোমবাৰে মাত্ৰ ইমান উপাৰ্জন কৰিলে ছবিখনে

ABOUT THE AUTHOR

...view details