ETV Bharat / entertainment

এনিমেলৰ সন্মুখত ধৰাশায়ী ছেম বাহাদুৰ ! সোমবাৰে মাত্ৰ ইমান উপাৰ্জন কৰিলে ছবিখনে

author img

By ETV Bharat Assamese Team

Published : Dec 5, 2023, 10:28 AM IST

Sam Bahadur Box Office Collection Day 4: বিকি কৌশলৰ ছেম বাহাদুৰে প্ৰথম সপ্তাহৰ শেষৰ ফালে বক্স অফিচত উজ্জ্বল প্ৰদৰ্শন কৰি ২৫ কোটিৰো অধিক উপাৰ্জন কৰে । অৱশ্যে সোমবাৰে ছবিখনে কিমান উপাৰ্জন কৰিলে জানো আহক এই প্ৰতিবেদনত ।

Sam Bahadur box office collection: Vicky Kaushal starrer estimated to witnesses 66% decline in India on day 4
ছেম বাহাদুৰ বক্স অফিচ সংগ্ৰহ

চিটাৰা ডেস্ক, ৫ ডিচেম্বৰ: বিকি কৌশল অভিনীত ‘ছেম বাহাদুৰ’ ১ ডিচেম্বৰত ছবিগৃহত মুক্তি লাভ কৰিছে । মেঘনা গুলজাৰৰ পৰিচালনাত নিৰ্মিত এই ছবিখন বক্স অফিচত সন্দীপ ৰেড্ডী ভাংগাৰ পৰিচালিত ছবি ‘এনিমেল’ৰ সৈতে প্ৰতিদ্বন্দিতা কৰিবলগীয়া হৈছিল । অৱশ্যে ৰণবীৰ কাপুৰৰ ‘এনিমেল’ৰ ধুমুহাৰ সৈতে সাহসেৰে মুখামুখি হৈছে বিকি কৌশলৰ ‘ছেম বাহাদুৰ’ । ছেম বাহাদুৰে দেওবাৰে বক্স অফিচত ভাল প্ৰদৰ্শন কৰে । জানো আহক বিকি কৌশল অভিনীত ছবিখনৰ সোমবাৰৰ উপাৰ্জন কিমান হৈছে ৷

সোমবাৰে ছেম বাহাদুৰে কিমান কোটি টকা উপাৰ্জন কৰিছে ?

‘ছেম বাহাদুৰ’ত মুখ্য চৰিত্ৰত অভিনয় কৰিছে বিকি কৌশলে । দেশৰ প্ৰথম ফিল্ড মাৰ্শ্বাল ছেম মানেকশ্ব’ৰ জীৱনৰ আধাৰত নিৰ্মিত এই ছবিখন । ছবিখনে দৰ্শকৰ পৰা যথেষ্ট প্ৰশংসা লাভ কৰিছে । ‘ছেম বাহাদুৰ’ৰ উপাৰ্জনৰ কথা ক’বলৈ গ’লে এই ছবিখনে মুক্তিৰ প্ৰথম দিনাই ৬.২৫ কোটি টকা সংগ্ৰহ কৰিছিল । ইয়াৰ পিচত দ্বিতীয় দিনা অৰ্থাৎ শনিবাৰে বিকিৰ ছবিখনৰ উপাৰ্জন ৪৪ শতাংশ বৃদ্ধি পাই আৰু উপাৰ্জন ৯ কোটি টকালৈ বৃদ্ধি হয় । তৃতীয় দিনা অৰ্থাৎ দেওবাৰে ছেম বাহাদুৰে ১৪.৪৪ শতাংশ বৃদ্ধিৰে ১০.৩ কোটি টকা উপাৰ্জন কৰে । ইয়াৰ লগে লগে ছবিখনে মুক্তিৰ তিনিদিনতে ২৫ কোটিতকৈ অধিক টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হয় । এতিয়া ছবিখন মুক্তিৰ চতুৰ্থ দিন অৰ্থাৎ সোমবাৰৰ উপাৰ্জন এনেধৰণৰ. . .

  • Sacknilk ৰ ট্ৰেণ্ড ৰিপৰ্ট অনুসৰি মুক্তিৰ চতুৰ্থ দিন অৰ্থাৎ সোমবাৰে ছেম বাহাদুৰে মাত্ৰ ৩.৫০ কোটি টকা উপাৰ্জন কৰিছে ।
  • ইয়াৰ লগে লগে চাৰিদিনত ‘ছেম বাহাদুৰ’ৰ মুঠ উপাৰ্জন হৈছে ২৯.০৫ কোটি টকা ।

লগতে পঢ়ক: পাঠান-জৱানৰ পিছত ছেম বাহাদুৰত উজলিল তিনি অসম সন্তান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.