অসম

assam

Ajay Devgn instagram, ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ৰ সুখ সকলোৰে সৈতে ভগাই ল’লে অজয় দেৱগণে

By

Published : Oct 1, 2022, 12:45 PM IST

বলীউড অভিনেতা অজয় দেৱগণক 68 তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা 2020 ৰ শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ প্ৰদান কৰা হয় (Ajay Devgn winning National Award)। এই সুখবৰ অজয়ে নিজেই সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে ।

Ajay Devgn
অজয় দেৱগণ

চিটাৰা ডেস্ক, 1 অক্টোবৰ : 68 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা 2020 ত বলীউডৰ অভিনেতা অজয় ​​দেৱগণ আৰু দক্ষিণৰ অভিনেতা সূৰ্যাক যৌথভাৱে শ্ৰেষ্ঠ অভিনেতাৰ উপাধি প্ৰদান কৰা হয় । অজয়ে এই সন্মান লাভ কৰে ‘তানহাজী : দ্য আনচাং ৱাৰিয়াৰ’ ছবিখনৰ বাবে । এইবাৰ তৃতীয়বাৰৰ বাবে ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হৈছে অজয় ​​দেৱগণে (Ajay Devgn winning National Award)। ইয়াৰ পূৰ্বেও তেওঁ 2000 আৰু 2003 চনত এই সন্মান লাভ কৰিছে । অজয়ে এই সুখৰ অনুভুতি নিজেই ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে । ৰাষ্ট্ৰীয় বঁটা লাভ কৰাৰ পিছতে এটা আৱেগিক পোষ্ট কৰে অজয়ে ।

অজয় দেৱগণ আৰু সূৰ্যা

অজয়ে তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টত এটা ভিডিঅ' শ্বেয়াৰ কৰি শিৰোনামত লিখিছে, 'জয় বা আশীৰ্বাদৰ কোনো গণনা নাই, কেৱল ইয়াৰ বাবে কৃতজ্ঞ অনুভৱ কৰিছো, আটাইতকৈ গুৰুত্বপূৰ্ণ হ’ল আপোনালোকৰ প্ৰেম, মই এই বিজয় আপোনালোক সকলোৰে সৈতে ভাগ বতৰা কৰিছো, দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৰ পৰা এই বঁটা লাভ কৰি মই সন্মানিত'।

একে সময়তে দক্ষিণৰ তাৰকা সূৰ্যাও বঁটা গ্ৰহণ কৰিবলৈ দিল্লীত উপস্থিত হৈছিল । সুৰ্যাক 'সূৰাৰাই পত্ৰু' বোলছবিখনৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হৈছে । এই উপলক্ষে অজয় দেৱগণ আৰু সূৰ্যাৰ মাজত যথেষ্ট বন্ধুত্ব হোৱা দেখিবলৈ পোৱা গৈছিল । ইনষ্টাগ্ৰাম ষ্ট’ৰীত তেওঁৰ কথা উল্লেখ কৰি অজয় দেৱগণে লিখিছে, 'এইটো এটা ভাল সময় আছিল যেতিয়া মই এজন অতি বিশেষ আৰু শ্ৰেষ্ঠ অভিনেতা বঁটা বিজয়ী সুৰ্যাৰ সৈতে এই বিশেষ মুহূৰ্তটো অতিবাহিত কৰাৰ সুযোগ পাইছিলো, মই তেওঁৰ প্ৰতিভাক বহুত সন্মান কৰোঁ, মই তেওঁৰ ছবিবোৰ বহুত ভাল পাওঁ' ।

অজয়ে শ্বেয়াৰ কৰা ভিডিঅ'টোত তেওঁৰ ছবি 'জখম'ৰ এটা দৃশ্য আছে । ভিডিঅ’টোত অন্তৰ্ভুক্ত আছে 'দ্য লেজেণ্ড অৱ্ ভগত' (2002) আৰু এতিয়া তানহাজী (2020) ৰ কিছু অংশ । অজয় দেৱগণক এই তিনিখন চলচ্চিত্ৰৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হৈছে ।

ৱৰ্ক ফ্ৰণ্টৰ বিষয়ে ক’বলৈ গ’লে অজয় ​​দেৱগণৰ 'দৃশ্যম 2' টিজাৰ শেহতীয়াকৈ মুক্তি পাইছে । চলিত বৰ্ষৰ 18 নৱেম্বৰত মুক্তি পাবলৈ গৈ আছে ছবিখন । ইয়াৰ উপৰিও 24 অক্টোবৰত ছবিগৃহত মুক্তি পাব অজয়ৰ ছবি ‘থেংক গড’ । অজয়ৰ হাতত আন প্ৰজেক্টো আছে ।

লগতে পঢ়ক :Asha Parekh Dadasaheb Phalke Award,দাদা চাহেব ফাল্কে বঁটা গ্ৰহণ কৰি আৱেগিক হৈ পৰিল আশা পাৰেখ

ABOUT THE AUTHOR

...view details