অসম

assam

Kajol DeepFake Video: ৰশ্মিকাৰ পিচত এইবাৰ ডিপফেক ভিডিঅ’ৰ বলি কাজল

By ETV Bharat Assamese Team

Published : Nov 16, 2023, 4:46 PM IST

ৰশ্মিকা মন্দন্নাৰ পিচত এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে বলীউডৰ অভিনেত্ৰী কাজলৰ ভুৱা ভিডিঅ’। এই ভিডিঅ’টোত কাজলে কেমেৰাৰ সন্মুখত কাপোৰ সলাই থকা দেখা গৈছে ।

After Rashmika Mandanna now Kajol's Deepfake video viral on social media
ৰশ্মিকাৰ পিচত ভাইৰেল কাজলৰ ডিপফেক ভিডিঅ’

চিটাৰা ডেস্ক, 16 নৱেম্বৰ:শেহতীয়াকৈ ডিপফেক ভিডিঅ’ৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰিছিল দক্ষিণৰ অভিনেত্ৰী ৰশ্মিকা মন্দন্নাই । ৰশ্মিকাৰ পিচত এইবাৰ ডিপফেক ভিডিঅ’ৰ বলি হৈছে বলীউডৰ অভিনেত্ৰী কাজল । হয়, কাজলৰ এটা অশ্লীল ভিডিঅ’ সম্প্ৰতি ভাইৰেল হৈ পৰিছে, যিটো এতিয়া ছ’চিয়েল মিডিয়াৰ চৰ্চাৰ বিষয় হৈ পৰিছে ।

ৰশ্মিকাৰ পিচত এইবাৰ কাজলৰ DeepFake ভিডিঅ’ ভাইৰেল

ভিডিঅ’টোত অভিনেত্ৰীগৰাকীক ডিপফেক প্ৰযুক্তি ব্যৱহাৰ কৰি অশ্লীল ৰূপত উপস্থাপন কৰা হৈছে । ডিপফেকৰ সহায়ত সম্পাদনা কৰা ভিডিঅ’টোত অভিনেত্ৰীগৰাকীয়ে কাপোৰ সলনি কৰি থকা দেখা গৈছে । কাজলৰ এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । এই ভিডিঅ’টোক লৈ অভিনেত্ৰীগৰাকীৰ অনুৰাগীসকলে অসন্তুষ্টি প্ৰকাশ কৰিছে । এই ভিডিঅ’টো শ্বেয়াৰ কৰি লিখা হৈছিল, ‘‘কাজল দেৱগন কেমেৰাত কাপোৰ সলনি কৰি থকা অৱস্থাত ধৰা পৰে ।’’

অভিনেত্ৰীগৰাকীয়ে কাপোৰ সলনি কৰা অশ্লীল ছবি ভাইৰেল হৈ পৰিছে

ভিডিঅ’টোত কাজলে কেমেৰাৰ সন্মুখত কাপোৰ সলনি কৰি থকা দেখা গৈছে । কিন্তু কাজলৰ দৰে দেখাত হুবহু এইগৰাকী কাজল নহয় ৷ কেৱল এ আইৰ দ্বাৰা যুৱতীগৰাকীৰ শৰীৰত কাজলৰ মুখখনহে লগোৱা হৈছে ৷ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এই যুৱতীগৰাকী এগৰাকী ছ’চিয়েল মিডিয়াৰ ইনফ্লুঞ্চাৰ । তেওঁৰ এই ভিডিঅ’টো টিক-টকত শ্বেয়াৰ কৰিছিল, যিটো যথেষ্ট ভাইৰেল হৈ পৰিছিল । উল্লেখ্য যে জুন মাহত তেওঁ এই ভিডিঅ’টো শ্বেয়াৰ কৰিছিল । এই ভিডিঅ’টো ভালদৰে চালে মুখখন বহুবাৰ সলনি হোৱা দেখা পাব ।

ৰশ্মিকাৰ গোচৰত ব্যৱস্থা গ্ৰহণ আৰক্ষীৰ

উল্লেখ্য যে, ৰশ্মিকাৰ গোচৰত দিল্লী আৰক্ষীয়ে 10 নৱেম্বৰত ইয়াৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰিছিল । ইয়াৰ পিচতে আৰক্ষীয়ে 15 নৱেম্বৰত অভিযুক্তক বিচাৰি পায় । হয়, দিল্লী আৰক্ষীৰ আই এফ এছ অ’ ইউনিটে বিহাৰৰ এজন ১৯ বছৰীয়া যুৱকক আটক কৰি জেৰা চলাইছে ।

লগতে পঢ়ক:Rashmika Mandanna Deepfake Video: ৰশ্মিকা মন্দান্নাৰ ডিপফেক ভিডিঅ’ সন্দৰ্ভত দিল্লী আৰক্ষীৰ ব্যৱস্থা গ্ৰহণ, এফআইআৰ ৰুজু

ABOUT THE AUTHOR

...view details