অসম

assam

Actor Fahad Mustafa latest news:গোবিন্দাৰ ভৰি চুই পাকিস্তানী দৰ্শকৰ ৰোষত পৰিল ফহাদ মুস্তফা

By

Published : Nov 23, 2022, 11:12 AM IST

Govinda
গোবিন্দাৰ ভৰি চুই পাকিস্তানী দৰ্শকৰ ৰোষত পৰিল ফহাদ মুস্তফা ()

ডুবাইৰ এৱাৰ্ড শ্ব’ৰ পৰা পাকিস্তানী অভিনেতা ফহাদ মুস্তফাৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত খুব ভাইৰেল হৈ পৰিছে ৷ ভিডিঅ’টোত ফহাদে বলীউড অভিনেতা গোবিন্দাৰ ভৰি চুই থকা দেখিবলৈ পোৱা গৈছে (Actor Fahad Mustafa trolled) ৷ লগতে গোবিন্দায়ো ফহাদক আঁকোৱালি ধৰি আশীৰ্বাদ দিয়া দেখা গৈছে ৷ ইয়াকে লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে একাংশ পাকিস্তানী দৰ্শকে ৷

চিটাৰা ডেস্ক, 23 নৱেম্বৰ : কেতিয়াও যেন শেষ নহ’ব এই হিন্দুস্তান-পাকিস্তান বিতৰ্ক ৷ প্ৰতিটো ক্ষেত্ৰতেই দুয়োখন দেশৰে কিছুমান লোকে সুবিধা পালেই বিতৰ্কিত মন্তব্য কৰি পৰিৱেশ বিনষ্ট কৰে ৷ খেলৰ পৰা আৰম্ভ কৰি সাংস্কৃতিক তথা মনোৰঞ্জন জগতৰ সৈতে জড়িত থকা লোকসকলে যিমান পাৰি সিমান যোগাত্মক বাতাবৰণ সৃষ্টি কৰি আহিছে বা কৰিবলৈ চেষ্টা সদায় অব্যাহত ৰাখিছে যদিও দেশ দুখনৰ একাংশ নাগৰিকৰ ব্যৱহাৰে সদায় দুখিতঃ কৰে সকলোকে ৷

অলপতে ডুবাইত অনুষ্ঠিত হৈ যায় ফিল্মফেয়াৰৰ মিডল ইষ্ট এচিভাৰ্ছ এৱাৰ্ড ৷ উক্ত এৱাৰ্ড অনুষ্ঠানতে ভাৰত আৰু পাকিস্তানৰ ছবিজগতৰ তাৰকাসকল একেলগ হয় ৷ বিভিন্ন জনে বিভিন্ন বঁটা লাভ কৰি নিজ নিজ দেশলৈ সুনাম কঢ়িয়াই আনে ৷ বঁটা প্ৰদান অনুষ্ঠানত পাকিস্তানী অভিনেতা ফহাদ মুস্তাফাই মঞ্চত বঁটা গ্ৰহণ কৰি বলীউডৰ জনপ্ৰিয় অভিনেতা গোবিন্দাৰ প্ৰশংসা কৰি নিজৰ মনত থকা শ্ৰদ্ধা ব্যক্ত কৰে ৷

ফহাদে নিজৰ ভাষণত গোবিন্দাক বহু প্ৰশংসা কৰে ৷ তেওঁ কয় যে তেওঁ গোবিন্দাৰ বহুত ডাঙৰ অনুৰাগী ৷ গোবিন্দাৰ পৰাই অনুপ্ৰাণিত হৈ তেওঁ অভিনয় কৰিবলৈ মন মেলে বুলিও উল্লেখ কৰে ৷ নিজৰ ভাষণত গোবিন্দাক এইদৰে প্ৰশংসা কৰাৰ বাবে অসন্তুষ্টি প্ৰকাশ কৰিছে পাকিস্তানৰ দৰ্শকে ৷ ফহাদৰ ছ’চিয়েল মিডিয়া হেণ্ডেল নেতিবাচক মন্তব্যৰে ভৰি পৰিছে ৷

মঞ্চৰ পৰা নামি আহি ফহাদে গোবিন্দাৰ ওচৰলৈ গৈ তেওঁৰ ভৰি চুই আশীৰ্বাদ লয় (Fahad Mustafa trolled for touching Govinda‘s feet) ৷ গোবিন্দায়ো ফহাদক আঁকোৱালি ধৰি তেওঁক সাদৰে সম্ভাষণ জনাই ৷ ওচৰতে বহি থকা ৰণবীৰ সিঙকো ফহাদে মাত লগাওঁতে ৰণবীৰে ফহাদক আলিংগন কৰে ৷ এই ভিডিঅ’টো এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৷ ভাইৰেল হৈ পৰাৰ পিছেতই পাকিস্তানৰ এচাম দৰ্শকে ক্ষোভ উজাৰিছে ফহাদ মুস্তাফাৰ ওপৰত ৷

ইয়াৰ বিৰোধিতা কৰা সকলে কৈছে ই সম্পূৰ্ণ ইছলাম পৰিপন্থী কৰ্ম ৷ এজন মুছলিম হৈ এনেদৰে কাৰোবাৰ সন্মুখত মূৰ তল কৰাটো ইছলামে শিকোৱা নাই ৷ ছ’চিয়েল মিডিয়াত ফহাদক কৰা হৈছে বেয়াকৈ ট্ৰ’ল ৷ এজন ইউজাৰে আনকি লিখিছে, ‘নিজৰ ধৰ্ম এৰি তেওঁলোকৰ ধৰ্ম আঁকোৱালি লওক’, আপোনালোক মুছলমান বুলি কোৱাৰ যোগ্য নহয়’ ৷ অন্য দুজন ইউজাৰে ফহাদ প্ৰকৃতাৰ্থত মুছলমান হয়নে নহয় বুলিও প্ৰশ্ন উত্থাপন কৰিছে ৷

লগতে পঢ়ক :Manushi Chhillar Nikhil Kamath: কোন এই নিখিল কামাথ যিয়ে লুটিলে মানুষী চিল্লাৰৰ হৃদয় !

ABOUT THE AUTHOR

...view details