Manushi Chhillar Nikhil Kamath: কোন এই নিখিল কামাথ যিয়ে লুটিলে মানুষী চিল্লাৰৰ হৃদয় !

author img

By

Published : Nov 22, 2022, 6:04 PM IST

Manushi Chhillar

এগৰাকী ব্যৱসায়ী নিখিল কামাথৰ সৈতে নিশাৰ ভিতৰতে লাইমলাইটলৈ আহিল মিছ ৱৰ্ল্ড 2017 মানুষী চিল্লাৰ । কি চলিছে নিখিল আৰু মানুষীৰ মাজত জানো আহকচোন-

চিটাৰা ডেস্ক, 22 নৱেম্বৰ : ৰাতিটোৰ ভিতৰতে খুব চৰ্চিত হৈছে দুটা নাম মানুষী চিল্লাৰ আৰু নিখিল কামাথ । প্ৰেমত পৰিল 2017 চনৰ মিছ ৱৰ্ল্ড মানুষী চিল্লাৰ । ‘পৃথ্বীৰাজ’ ছবিত অক্ষয় কুমাৰৰ সৈতে অভিনয় কৰি বলীউডত অভিষেক ঘটোৱা অভিনেত্ৰী মানুষীয়ে এজন ব্যৱসায়ী নিখিল কামাথৰ সৈতে শিৰোনাম দখল কৰিছে ।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এতিয়াৰ পৰা নহয় 2021 চনৰ পৰাই মানুষী আৰু নিখিলে ইজনে সিজনক ডেট কৰি আছে । দুয়ো এই সম্পৰ্কটোক লৈ যথেষ্ট গম্ভীৰ বুলি জানিব পৰা গৈছে । কেৱল এয়াই নহয়, খবৰ অনুসৰি দুয়ো লিভ ইন ৰিলেচনশ্বিপত আছে । দুয়ো একেলগে ফুৰিবলৈ যোৱাও বহুতে প্ৰত্যক্ষ কৰিছে (Manushi Chhillar Nikhil Kamath) । এতিয়া নিজৰ চলচ্চিত্ৰ কেৰিয়াৰত মনোনিৱেশ কৰিছে বাবে মানুষীয়ে এই বিষয়ে কেতিয়াও আলোচনা কৰা নাই ।

নিখিল কামাথৰ বিষয়ে জানি লওক

35 বছৰীয়া নিখিল কামাথ এজন ব্যৱসায়ী আৰু তেওঁৰ বিবাহ বিচ্ছেদ হৈছে । তেওঁ বেংগালুৰুস্থিত ভাৰতৰ সৰ্ববৃহৎ ব্ৰোকাৰেজ কোম্পানী জিৰোধাৰ প্ৰতিষ্ঠাপক । আজিৰ সময়ত এই কোম্পানীটোৰ বজাৰ মূল্য 15,612 কোটি টকা । নিখিলে ভাতৃ নীতিন কামাথৰ সৈতে নিজৰ ধনেৰে এই কোম্পানীটো স্থাপন কৰিছিল । নিখিলৰ প্ৰথম বিবাহ ইটালীৰ ফ্লৰেন্সত 2019 চনৰ 18 এপ্ৰিলত হৈছিল । নিকট আত্মীয় আৰু কিছু ঘনিষ্ঠ লোক এই বিয়ালৈ আহিছিল, কিন্তু নিখিলৰ প্ৰথম বিবাহ বেছি দিন স্থায়ী নহ'ল আৰু 2021 চনত দম্পতীহালৰ বিবাহ বিচ্ছেদ হয় ।

মানুষীৰ বলীউড কেৰিয়াৰ

2017 চনত মিছ ৱৰ্ল্ড খিতাপ জয় কৰাৰ পিছত মানুষীয়ে যশ ৰাজ বেনাৰৰ ছবি 'পৃথ্বীৰাজ' লাভ কৰে । এই ছবিখনত, তেওঁক অক্ষয় কুমাৰৰ বিপৰীতে দেখা গৈছিল । ছবিখনে বক্স অফিচত বেয়াকৈ মুখ থেকেচা খাই আৰু মুক্তিৰ এসপ্তাহৰ ভিতৰতে বন্ধ হৈ পৰে । 2023 চনত মানুষীক 'দ্য গ্ৰেট ইণ্ডিয়ান ফেমিলি' বোলছবি আৰু জন আব্ৰাহামৰ সৈতে 'তাহৰণ' বোলছবিত দেখা যাব ।

লগতে পঢ়ক : Samantha Ruth Prabhu Naga Chaitanya:পুনৰ এক হোৱাৰ দিশে সামান্থা-নাগা !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.