অসম

assam

কলিয়াবৰৰত 20 লক্ষাধিক টকাসহ তিনিজনক আটক

By

Published : Jun 12, 2021, 10:51 PM IST

কলিয়াবৰৰ মিছাত এখন বিলাসী বাহনৰ পৰা 20 লক্ষাধিক টকা জব্দ কৰে আৰক্ষীয়ে ৷ ঘটনাটোৰ সন্দৰ্ভত ইতিমধ্যে তিনিজন লোকক আটক কৰিছে আৰক্ষীয়ে ৷

Three arrested in Koliabar with over Rs 20 lakh
কলিয়াবৰত 20লক্ষাধিক টকাসহ তিনিজনক আটক

কলিয়াবৰ,12জুন :নগাঁও জিলাৰ কলিয়াবৰৰ মিছাত শনিবাৰে আৰক্ষীয়ে চলোৱা তালাচীৰ সময়ত এখন AS 03 AA 0244 নম্বৰৰ বলেৰ' বাহনৰ পৰা বিশ লক্ষাধিক টকা জব্দ কৰে আৰক্ষীয়ে ৷ উক্ত ঘটনাটোৰ সন্দৰ্ভত বলেৰ বাহন খনত অহা তিনিজন আৰোহীক আটক কৰে আৰক্ষীয়ে ৷

বলেৰ' বাহনখনত থকা তিনিজন আৰোহীৰ প্ৰাৰম্ভিক ভাষ্য অনুসৰি হোজাইত আগৰ বিক্ৰী কৰি পোৱা ধন বুলি আৰক্ষীৰ আগত সদৰি কৰিছে । বাহন খনৰ পৰা জব্দকৃত ধন খিনিৰ পৰিমান সৰ্বমুঠ ২১ লাখ ৩৭ হাজাৰ ৮০০ টকা । কিন্তু ধৃত আৰোহী কেইজনে জব্দকৃত ধনখিনিৰ সন্দৰ্ভত কোনোধৰণৰ বৈধ নথিপত্ৰ দেখুৱাব নোৱাৰাত টকাখিনি জব্দ কৰাৰ লগতে সোধা-পোছাৰ কাৰণে আটক কৰিছে বুলি আৰক্ষীয়ে সাংবাদিকৰ আগত মন্তব্য কৰে ৷

কলিয়াবৰত 20 লক্ষাধিক টকাসহ তিনিজনক আটক

ধৃত লোক কেইজন গোলাঘাট জিলাৰ নাহৰণিৰ মিণ্টু আলি আৰু আমিৰুদ্দিন আৰু ডবকাৰ দক্ষিণ বেলুৱা আটিৰ শেইখ জিল আলম বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে। এতিয়া ধনৰাশিৰ প্ৰকৃত উৎস কি, সেইয়া আৰক্ষীৰ তদন্তৰ অন্ততহে জানিব পৰা যাব।

আনহাতে, মঙলবাৰে কলিয়াবৰৰ হাতীবন্ধাস্থিত ভাৰতীয় ষ্টেট বেংক (SBI)ৰ গ্ৰাহক সেৱা কেন্দ্ৰ পৰা হেমন্ত তিমচিনা নামৰ এগৰাকী কৰ্মচাৰীয়ে এক লাখ আঠচল্লিশ হাজাৰ টকা উলিয়াই আনিছিল ষ্টেট বেংক কলিয়াবৰ শাখাৰ পৰা । সেই সময়তে বাইকত অহা দুই দুৰ্বৃত্তই ৰিভলভাৰ দেখুৱাই ৩৭ নং ৰাষ্ট্ৰীয় পথৰ ওপৰৰ পৰাই টকাৰ বেগ কাঢ়ি উধাও হয় ।

উল্লেখ‍্য যে, ঘটনাটো চুলুং টহলদাৰী আৰক্ষী চকুৰৰ পৰা মাত্ৰ ২০০ মিটাৰ দূৰত্বতে সংঘটিত হয় । শেহতীয়াকৈ জানিব পৰামতে, আৰক্ষীয়ে ইতিমধ‍্যে অভিযান চলায় ৩ নং বৰঘুলীৰ পৰা সোধা-পোছাৰ বাবে ৰছিদুল হক নামৰ এজন লোকক আটক কৰে ।

লগতে পঢ়ক-নাৰেংগীত লাইনচ্যুত মালবাহী ৰে'ল: যোগাযোগ ব্যাহত

ABOUT THE AUTHOR

...view details