অসম

assam

ডিগবৈত ড্ৰাগছসহ যুৱকক আটক

By

Published : Jun 12, 2021, 7:24 PM IST

Updated : Jun 12, 2021, 8:09 PM IST

ডিগবৈত নিষিদ্ধ নিচাযুক্ত দ্ৰব্যসহ এজন যুৱকক আটক কৰে আৰক্ষীয়ে ৷ ধৃত যুৱকজনৰ পৰা প্ৰায় ৬৪০ মিলিগ্ৰাম হেৰ'ইন জব্দ কৰে আৰক্ষীয়ে ৷

drugs with One youth arrested by police in Digboi
ডিগবৈত ড্ৰাগছসহ এজন যুৱক আটক

ডিগবৈ, 12 জুন: সমগ্ৰ ৰাজ্যখনতেই অসম আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান তীব্ৰতৰ কৰি তুলিছে ৷ তেনে সময়তে শনিবাৰে তিনিচুকীয়া জিলাৰ ডিগবৈ আৰক্ষী থানাৰ উপ পৰিদৰ্শক নিপ জ্যোতি নাথৰ নেতৃত্বত চলা এক ড্ৰাগছ বিৰোধী অভিযানত ডিগবৈ ৰে'লৱে ষ্টেচনৰ সমীপত ড্ৰাগছ বিক্ৰী কৰিবলৈ আহোতেই এজন যুৱকক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ৷

ত যুৱকজনৰ পৰা প্ৰায় ৬৪০ মিলিগ্ৰাম হেৰ'ইন জব্দ

আটকাধীন যুৱকজন ডিগবৈ বালিজানৰ নিবাসী স্বৰ্গীয় বিপুল দাসৰ পুত্ৰ পল্লৱ দাস বুলি জানিব পৰা গৈছে ৷ আটকাধীন যুৱক পল্লৱ দাসে বহু দিনৰ পৰাই নিচাযুক্ত সামগ্ৰী সেৱন কৰাৰ লগতে নিচাযুক্ত সামগ্ৰী সৰবৰাহত জড়িত থকা বুলি অভিযোগ উত্থাপিত হৈ আহিছে ৷ আৰক্ষীয়ে আটক কৰাৰ সময়ত পল্লৱ দাসৰ পৰা প্ৰায় ৬৪০ মিলিগ্ৰাম হেৰ'ইন জব্দ কৰিবলৈ সক্ষম হয় ৷ উক্ত ঘটনাটোৰ বিৰুদ্ধে ধৃত পল্লৱ দাসক জেৰা কৰাৰ লগতে অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক-যৌতুকৰ বাবে নিৰ্যাতনৰ বলি দুটি সন্তানৰ মাতৃ

Last Updated : Jun 12, 2021, 8:09 PM IST

ABOUT THE AUTHOR

...view details