অসম

assam

ৰৌতাত বৃহৎ পৰিমানৰ গাঞ্জাসহ এজন সৰবৰাহকাৰীক আটক

By

Published : Aug 1, 2021, 1:30 PM IST

Ganja With One Paddler Arrested By Police At Rowta
ৰৌতাত বৃহৎ পৰিমানৰ গাঞ্জাসহ এজন সৰবৰাহকাৰীক আটক

শনিবাৰে ৰৌতাত এখন বিলাসী বাহনৰ পৰা বৃহৎপৰিমানৰ গাঞ্জা জব্দ কৰাৰ লগতে এজন সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে ৷ ধৃত সৰবৰাহকাৰীটোৰ নাম ৰুস্তোম আলী ৷

ওদালগুৰি, ১ আগষ্ট :ৰাজ্যৰ বিভিন্ন জিলাৰ সমান্তৰালকৈ ওদালগুৰি জিলাতো (Udalguri District) ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰী সৰবৰাহৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ শনিবাৰেও নিষিদ্ধ গাঞ্জাৰ বিৰুদ্ধে ৰৌতা আৰক্ষীয়ে এটা অভিযান চলায় ৷ অভিযানত পুনৰ গাঞ্জাসহ এজন সৰবৰাহকাৰীক আটক (Arrest) কৰে ৰৌতা আৰক্ষীয়ে (Rowta Police) ।

উল্লেখ্য যে, এক গোপন খবৰৰ ভিত্তিত ৰৌতা আৰক্ষীৰ এটা দলে অভিযান চলাই ১৫ কিলোগ্ৰাম গাঞ্জা সহ ৰুস্তম আলী নামৰ এজন যুৱকক আটক কৰিবলৈ সক্ষম হয় । শনিবাৰে নিশা As-13K-5881 নম্বৰৰ মাৰুতি গাড়ীৰে ৰৌতা ৰে'ল ষ্টেচনৰ দিশৰ পৰা মঙলদৈ অভিমুখে গৈ থকা বুলি আৰক্ষীয়ে খবৰ লাভ কৰিছিল ৷ উক্ত খবৰটো লাভ কৰাৰ পাছতো ৰৌতাত অভিযান চলাই আৰক্ষীয়ে ৷

আৰক্ষীৰ অভিযানত বিলাসী বাহনখনত গৈ থকা অৱস্থাত ৰৌতাৰ মাজমজিয়াতে আৰক্ষীয়ে জব্দ কৰে বাহনখন ৷ আৰক্ষীৰ তালাচীত বিলাসী বাহনখনৰ পৰা বৃহৎপৰিমানৰ গাঞ্জা জব্দ কৰে আৰক্ষীয়ে ৷ লগতে গাঞ্জা সৰবৰাহকাৰীজনকো আৰক্ষীয়ে আটক কৰে ।

লগতে পঢ়ক - ফলাফলক লৈ চৰাইদেউ ৰহন উচ্চ মাধ্যমিক বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি

আটকাধীন যুৱকজনৰ ঘৰ দৰং জিলা (Darrang District)ৰ ধুলাৰ বুলি আৰক্ষীৰ সূত্ৰই জানিবলৈ দিছে । আৰক্ষীয়ে NDPS আইনৰ অধীনত 170/21 U/S 20(b)(ii)(B) নম্বৰৰ এক গোচৰ পঞ্জীয়ণ কৰিছে ৷ অধিক তথ্যৰ বাবে সৰবৰাহকাৰীজনক জেৰা অব্যাহত ৰাখিছে । অৱশ্যে আৰক্ষীৰ তদন্তৰ অন্ততহে ওলাই পৰিব ঘটনাটোৰ প্ৰকৃত ৰহস্য ৷

ইফালে ক'ভিডে সৃষ্টি কৰা ভয়ংকৰ পৰিৱেশৰ মাজতো অব্যাহত আছে নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ ৷ অৱশ্যে ৰাজ্যৰ প্ৰতিখন জিলাতে ড্ৰাগছ (Drugs) তথা বিভিন্ন নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ৷ আৰক্ষীৰ অভিযানত কোটি-কোটি টকাৰ ড্ৰাগছ জব্দ কৰাৰ লগতে আটক কৰিছে বহু কেইজন ড্ৰাগছ মাফিয়া ৷ অকল সেয়াই নহয় অবৈধ চুলাই মদৰ সৰবৰাহৰ বিৰুদ্ধেও আৰক্ষী সস্তম হৈ পৰিছে ৷

ইতিমধ্যে বিভিন্ন জিলাত বহু অবৈধ চুলাই ঘাটি উচ্চেদ কৰাৰ লগতে আটক কৰিছে বহুকেইজন অবৈধ চুলাই সৰবৰাহকাৰীক ৷ ইয়াৰ বিৰুদ্ধে এতিয়াও আৰক্ষীয়ে অব্যাহত ৰাখিছে তীব্ৰৰ পৰা তীব্ৰতৰ অভিযান ৷

লগতে পঢ়ক - উজনিত সক্ৰিয় হৈছে বৃহৎ গাড়ী চুৰি চক্ৰ

ABOUT THE AUTHOR

...view details