অসম

assam

ডিব্ৰুগড়ত আবকাৰী বিভাগৰ অভিযান

By

Published : May 30, 2020, 10:46 AM IST

ডিব্ৰুগড়ত অবৈধ সুৰা বিক্ৰী কৰা চক্ৰ সম্পূৰ্ণ ৰূপে উৎখাত কৰাত চূড়ান্ত ব্যৰ্থ আবকাৰী বিভাগ । পুনৰ অবৈধ সুৰা বিক্ৰী কৰাৰ বিৰুদ্ধে অভিযান বিভাগটোৰ ।

Excise department's operation against illegal wine in Dibrugarh
Excise department's operation against illegal wine in Dibrugarh

ডিব্ৰুগড়, 30 মে': কোভিড-19 আতংকৰ মাজতেই ডিব্ৰুগড়ত অব্যাহত আছে অবৈধ সুৰাৰ ৰমৰমীয়া বেহা । জিলাখনত অবৈধ সুৰাৰ বেহা সম্পূৰ্ণ ৰূপে উৎখাত কৰাত চূড়ান্তভাৱে ব্যৰ্থ আবকাৰী বিভাগ তথা জিলা প্ৰশাসন ।

বৃহৎ পৰিমাণৰ চুলাই নষ্ট আৰক্ষীৰ

পৰিতাপৰ কথা এই যে, বিভাগটোৱে জিলাখনত দৈনিক বহু অবৈধ সুৰা বিক্ৰী চক্ৰ উৎখাত কৰি আহিছে যদিও বৰ্তমানেও জিলাখনত সম্পূৰ্ণ ৰূপে বন্ধ কৰিব পৰা নাই এই অবৈধ ব্যৱসায় ।

ডিব্ৰুগড়ত আবকাৰী বিভাগৰ অভিযান

শুকুৰবাৰে ডিব্ৰুগড় সদৰ আবকাৰী চক্ৰৰ অধীনত মাইজান চাহ বাগানৰ পথাৰতলি লাইন, পল্টন বজাৰ, গ্ৰেহেম বজাৰ, চানমাৰীঘাট আদি এলেকাত পুনৰ অভিযান চলাই প্ৰায় 300 লিটাৰ চুলাই প্ৰস্তুত কৰা ব্যৱহৃত সামগ্ৰী, 30 লিটাৰ চুলাই মদ, 20 কিলোগ্ৰাম পাচোৱাই জব্দ কৰাৰ লগতে সেই সমূহ নষ্ট কৰিবলৈ সক্ষম হয় আবকাৰী বিভাগটোৰ এটা দলে ।

ABOUT THE AUTHOR

...view details